শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ জেহাদীৰ ৰক্ষকৰ ৰূপত অৱতীৰ্ণ হৈছে আমছু৷ ৰাজ্যত জেহাদীৰ কাৰ্যকলাপ ৰোধৰ বাবে আৰক্ষীয়ে অভিযান চলাই অহাৰ সময়ত আমছুৰ লগতে একাংশ বুদ্ধিজীৱীয়ে হেঙাৰ হৈ থিয় দিছে৷- এই মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলেন বৈশ্যৰ৷ এক বিবৃতিত সভাপতি বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে জেহাদীয়ে অসমত ৯০ দশকৰ পৰাই খোপনি পুতিছিল আৰু এই ক্ষেত্ৰত একাংশ মাদ্ৰাছাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছিল৷ মাদ্ৰাছা সমূহত শিশু সকলক প্ৰকৃত মানুহ কৰাৰ বিপৰীতে দুধৰ্ষ জেহাদীহে কৰি তোলা হয় বুলি সংগঠনটোহে গুৰুতৰ অভিযোগ তোলে৷ মাদ্ৰাছা সমূহৰ বিৰুদ্ধে ২০১৪ চনতে সংগঠনটোৱে তেতিয়াৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত কৰি অভিযোগ পত্ৰ দাখিল কৰিছিল বুলি কয়৷ আজি অসমত জেহাদীয়ে গিজগিজাই ফুৰাৰ লগতে হিমন্ত চৰকাৰখনে এই মাদ্ৰাছাসমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত সবল স্থিতি গ্ৰহণ কৰাৰ সময়তে আমছুকে ধৰি কেবাজনো সংখ্যালঘু জনপ্ৰতিনিধিয়ে এই মাদ্ৰাছা সমূহক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে বুলি সংগঠনটোৱে কয়৷ এতিয়া এনে মাদ্ৰাছা ৰক্ষাকাৰী তথা জেহাদীৰ সমৰ্থনত ওলাই অহাতো দুৰ্ভাগ্যজনক বুলি নেতাদ্বয়ে উল্লেখ কৰে৷ ৰাজ্যত অন্তিমখন মাদ্ৰাছা থকালৈকে জেহাদী ওলাই থাকিব বুলি হিন্দু যুৱ ছাত্ৰ পৰিষদে দাবী কৰে৷ মাদ্ৰাছা বন্ধ কৰি জেহাদী ৰক্ষণাবেক্ষণ দিব খোজা আমছুৰ দৰে সংগঠনক কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে ইয়াৰ অন্যথা অসমৰ ভৱিষ্যৎ অন্ধকাৰ হ’ব বুলি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি-সম্পাদকদ্বয়ে ক্ষোভ প্ৰকাশ কৰে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
পূৰ্বৱৰ্তী লেখা
বনকৰ্মীক মাৰপিট কৰা বন বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ডুমডুমাৰ ডি এফ অ’ কাৰ্য্যালয় : গোচৰ ৰুজু
পৰৱৰ্তী লেখা