আমাৰ সমাজৰ মৰমৰ থলুৱা সমন্ধবোৰ হেৰাই যাব নেকি !

0 211

বিমল বৰগোহাঁই 

১৯৭৭-৭৮ চন মানৰ কথা। তেতিয়া বোধকৰোঁ আমি মাধ্যমিক বিদ্যালয়ত পঢ়ি আছিলো। সেই সময়ত অসমীয়া নে সমাজ বিজ্ঞান বিষয়ৰ পাঠ্যপুথিত মোৰ সঠিককৈ মনত পৰা নাই, আমাৰ অসমীয়া সমাজৰ সম্বোধনবোৰৰ বিষয়ে আমাৰ পাঠ্যপুথিত পঢ়িবলৈ পাইছিলো। তেতিয়াৰ পৰাই বোধকৰোঁ সেই সম্বোধনবোৰৰ বিষয়ে মোৰ লগতে মোৰ সহপাঠীসকলৰ মন আৰু মগজুত সোমাই এতিয়াও সজীৱ হৈ আছে। সেই তেতিয়াই পুথিখনত পঢ়িছিলোঁ যে ঘৰৰ বা সম্পৰ্কীয় লোকসকলক কি সম্বোধনৰে মাতিব লাগে, সেই কথা অতি সুন্দৰভাৱে বৰ্ণনা দিয়া আছিল।উদাহৰণস্বৰূপে, মাকৰ ভায়েকক বা ককায়েকক মামা বা মোমাইদেও, মাকৰ ভনীয়েকক মাহী বা মাহীদেও, দেউতাকৰ ককয়েকক বৰদেউতা, দেউতাকৰ ভায়েকক দদাইদেও বা খুৰাদেও, দদায়েকৰ ঘৈণীয়েকক খুৰীদেও বা খুৰী, দেউতাকৰ ভনীয়েকক পেহী বা পেহীদেও, মাহীয়েকৰ গিৰিয়েকক মহা বা মহাদেও, মাকৰ বায়েকক জেঠাই, মাকৰ মাকক আইতা, মাকৰ দেউতাকক ককা, দেউতাৰ দেউতাকক ককা, দেউতাকৰ সখীয়েকক তাৱৈ বা তাৱৈদেও, মাকৰ সখীয়েকক আমৈ বা আমৈদেও ইত্যাদি সম্বোধনৰ বিষয়ে সেই সময়ৰ অন্তর্ভুক্ত পাঠ্যপুথিৰ যোগেদি শিকিবলৈ সক্ষম হৈছিলো। ঠিক সেইদৰে আহোম, মটক আৰু মৰাণ সম্প্ৰদায় সকলৰ লোকসকলেও দেউতাকৰ বা মাকৰ ককায়েকক নিচাদেও, মাকৰ মাকক এনাইদেও, মাকৰ দেউতাকক পোথাদেও, দেউতাৰ মাকক আইতা আদি সম্বোধন কৰিছিল। সেই সম্বোধন বোৰৰ নিভাঁজ মৰমৰ আকুলতা আৰু স্নেহৰ বান্ধোন দলৰ বাবেই এনাইৰ গাঁৱৰ ঘৰলৈ বা মামা-মাহীহঁতৰ ঘৰলৈ প্ৰতিটো বিহু, পূজা বা গৰমৰ বন্ধত ঢাপলি মেলিছিলোঁ। এই বন্ধৰ সময়ছোৱাত বিভিন্ন সম্পৰ্কীয় মানুহৰ লগত কটোৱা মিঠা মুহূৰ্তবোৰৰ মাদকতাৰ কথা ভাবিলে আজিও নিজৰ দেহ আৰু মনত এক বুজিব নোৱাৰা আনন্দই বিৰাজ কৰে। গাঁৱলৈ গলে সম্পর্কীয় মানুহক কৰা সম্বোধনবোৰে সঁচা মৰমৰ পৰিচয়ৰ বিষয়ে এক আভাষ পোৱা গৈছিল। সেয়েহে, সঁচা মৰমৰ আমেজ বিচাৰি বাৰে বাৰে এনাই ঘৰলৈ যাবলৈ সদায় উদগ্ৰীৱ হৈ আছিলোঁ। কিন্তু সময় যেন সলনি হল। যান্ত্ৰিকতাৰ কোলাহলতেই হওঁক বা পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বাবেই হওঁক আমাৰ সেই সম্পৰ্কবোৰত লাহে লাহে কিছু পৰিৱৰ্তন আহিবলৈ ধৰিছে। আমাৰ সন্তান সকলে তথা নৱ প্ৰজন্মৰ লৰা ছোৱালীবোৰে আমাৰ সেই পুৰণি মৰমিয়াল সম্বন্ধবোৰ আজিকালি উচ্চাৰণ কৰিবলৈ লাজ পায়। দদাইদেও বা খুৰীদেও, মাহী বা মহা বুলি সম্বোধন অথবা অন্যান্য আমাৰ অসমীয়া সমাজৰ থলুৱা সম্বোধনবোৰৰ বিষয়ে আমাৰ সন্তানসকলৰ সম্যক জ্ঞান নাই। তেওঁলোকে আজিকালি সকলোকে আংকল বা আন্টি বুলি সম্বোধন কৰি আমাৰ সম্পর্কবোৰ একেবাৰে একাকাৰ কৰি পেলায়। আমি যদি ভালদৰে পৰ্যবেক্ষণ কৰি চাওঁ তেন্তে দেখিম যে ইয়াৰ বাবে আমাৰ সন্তান সকলেই অকল জগৰীয়া নহয়, ইয়াৰ বাবে আমি অভিভাৱক সকল তথা আমাৰ সমাজ ব্যৱস্থাটোও বহু পৰিমাণে জগৰীয়া। আজিৰ এই প্ৰতিযোগিতাৰ যুগত আমি অভিভাৱকসকলে লৰা ছোৱালীৰ উজ্জল ভৱিষ্যতৰ কথা চিন্তা কৰি ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰোৱাইছোঁ। নিজৰ মাতৃভাষাটোক তৃতীয় ভাষা হিচাবে আমাৰ বহু সন্তানে গ্রহণ কৰে। অৰ্থাৎ অসমীয়া ভাষাটোক আমিয়েও তৃতীয় শ্রেণীলৈ পৰিৱৰ্তন কৰা নাই জানো? আমি অভিভাৱকসকলে নিজৰ সন্তানক কিয় আমাৰ মাতৃভাষাটোক মূল ভাষা হিচাবে গ্ৰহণ কৰিবলৈ বাধ্য কৰিব নোৱাৰো? অসমতে থাকি অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ বিষয়ে জ্ঞান অৰ্জন কৰিবলৈ আমাৰ সন্তানসকলে কিয় পিছ হুহুকি ৰব লগা হয়? নিশ্চয়কৈ আমি অভিভাৱকসকলে ইয়াৰ বাবে তেওঁলোকক নিজৰ ভাষাটোৰ প্ৰতি আগ্ৰহ দেখুৱাবলৈ কৰবাত নহয় কৰবাত বিফল হোৱা যেন লাগে। যাৰবাবে আজি আমাৰ সন্তান সকলে নিজৰ সম্পৰ্কীয় মানুহৰ সম্বোধনবোৰ আওৰাবলৈ চেষ্টা নকৰে বা সম্বোধন বোৰৰ অৰ্থৰ বিষয়ে বুজি নাপায়। গতিকে, এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলৰ যথেষ্ট কৰণীয় আছে বুলি  ভাবো। বৰ্ত্তমান সময়ত অসমীয়া জাতি আৰু অসমীয়া ভাষা এক গভীৰ সংকটত থকা বুলি সময়ে সময়ে বিভিন্ন বাতৰি খবৰ কাগজ আৰু টেলিভিছনত প্ৰচাৰ হৈ আহিছে আৰু এই বিষয়ৰ ওপৰত বিভিন্ন আলোচনা আৰু চৰ্চাও হৈছে। বহু চিন্তাবিদ তথা বুদ্ধিজীৱীয়ে অসমীয়া ভাষাটোৰ বহুল প্ৰয়োগ, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি থকাও দেখা গৈছে। মই ভাবোঁ অসম সাহিত্য সভায়ো এই ক্ষেত্ৰত বিশেষভাৱে ব্যৱস্থা গ্রহণ কৰি অসমীয়া সমাজৰ বিভিন্ন জাতি-জনজাতি লোকসকলৰ প্ৰচলিত আদৰৰ থলুৱা সম্বোধনবোৰৰ ওপৰত গৱেষণা কৰাৰ বাবে বিশ্ববিদ্যালয় পৰ্যায়ত এগৰাকী বিদ্বান ব্যক্তিক দায়িত্ব ন্যস্ত কৰিব পাৰে। তেতিয়া নিশ্চয়কৈ আমাৰ অসমীয়া সমাজৰ সম্বোধনবোৰে পুনৰ প্ৰাণ পাই উঠিব আৰু আমাৰ সন্তানসকলে এই সম্বোধনবোৰৰ গুৰুত্ব বুজি ইয়াৰ ব্যৱহাৰ কৰিবলৈ গুৰুত্ব দিব। সাম্প্ৰতিক সময়ত বৰকৈ চৰ্চিত হৈ থাকে যে আমাৰ অসমীয়া ভাষাটিৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা বিতৰ্কৰ সৃষ্টি হোৱা দেখা যায়। যোৱা বছৰ শিলচৰত অসমীয়া ভাষাৰ চৰকাৰী বেনাৰত দুষ্কৃতিকাৰীয়ে কলা ৰং লগাই আমাৰ মাতৃভাষাটিক অপমান কৰিছিল। তদুপৰি, অসমীয়া ভাষাত কথা কোৱা বাবে বহু ইংৰাজী বিদ্যালয়ত অধ্যয়নত অসমীয়া ছাত্র-ছাত্ৰীক বিদ্যালয় কৰ্তৃপক্ষই শাস্তি দিয়াৰ বাতৰিও শুনিবলৈ পোৱা যায়। আজি কিছুদিনৰ আগতে, তিনিচুকীয়া চহৰত অসমীয়া ভাষা কোৱাৰ বাবে এগৰাকী হিন্দিভাষী লোকে কুৰিয়াৰ ডেলিভাৰী যুৱক এজনক অসমীয়া ভাষা কোৱাৰ বাবে বেয়া ব্যৱহাৰ কৰিছিল। এনেবোৰ ঘটনাই আমাৰ অসমীয়াৰ স্বাভিমানত আঘাত হনা যেন অনুভৱ হয়। গতিকে, মাতৃ ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে আমাৰ থলুৱা সমন্ধবোৰ জীয়াই ৰাখিবলৈ হলে, আমি প্ৰতিগৰাকী অসমীয়াই আমাৰ ভাষাটোৰ ওপৰত চৰ্চা কৰা লগতে অসমীয়া ভাষাটিক যাতে অসমত বসবাস কৰা বিভিন্ন ধৰ্ম্ম, জাতি, সম্প্ৰদায়ৰ লোকেও আন্তৰিকতাৰে আঁকোৱালি লৈ নিজকে এগৰাকী অসমীয়া বুলি পৰিচয় দিব পাৰে, তাৰ বাবে আমি প্ৰত্যেকেই কিছু প্ৰয়াস কৰা উচিত। তেতিয়াহে আমাৰ মাজত সম্প্ৰীতিৰ এনাজৰী ডাল কটকটীয়া হব আৰু অসমত আমাৰ মাতৃভাষাটিয়ে এক নতুন প্ৰাণ পাই উঠিব। এই প্রয়াসৰ যোগেদি অসমত বসবাস কৰা আন আন সম্প্ৰদায়ৰ লোকসকলেও অসমীয়া ভাষাটিৰ প্ৰতি আকৃষ্ট হৈ আন্তৰিকতাৰে আঁকোৱালি লব আৰু নিজকে এগৰাকী অসমীয়া বুলি গৌৰৱেৰে পৰিচয় দিবলৈ নিশ্চয় চেষ্টা কৰিব। গতিকে, আহকচোন আমি এইক্ষেত্ৰত কিছু প্ৰয়াস কৰিবলৈ যত্ন কৰোঁ।

 

(লেখকৰ ঠিকনাঃ বৰবিল নং ২ ডিগবৈ, ফোন:৯৪৩৫০৩৫১৭৭)
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More