আলফাৰ কৰ্প’ৰেল ৰিহন অসমক মৃত্যুদণ্ড

একাধিকবাৰ পলায়ন তথা সংগঠন বিৰোধী কৰ্মৰে অপৰাধ

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ আগষ্টঃ আলফা স্বাধীনে আজি সংগঠনটোৰ  এজন সদস্যক মৃত্যুদণ্ড বিহে। একাধিক বাৰ পলায়ন কৰি ধৰা পৰা তথা সংগঠনৰ হৈ শত্ৰুৰ চোৰাংচোৱাৰে মিতিৰালি কৰাৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰা সদস্যজন হল কৰ্প’ৰেল ৰিহন অসম ওৰফে ছাইফুল ইছলাম। তেওঁ গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ বাউৰাৰতল গাঁৱৰ কলিম উদ্দিন মণ্ডলৰ পুত্ৰ বুলি আলফাৰ তৰফৰ পৰা সদৰি কৰিছে। আলফা স্বাধীনৰ ব্ৰিগেডিয়াৰ এ জেদ শিৰোণাম অসম স্বাক্ষৰিত আৰু আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টইন ৰুমেল অসমে ই মেইল যোগে প্ৰেৰণ কৰা এক বাৰ্তাত কয় যে কৰ্প’ৰেল ৰিহন অসমে যোৱা ২৮ জুলাইত ইষ্টাৰ্ন কামাণ্ডৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰথমবাৰ পলায়ন কৰাৰ পিছত পিছদিনা আলফাৰ তহলদাৰী গোটে কৰায়ত্ত কৰে। ইয়াৰ বিচাৰত তেঁও ভৱিষ্যতে পুনৰ নপলোৱা বা আন সংগঠন বিৰোধী কাম নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে যদিও পুনৰ ২১ আগষ্টৰ নিশা সতীৰ্থ নিদ্ৰাৰত অৱস্থাত পুনৰ পলায়ন কৰে আৰু পুনৰ ধৰা পৰে। একেদৰে ২৫ আগষ্টত পাহাৰীয়া পথৰে সতীৰ্থৰে গৈ থকাৰ মাজতে থিয় গৰাৰ পৰা জপিয়াই পলায়ন কৰে আৰু পুনৰবাৰ ধৰা পৰে।৩০ আগষ্টত বহা আলফাৰ নিম্ন বিচাৰ সদনৰ আগত ৰিহন অসমে নিজৰ একাধিক দোষ স্বীকাৰ কৰাৰ লগতে আৰক্ষীৰে সম্পৰ্ক ৰক্ষা কৰা বুলি তথা নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে আলফাত যোগদান কৰা বুলি অকপটে স্বীকাৰ কৰে। সদস্যজনক আত্ম সংশোধনৰ সুবিধা দিয়াৰ পিছতো সংগঠনক বিপথে পৰিচালিত কৰিব বিচৰা তথা দোষসমূহ ক্ষমাৰ অযোগ্য বুলি বিবেচনা কৰি ৩১ আগষ্টত মৃত্যুদণ্ড বিহা বুলি ই মেইল বাৰ্তাযোগে জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More