আবকাৰী অধীক্ষকক সুৰা গলাধঃকৰণ কৰায়ো ৰক্ষা নপৰিল অপু’চ ৰেষ্টুৰেণ্ট

 বিতৰ্কিত ৰেষ্টুৰেণ্টসহ ১৪ অবৈধ নিৰ্মাণ উচ্ছেদ তিনিচুকীয়া প্ৰশাসনৰ

0 17

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ জুন : যোৱা ২ জুনৰ পৰা বিতৰ্কৰ মাজত সোমাই থকা তিনিচুকীয়াৰ মাকুম পথৰ অপু’চ নামৰ ৰেষ্টুৰেণ্ট তথা ধাবাত আজি চলিল জিলা প্ৰশাসনৰ বুলডজাৰ । তিনিচুকীয়াৰ পৰা মাকুম অভিমুখী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সংৰক্ষিত ভূমি বেদখল কৰি থকা অপু’চসহ ১৪ অবৈধ নিৰ্মাণ উচ্ছেদৰ বাবে উপায়ুক্তই নিৰ্দেশ দিয়াৰ পাছত শুক্ৰবাৰে তিনিচুকীয়াৰ চক্ৰ বিষয়াই আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা পত্ৰত আজি চলাবলগীয়া উচ্ছেদৰ সময়ত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰয়োজনীয় নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল ।IMG 20220611 WA0047 ইয়াৰ পাছত আজি পুৱাই জেচিবি, এস্কেভেটৰ লৈ আৰক্ষী আৰু চিআৰপিএফ বাহিনীসহ সদলবলে প্ৰথমে অপু’চ ৰেষ্টুৰেণ্ট তথা ধাবাত উপস্থিত হয় প্ৰশাসনৰ লোক । ৰেষ্টুৰেণ্টৰ ভিতৰত থকা আচবাব আদি লৈ যাবলৈ যথেষ্ট সময় দিয়াৰ পাছত আৰম্ভ হয় উচ্ছেদ অভিযান । প্ৰশাসনৰ বুলডজাৰৰ আঘাতত কম সময়ৰ ভিতৰতে চুৰমাৰ হৈ ঢলি পৰে অপু’চ নামৰ ৰেষ্টুৰেণ্টৰ সুদৃশ্য বিল্ডিং । উল্লেখ্য যে তিনিচুকীয়াৰ এজন অতিৰিক্ত উপায়ুক্ত আৰু আবকাৰী অধীক্ষকৰ উপস্থিতিত যোৱা ২ জুনত চলা এক অভিযানৰ পাছতে চৰ্চালৈ আহিছিল অপু’চ ৰেষ্টুৰেন্ট । উক্ত অভিযানত আবকাৰী আৰু যোগান বিভাগে ৰেষ্টুৰেণ্টখনৰ পৰা জব্দ কৰিছিল বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰু বহুকেইটা ঘৰুৱাভাৱে ব্যৱহৃত ৰন্ধন গেছৰ চিলিণ্ডাৰ । ইয়াৰ পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰিছিল ৰেষ্টুৰেণ্টখনৰ কেইটামান চি চি টি ভিৰ ফুটেজ । উক্ত চি চি টি ভিৰ ফুটেজত দেখা গৈছিল অভিযানকাৰী অতিৰিক্ত উপায়ুক্ত আৰু আবকাৰী অধীক্ষক ৰেষ্টুৰেণ্টৰ ভিতৰত বহি থকাৰ সময়ত এজন ব্যক্তিয়ে তেওঁলোকক গিলাচত সুৰা পৰিবেশন কৰা। এই ফুটেজ ভাইৰেল হৈ পৰাৰ পাছত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত ঘটে। তিনিচুকীয়া জিলা প্ৰশাসনে স্পষ্টীকৰণ দি কয় যে জিলা উন্নয়ন সমিতিৰ (ডি ডি চি) বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অভিযোগৰ ভিত্তিত ৰেষ্টুৰেণ্টখনত এক ’পৰিকল্পিত’ অভিযান চলোৱা হৈছিল । বিভাগীয় অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধভাৱে বিলাতী সুৰাৰ বাৰ খুলি মেন্যুকাৰ্ড ছপাই মদৰ বেহা চলাই অহা ৰেষ্টুৰেণ্টখনক হাতেলোটে ধৰা পেলোৱাৰ বাবে অভিযানকাৰী বিষয়াই এবটল বীয়েৰৰ অৰ্ডাৰ দিয়া বুলি কোৱা হয় । এইখিনিলৈকে সকলো ঠিকেই আছিল । কিন্তু চি চি টি ভিৰ ফুটেজত বন্দী হোৱা আবকাৰী অধীক্ষকে কোৎকোৎকৈ গিলাচৰ পৰা সুৰা গলাধঃকৰণ কৰাৰ দৃশ্যই প্ৰশাসনৰ স্পষ্টীকৰণৰ পাছতো ৰাইজক সন্দিহান কৰি তোলাৰ লগতে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে। অৱশ্যে বিগত কেইটামান দিনতে আবকাৰী বিভাগে জিলাখনৰ একাধিক প্ৰান্তৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাইপাছৰ কাষৰ ধাবা, ৰেষ্টুৰেণ্ট আদিত অভিযান চলাই শ শ লিটাৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে । ইফালে অপু’চ কেন্দ্ৰিক বিতৰ্কৰ মাজতে প্ৰশাসনে জাৰী কৰা নিৰ্দেশৰ ভিত্তিত তিনিচুকীয়াৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ে চলোৱা জৰীপত মাকুম অভিমুখী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সংৰক্ষিত ভূমি বেদখল কৰি অপু’চসহ ১৪ অবৈধ নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছত উপায়ুক্ত নৰসিং পৱাৰে এইসমূহ উচ্ছেদৰ বাবে নিৰ্দেশ দিয়ে । এই অবৈধ নিৰ্মাণসমূহৰ ভিতৰত আছে পকা আৰু কেচাকৈ বনোৱা হাৰ্ডৱেৰ দোকান, হোটেল, গেলামালৰ দোকান, মাংসৰ দোকান, দৰ্জী দোকান, গেৰেজ, পান দোকান ইত্যাদি । সমগ্ৰ তিনিচুকীয়া চহৰ এফালৰ পৰা অবৈধ নিৰ্মাণে গ্ৰাস কৰি অহাৰ পাছতো তিনিচুকীয়া জিলা প্ৰশাসনে মুকবধিৰৰ ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে আজি প্ৰশাসনে নিজৰ শক্তি প্ৰদৰ্শন কৰি ১৪ অবৈধ নিৰ্মাণ উচ্ছেদ কৰে । প্ৰশাসনৰ এই পদক্ষেপত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মুকলিকৈ বছৰৰ পাছত বছৰ ধৰি এনে অবৈধ নিৰ্মাণকাৰ্য্য কিদৰে সম্ভৱ হৈছিল আৰু তেওঁলোকে বিদ্যুত সংযোগৰ দৰে সা-সুবিধা কিদৰে লাভ কৰিবলৈ সক্ষম হৈছিল আদি বহু প্ৰশ্নই ৰাইজৰ মনত এতিয়াও দোলা দি আছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More