আলফাত (স্বাঃ) যোগদান কৰা আছুৰ নেতা বিজু গগৈক শিবিৰত গুলীয়াই হত্যা কৰা হৈছিল

তিনিচুকীয়াত ধৃত আলফা সদস্যৰ স্বীকাৰোক্তিত প্ৰকাশ 

0 30

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ মে’ : ‘কা’ বিৰোধী আন্দোলনৰ সময়ত সশস্ত্ৰ পন্থাৰ প্ৰতি আকৰ্ষিত হৈ আলফাত (স্বাঃ) যোগদান কৰা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজু গগৈ ওৰফে ভাগ্য অসমক আলফাৰ (স্বাঃ) শিবিৰত গুলীয়াই হত্যা কৰা হৈছিল । এই ভয়ংকৰ স্বীকাৰোক্তি দিছে মঙ্গলবাৰে নিশা আৰক্ষীৰ হাতত ধৰা পৰা আলফা সদস্য সন্তোষ লামা ওৰফে অপু অসমে । উল্লেখ্য যে মঙ্গলবাৰে নিশা নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষী আৰু ১৯ আছাম ৰাইফলছে অসম-অৰুণাচল সীমান্তৱৰ্ত্তী জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জয়ৰামপুৰৰ সমীপৰ মিৰি বস্তীত অভিযান চলোৱাৰ সময়ত সন্তোষ লামা ওৰফে অপু অসম (২৪) নামৰ নতুনকৈ আলফাত (স্বাঃ) যোগদান কৰা সদস্যজনক আটক কৰিবলৈ সক্ষম হৈছিল । ধৃত সন্তোষ লামাৰ ঘৰ পেঙেৰী থানাৰ অধীনৰ দুৱাৰমৰা বালিজান গাঁৱত বুলি প্ৰকাশ। তেওঁ বিগত ডিচেম্বৰ মাহত আলফাত (স্বাঃ) যোগদান কৰাৰ পাছত চলিত বৰ্ষৰ ২ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ শেষলৈকে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । আৰক্ষীয়ে তেওঁৰ পৰা যথেষ্ট তথ্য লাভ কৰিবলৈ সক্ষম হৈছে । জানিব পৰা মতে সন্তোষ লামা ওৰফে অপু অসমে প্ৰশিক্ষণ গ্ৰহণ কৰা দলটোত আছিল ৩ গৰাকী মহিলাসহ ৩৫ জন সদস্য । আৰক্ষীয়ে সঠিককৈ তথ্য লাভ কৰিবলৈ সক্ষম নোহোৱা তিনিচুকীয়া জিলাৰ পৰা বিভিন্ন সময়ত সন্ধানহীন হোৱা একাধিক ব্যক্তিৰ বিষয়ে লামাৰ পৰা নিশ্চিত তথ্য লাভ কৰিছে । আনহাতে ’কা’ আন্দোলনৰ ভৰপকৰ সময়ত বিগত ২০২০ চনৰ জানুৱাৰী মাহত আলফাত যোগদান কৰা বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজু গগৈৰ যোৱা ফেব্ৰুৱাৰীতে মৃত্যু হোৱাৰ কথাও তেওঁ আৰক্ষীৰ আগত সদৰি কৰিছে । লামাৰ ভাষ্য অনুসৰি নিশা শিবিৰত থকাৰ সময়ত তেওঁলোকে গুলীৰ শব্দ শুনা পাই আৰু পাছদিনা বিজু গগৈৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হয় । ইফালে ধৃত আলফা সদস্যজনৰ এই বক্তব্যই সৰ্বত্ৰ আলোড়ন তুলিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More