আমাক শিক্ষকৰ মৰ্যাদা দিয়ক- ধেমাজিত টিউটৰ শিক্ষকৰ বিশাল গণ অৱস্থান

0 54

ধেমাজিত চাৰিখন জিলাৰ সহস্ৰাধিক টিউটৰ-কৰ্মচাৰীৰ এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়। প্ৰতিবাদীসকলে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে  বিভিন্ন শ্লোগান দিয়াৰ লগতে টিউটৰ সকলক শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবী জনায়। চাৰি জিলাৰ সহস্ৰাধিক টিউটৰ-কৰ্মচাৰীৰ ঐক্যবদ্ধ যুঁজ-গণ অৱস্থানৰে সকীয়ালে চৰকাৰক

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১২ ডিচেম্বৰ : ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টি ধেমাজিত আজি এক বিশাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাদেশীকৃত শিক্ষক (টিউটৰ) কৰ্মচাৰী যৌথ মঞ্চৰ ধেমাজি, লখিমপুৰ, মাজুলী আৰু বিশ্বনাথ জিলা সমিতিয়ে ৷ আজি দুপৰীয়া ১২ বজাত ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে ন্যায্য প্রাপ্তিৰ দাবীত টিউটৰ শিক্ষক-কর্মচাৰীসকলে ধেমাজি নগৰৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে ২৫/৩০ বছৰে বিনা বেতনে শিক্ষাদান কৰি অহা শিক্ষকসকলক ২০২১ চনত টিউটৰ হিচাপে নিযুক্তি দি শ্ৰমিকৰ দৰে পাৰিশ্ৰমিক দি শিক্ষকসকলৰ মানৱ অধিকাৰ খৰ্ব কৰাৰ তীব্ৰ প্ৰতিবাদ কৰি বিনাচৰ্তে টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্রদান কৰিবলৈ দাবী জনায়৷ টিউটৰ শিক্ষক-কর্মচাৰীসকলে শিক্ষকসকলৰ সমানে কাম সম্পাদন কৰাৰ পাছতো ন্যূনতম মজুৰি দি অৱমাননা কৰাৰ অভিযোগ তুলি সকলো পৰ্যায়ৰ টিউটৰৰ টেট, পঞ্চাশ শতাংশ বিএড., ডিএলএড আদি চৰ্তবিহীন কৰিবলৈ দাবী জনায় ৷ তদুপৰি “সবকা সাথ সবকা বিকাশ’ নীতি টিউটৰসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কিয় বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁলোকক সম মৰ্যাদা প্ৰদান কৰা, দৰমহা বৃদ্ধি কৰা, সকলো টিউটৰৰে ODL ৰ জৰিয়তে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, শিক্ষক-টিউটৰৰ বৈষম্য নীতি পৰিহাৰ কৰিবলৈ দাবী জনায় ৷ আনহাতে নিযুক্তি প্ৰদানৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ১০ লাখ টকাৰ গ্ৰেচুইটিৰ ধন অৱসৰপ্ৰাপ্ত আৰু মৃত কৰ্মচাৰীৰ পৰিয়ালক শীঘ্ৰে মোকলাই দিবলৈ দাবী জনোৱাৰ লগতে “টিউটৰ” নামেৰে যিধৰণে গিনিপিগ সজালে তাৰ পৰা তেওঁলোকক পৰিত্ৰাণ দিবলৈ দাবী জনায় ৷ বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা দুৰ্ভগীয়া শিক্ষকসকলক অসম চৰকাৰে প্ৰাদেশীকৰণৰ নামত বঞ্চনা কৰিব বিচাৰিলে অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে ৷ আজিৰ প্ৰতিবাদী গণ অৱস্থান কাৰ্যসূচীত লখিমপুৰ, ধেমাজি, মাজুলী আৰু বিশ্বনাথ চাৰিআলিৰ সহস্ৰাধিক টিউটৰ শিক্ষককে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ ধেমাজি নগৰৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদৰ সময়ত কেইবাজনো বিষয়ববীয়াই চৰকাৰৰ বঞ্চনা-প্ৰতাৰণাৰ ছবিখন দাঙি ধৰি অনাগত দিনত ইয়াতকৈ ভয়াবহ আন্দোলনৰ ইংগিত দিয়ে ৷ অৱস্থান কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More