আমেৰিকাৰ বন্দুকপ্ৰীতিক লৈ উদ্বিগ্ন হোৱাইট হাউছঃ  যুৱকৰ নিৰ্বিচাৰ গুলী চালনাত ২১ জন নিহত

0 29

তাব্দ বিশেষ প্ৰতিনিধি, ২৫ মে’ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিদ্যালয়ত পুনৰ সংঘটিত হৈছে গুলী চালনাৰ নিৰ্মম হিংসাত্মক ঘটনা। মঙ্গলবাৰে টেক্সাছৰ প্ৰাথমিক বিদ্যালয় এখনত এজন ১৮ বছৰীয়া যুৱকে জধেমধে গুলী চালনা কৰাৰ ফলত ১৯ টি শিশু আৰু দুজন প্ৰাপ্তবয়স্ক লোককে ধৰি ২১ জন লোক এই গণ হত্যাৰ ঘটনাত নিহত হ’বলগীয়া হৈছে। ২০১২ চনত কানক্টিকাটৰ ছেণ্ডী হুক বিদ্যালয়ত হোৱা নৰ সংহাৰ ঘটনাৰ পাছত এইটো এটা বৃহৎ আৰু নৃশংস ঘটনা হিচাপে চিহ্নিত হৈছে। উল্লেখযোগ্য যে, ছেণ্ডী হুকৰ গুলী চালনাৰ ঘটনাত কুৰি জন ছাত্ৰ-ছাত্ৰীৰ লগতে ছজনকৈ শিক্ষক আৰু কৰ্মচাৰী নিহত হৈছিল। মেক্সিকো আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষৰ উভাল্ডে নামৰ গ্ৰাম্য চহৰখনৰ ৰ’ব এলিমেণ্টেৰী স্কুলখনত মঙ্গলবাৰে দুপৰীয়া আচম্বিতে হোৱা এই নৃশংস ঘটনাটোৱে সমগ্ৰ আমেৰিকাতে জোকাৰণি তুলিছে। মৰ্মান্তিক এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি দেশবাসীক উদ্দেশ্যে দিয়া এক চমু ভাষণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে দেশখনৰ বন্দুক লবীটোক ধিক্কাৰ দি অনতিপলমেই এনে হিংসাত্মক কাৰ্য অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিছে। টেক্সাছৰ পাব্লিক ছেফটী বিভাগৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমক জনোৱা মতে ছালভাদোৰ ৰামছ নামৰ এজন ১৮ বছৰীয়া কিশোৰে তেওঁৰ আইতাকক বন্দুকেৰে হত্যা কৰি দুপৰীয়াৰ ভাগত এটা হেণ্ডগান আৰু ৰাইফল লৈ বিদ্যালয়খনত প্ৰৱেশ কৰি জধেমধে গুলী চালনা কৰিবলৈ ধৰে। অৱশ্যে পাছত আৰক্ষীৰ গুলী চালনাত হত্যাকাৰী জনো নিহত হয়। সেৰেঙা জনবসতি অঞ্চলত অৱস্থিত এই বিদ্যালয়খনত প্ৰধানকৈ হিছপানিক আৰু অৰ্থনৈতিক ভাবে অনগ্ৰসৰ লোকসকলৰ সন্তান সকলে অধ্যয়ন কৰে। বিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বয়স সাতৰ পৰা দহ বছৰ আৰু প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন প্ৰণেতাসকলৰ লগতে প্ৰায় সকলোৱেই এই ঘটনাৰ তীব্ৰ নিন্দা কৰি তৎকালেই বন্দুক সংস্কৃতিৰ অন্ত পেলাবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। আনহাতে হোৱাইট হাউছে ঘটনাটোৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰাখিবলৈ আহ্বান জনাইছে। ইয়াৰ মাত্ৰ কেইদিনমানৰ পূৰ্বে ১৪ মে’ তাৰিখে বাফেল্ল’ৰ এখন বিপনীৰ সন্মুখত এজন ১৮ বছৰীয়া কিশোৰে গুলী চালনা কৰি থিতাতেই দহজন লোকৰ প্ৰাণহানি ঘটাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ Centre for Disease Control & Prevention এ জনোৱা মতে ২০২০ চনত দেশখনত এনে ধৰণৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ১৯,৩৫০ টা আৰু ই ২০১৯ চনৰ ঘটনাতকৈ ৩৫ শতাংশ অধিক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More