আমাজনৰ অৰণ্যত প্রাচীন ৰহস্যময় নগৰ সভ্যতা

সন্ধান পোৱা গ'ল লেজাৰ প্রযুক্তিৰ জৰিয়তে

0 193

দাদুল দেৱকৃষ্ণ বৰুৱা

আমাজনৰ গভীৰ অৰণ্যৰ আঁৰত লুকাই আছে প্রাচীন চহৰ। কিন্তু ইমান দিন কোনো মানুহে সন্ধান পোৱা নাছিল এই চহৰৰ। কিন্তু সম্প্রতি এই চহৰৰ সন্ধান পোৱা গৈছে অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰি। নতুন প্রযুক্তি ব্যৱহাৰ কৰি এই হেৰুৱা চহৰবোৰৰ সন্ধান পোৱা গৈছে। নতুন এই প্রযুক্তিৰ নাম ‘লেজাৰ ইন দ্য স্কাই’।1653788224597

  •  কি এই ‘লেজাৰ ইন দ্য স্কাই’?
    ঘন গ্রীষ্মমণ্ডলীয় বনৰ গভীৰতাত কি আছে, তাক জানিবৰ বাবে এই প্রযুক্তি ব্যৱহাৰ কৰা হয়। এই প্রযুক্তিত হেলিকপ্টাৰ, সৰু বিমান বা ড্রোনৰ লগত যুক্ত এটা লেজাৰ স্কেনাৰেৰে আকাশৰ পৰাই ভূখণ্ডৰ জৰীপ কৰা হয়। এই লেজাৰ স্কেনিঙৰ ফলত সেই ভূখণ্ডৰ এটা ডিজিটেল মডেল কম্পিউটাৰৰ পর্দাত ধৰা পৰে।
  • কোন ঠাইত পোৱা গৈছে সন্ধান?
    বলিভিয়াৰ লেনোচ ডি মোজোচ চাভানা অৰণ্যত এই চহৰবোৰৰ সন্ধান পোৱা গৈছে। বহু বছৰ ধৰি ঘন গছৰ ছাউনিৰ তলত লুকাই আছিল এই চহৰবোৰ। গৱেষকসকলৰ মতে এই চহৰ ৫০০ৰ পৰা ১৪০০ খ্রীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। অৰণ্যৰ কাচাৰাব সম্প্রদায়ে এই চহৰবোৰ সৃষ্টি কৰিছিল বুলিয়েই প্রাথমিকভাৱে অনুমান কৰা হৈছে। ‘লেজাৰ ইন দ্য স্কাই’ প্রযুক্তিত যি ছবি ধৰা পৰিছে, তাত দেখা গৈছে যে, ঘন অৰণ্যৰ ভিতৰত বিস্তৃত আৰু জটিল কিছু কাঠামো।
  •  কিমান বিস্তৃত এই চহৰ?
    প্ৰায় ৫৪ একৰজুৰি বিস্তৃত এই কাঠামোত ১৬ ফুট উচ্চতাৰ ছাদো আছে। ৩০খন ফুটবল ফিল্ডৰ সমান এই কাঠামোৰ ওচৰত ৬৯ ফুট উচ্চতাৰ এক পিৰামিডৰ সন্ধানো পোৱা গৈছে। তদুপৰি আমেৰিকা আৰু জার্মানীৰ গৱেষকসকলৰ আন্তর্জাতিক দলে এই চহৰৰ কেইবা মাইলৰ ভিতৰত বিস্তৃত জলাধাৰ আৰু একাধিক সৰু সৰু নিৰ্মাণৰো সন্ধান পাইছে। এই লুকাই থকা চহৰবোৰৰ সন্ধানে আমাজনত বসবাসকাৰী সম্প্রদায় সম্পর্কে পুৰণি সকলো ধাৰণা সলাই দিছে।
  •  কোন আছিল এই প্ৰাচীন চহৰত?
    গৱেষকসকলে অনুমান কৰিছে যে, বনাঞ্চলত বসবাস কৰিলেও আমাজনত এনে কিছু সম্প্রদায়ে বাস কৰে, যিসকল সময়ৰ তুলনাত বেছ কিছু আগুৱাই আছিল। আমাজনৰ জঙ্গলত এই নতুন আৱিষ্কৃত এলেকাক কেন্দ্র কৰি এক নগৰ-সভ্যতা গঢ়ি উঠিছিল বুলিও গৱেষকসকলে অনুমান কৰিছে। একেলগে এই চহৰবোৰৰ প্রাথমিক গঠন দেখি অনুমান কৰা হৈছে যে, এই সভ্যতাৰ মানুহবোৰ স্থাপত্য কার্যত বেছ নিপুণ আছিল। এই এলেকা যথেষ্ট পৰিকল্পনামাফিক তৈয়াৰ কৰা হৈছিল বুলিও গৱেষকসকলে দাবী কৰিছে।1653788224608
  •  মিছা প্ৰমাণিত হৈছে এক বদ্ধমূল ধাৰণা
    বিংশ শতাব্দীৰ শেষপর্যন্ত অনুমান কৰা হৈছিল যে, আমাজন অঞ্চলৰ বাসিন্দাসকল মূলতঃ চিকাৰী উপজাতিৰ। আৰু আমাজন অঞ্চলৰ দক্ষিণ-পশ্চিম প্রান্তত থকা মোজোচ সমভূমিত বছৰত কেইবা মাহো বান হোৱাৰ কাৰণে এই এলেকাৰ বাসিন্দাসকলে স্থায়ী বসতি তৈয়াৰ কৰিব নোৱাৰে। কিন্তু সাম্প্রতিক কালত চাভানা বনাঞ্চলজুৰি হোৱা আৱিষ্কাৰে সেই বদ্ধমূল ধাৰণা বহুখিনিয়েই মিছা বুলি প্রমাণিত কৰিছে। এই লুকাই থকা চহৰবোৰৰ চৌপাশ এক প্রাচীৰেৰে ঘেৰা আছিল বুলিও গৱেষকসকলে অনুমান কৰিছে। অৰণ্যৰ ঘনত্ব আৰু একাধিক ওখ মাটিৰ ঢিপৰ কাৰণে এই চহৰবোৰৰ বহুকেইটা এলেকা এতিয়াও গবৱেষকসকলৰ চকুত ধৰা পৰা নাই বুলিও গৱেষকৰ দলে জনাইছে।
  •  কিয় এই চহৰ এৰিছিল বাসিন্দাসকলে?
    আমাজন অৰণ্যৰ বিষয়ে বিশদভাৱে জানিবলৈ গৱেষকসকলে এয়াই প্রথমবাৰৰ বাবে বায়ুবাহিত লেজাৰ প্রযুক্তি ব্যৱহাৰ কৰে। আৰু তেতিয়াই লেজাৰ চিত্রত এই চহৰৰ ছবি ধৰা পৰে। অৱশ্যে অৰণ্যৰ ভিতৰৰ এই চহৰৰ এলেকাবোৰত কিমান মানুহ বাস কৰিছিল, সেয়া এতিয়াও অনুমান কৰা সম্ভৱ নহয় বুলি জনাইছে গৱেষকসকলে। তথাপি প্রাথমিকভাৱে এই এলেকা মোটামুটি ঘনবসতিপূর্ণ আছিল বুলিও তেওঁলোকে অনুমান কৰিছে। ইয়াৰ বাসিন্দাসকল কিয় এই চহৰ এৰি গুচি গৈছিল সেয়াও গৱেষণাসাপেক্ষ বিষয় বুলিয়েই গৱেষকসকলে মন্তব্য কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More