আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ

0 11
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জুলাইঃ আমেৰিকাত পুনৰ আক্ৰমণ চলালে এজন বন্দুকধাৰীয়ে। যোৱা ১৭ জুলাই দেওবাৰে ইণ্ডিয়ানাৰ এটা শ্বপিং মলত আক্ৰমণ কৰে বন্দুকধাৰীজনে। এই গুলীচালনাত তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত হয় আন দুজন লোক। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ১৭ জুলাইৰ সন্ধিয়া হঠাতে এজন বন্দুকধাৰীয়ে গ্ৰীণউড পাৰ্ক অঞ্চলৰ মলটোত প্ৰৱেশ কৰে হাতত এটা অত্যাধুনিক ৰাইফল লৈ। ইয়াৰ পিছতে মলটোত নিৰ্বিচাৰ গুলীচালনা আৰম্ভ কৰে। সেই সময়ত বহুতে বজাৰ কৰি আছিল। কোনোবা আকৌ খোৱা-বোৱাত ব্যস্ত হৈ আছিল। বন্দুকৰ গুলীৰ শব্দত কিছু মুহূৰ্তৰ ভিতৰতে তাত থকা মানুহখিনি আতংকিত হৈ পৰে। খৰখেদা কৰি পলাবলৈ গৈ পৰি যায়। আৰক্ষীৰ হেল্পলাইনলৈ ফোন কৰা হয় যে, মলটোৰ ফুড ক’ৰ্টত এজন ব্যক্তিয়ে একেৰাহে গুলীচালনা কৰি আছে। তথ্য লাভ কৰাৰ পিছতে আৰক্ষী সেই স্থানত উপস্থিত হয়। সেই সময়লৈ অৱশ্যে বন্দুকধাৰীজন নিহত হৈছিল। সেই দেশৰ আৰক্ষীয়ে জনোৱা মতে, আত্মৰক্ষাৰ বাবে অস্ত্ৰধাৰী এজন সাধাৰণ নাগৰিকে বন্দুকধাৰীজনক গুলীয়াই হত্যা কৰে। কিন্তু সেই তেতিয়ালৈকে তিনিজন লোকক বন্দুকধাৰীয়ে নিহত কৰিছিল। আহত হৈছে কেইবাজনো লোক। তাত উপস্থিত থকাসকলে দাবী কৰে যে, যদি ব্যক্তিজনে বন্দুকধাৰীজনক গুলীচালনা কৰি ৰখাব নোৱাৰিলেহেঁতেন, তেন্তে হতাহতৰ সংখ্যা বৃদ্ধি হ’লহেঁতেন। আৰক্ষীয়ে জনোৱা মতে, বন্দুকধাৰীজন এজন যুৱক। তেওঁৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। বিগত কেইমাহমানৰ পৰা আমেৰিকাত ধাৰাবাহিকভাৱে বন্দুকৰ আক্ৰমণ সংঘটিত হৈছে। স্বাধীনতা দিৱসৰ দিনাও এজন বন্দুকধাৰীয়ে আক্ৰমণ কৰিছিল। ইয়াৰ ফলত কেইবাজনো লোকৰ মৃত্যু হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰপতি জো বাইডেনেও বহু চৰ্চিত বন্দুক নিয়ন্ত্ৰণ বিধেয়কখনত স্বাক্ষৰ কৰে। তথাপি এই ধৰণৰ ঘটনা বন্ধ হোৱা নাই।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More