আলফাৰ শিবিৰৰ পৰা পলাই আহি আৰক্ষী-সেনাৰ জিম্মাত তিনিচুকীয়াৰ সুৰজিত আৰু শ্যামল

দুৰ্ধৰ্ষ আলফা নেতা মাইকেল ডেকাফুকনৰ অধীনত আছিল দুই যুৱক

0 28

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ মে’ : দুৰ্ধৰ্ষ আলফা নেতা ৰূপম অসমৰ উদ্যত অত্যাধুনিক ৰাইফলৰ পৰা সৰকি অহা গুলীয়ে যিকোনো মুহূৰ্ততে প্ৰাণ কাঢ়ি নিয়াৰ তীব্ৰ আশংকা বুকুৰ মাজত লৈ অৱশেষত সুস্থ শৰীৰেৰে আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ হাতত পৰিলহি তিনিচুকীয়াৰ সুৰজিত আৰু শ্যামল । আৱেগৰ বশৱৰ্তী হৈ সংগ্ৰামৰ পথ বাচি লৈ প্ৰায় ৮ মাহ পূৰ্বে আলফাত যোগদান কৰিছিল তিনিচুকীয়া জিলাৰ পেঙেৰীৰ সুৰজিত গগৈ আৰু লক্ষীপথাৰৰ শ্যামল বৰাই । সংগঠনত তেওঁলোকৰ নাম হৈছিল ক্ৰমে সুৰজিত গগৈ ওৰফে খেপৌ অসম আৰু শ্যামল বৰা ওৰফে নিয়ৰ অসম । কিন্তু দিন পাৰ হোৱাৰ লগে লগে তেওঁলোকৰ ক্ৰমান্বয়ে সশস্ত্ৰ পন্থাৰ প্ৰতি মোহভংগ হ’বলৈ ধৰে । নিজৰ ভুল উপলব্ধি কৰি কেইদিনমান পূৰ্বে মূলসুঁতিলৈ উভতি অহাৰ বাবে আলফাৰ শিবিৰৰ পৰা পলায়ন কৰে দুই যুৱকে । কিন্তু গোপনে শিবিৰ ত্যাগ কৰা এই দুই যুৱকক দেখা মাত্ৰকেই গুলীওৱাৰ নিৰ্দেশ জাৰী কৰে আলফাৰ শীৰ্ষ নেতৃত্বই । দুৰ্ধৰ্ষ আলফা নেতা ৰূপম অসমৰ নেতৃত্বত আলফাৰ এটা সশস্ত্ৰ গোটে পলায়ন কৰা সদস্যদ্বয়ৰ সন্ধানত নামি পৰাৰ বাতৰিয়ে শংকিত কৰি তোলা দুই যুৱকৰ পৰিয়ালে কান্দিকাটি আলফাৰ নেতৃত্বক সুৰজিত আৰু শ্যামলক হত্যা নকৰিবলৈ অনুৰোধ জনায় । সুৰজিত আৰু শ্যামলক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎকণ্ঠাৰ মাজতে সোমবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ ম্যানমাৰ সীমান্তৱৰ্ত্তী নগল’ ভিলেজৰ সমীপত আছাম ৰাইফলছ আৰু টিৰাপ আৰক্ষীয়ে দুয়োকে আটক কৰিবলৈ সক্ষম হয় । সুৰজিত আৰু শ্যামল শীৰ্ষ আলফা নেতা মেজৰ জেনেৰেল মাইকেল ডেকাফুকনৰ অধীনত নিষিদ্ধ সংগঠনটোৰ ম্যানমাৰস্থিত জেনেৰেল মিলিটেৰী হেডকোৱাৰ্টাৰ বুলি পৰিচিত হাচি শিবিৰত আছিল বুলি সূত্ৰত প্ৰকাশ । সূত্ৰমতে তেওঁলোকে প্ৰকাশ কৰা অনুসৰি উক্ত শিবিৰত বৰ্তমান ৪০ জনমান সদস্য আছে । ইতিমধ্যে দুই যুৱক সোঁশৰীৰে সেনা আৰু অৰুণাচল আৰক্ষীৰ জিম্মাত থকা বুলি তেওঁলোকৰ পৰিয়ালক অৱগত কৰা হৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More