আমেৰিকাৰ সংগ্ৰহালয়ত স্থান ভাৰতীয় পাইলট জয়া আগৰৱালাৰ

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ আগষ্ট : উত্তৰ মেৰুৰ ওপৰেৰে সফলতাৰে বিমান উৰুৱাই নিয়া যোৱা বছৰৰ এয়াৰ ইণ্ডিয়াৰ সৰ্বমহিলা পাইলট দলটোৰ নেতৃত্ব দিয়া জয়া আগৰৱালাক ছান ফ্ৰান্সিস্কো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (এছ এফ অ’)ৰ বিমান সংগ্ৰহালয়ত স্থান দিয়া হৈছে। উত্তৰ মেৰুক সামৰি লোৱা এই অভিলেখ ভংগকাৰী কৃতিত্বৰ সময়ত এয়াৰ ইণ্ডিয়াৰ বয়িং-৭৭৭ বিমানখনে ১৬ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল। বাতৰি অনুসৰি ২০১৩ চনত বয়িং-৭৭৭ বিমান চলোৱা ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহিলা পাইলট জয়া আছিল আৰু তেওঁ আছিল ৰাষ্ট্ৰসংঘৰ লিংগ সমতাৰ অন্যতম মুখপাত্ৰ। ক’ৰনা ভাইৰাছৰ ফলত লকডাউনৰ বাবে দেশসমূহত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ চৰকাৰে বিমান সেৱা আৰম্ভ কৰাৰ সময়তে ২০২০ চনত ভাৰতৰ বন্দে ভাৰত অভিযানৰ অংশও আছিল এই এছ পাইলটগৰাকী। আগৰৱালাই ছান ফ্ৰান্সিস্কোৰ পৰা বেংগালুৰুলৈ যোৱা বিমানখনৰ অধিনায়কৰ দায়িত্বত আছিল যিটো বিশ্বৰ অন্যতম দীঘলীয়া ননষ্টপ বিমানপথ। আমেৰিকাৰ সংগ্ৰহালয়ে আগৰৱালাক তেওঁৰ এই কৃতিত্বৰ পিছত স্থান প্ৰদান কৰিছে। খবৰ অনুসৰি ভাৰতত ২৭৬৪গৰাকী পঞ্জীয়নভুক্ত মহিলা পাইলট আছে। ভাৰত চৰকাৰে যোৱা বছৰ কৈছিল যে বিমান পৰিবহণ খণ্ডত মহিলাসকলে ১৫ শতাংশতকৈ অধিক পাইলট গঠন কৰে যিটো বিশ্বৰ ভিতৰতে অন্যতম। ভাৰতীয় মহিলাও ভাৰতীয় বায়ুসেনাৰ অংশ। দুবছৰ পূৰ্বে ৰাফেল যুঁজাৰু বিমান উৰণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল শিৱাংগী সিং। ফ্ৰান্সত নিৰ্মাণ কৰা যুঁজাৰু বিমানখন উৰুওৱাৰ পূৰ্বে তেওঁ মিগ-২১ বাইছন চলাইছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More