আলফা স্বাধীনক ক্ষমা খুজি বিপদত মন্ত্রী সঞ্জয় কিষান

0 15

 

মন্ত্রী সঞ্জয় কিষাণলৈ মুখ্যমন্ত্রীৰ কাৰণ দৰ্শোৱাৰ জাননী। কি পৰিস্থিতিত মন্ত্ৰীগৰাকীয়ে পৰেশ বৰুৱাক ক্ষমা খুজিলে সেই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগিব সঞ্জয় কিষাণে। এগৰাকীক মন্ত্রীয়ে বিদ্ৰোহী সংগঠনৰ ওচৰত ক্ষমা খোজাৰ বিষয়টোক সহজভাৱে লোৱা নাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ মে’: বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ বাবে বিপদত পৰাৰ লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ৰোষৰ সন্মুখীন হ’বলগীয়া হৈছে মন্ত্রী সঞ্জয় কিষাণ। এই ঘটনাৰ বাবে মন্ত্ৰী সঞ্জয় কিষাণলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰিছে এই কাৰণ দৰ্শোৱাৰ জাননী। northeast 1652611831উল্লেখ যে কিছুদিন পূৰ্বে মন্ত্ৰী সঞ্জয় কিষাণে আলফাৰ সেনাধ্যক্ষ্ পৰেশ বৰুৱাৰ ওচৰত ক্ষমা খুজিছিল। কি পৰিস্থিতিত মন্ত্ৰীগৰাকীয়ে পৰেশ বৰুৱাক ক্ষমা খুজিলে সেই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগিব সঞ্জয় কিষাণে। এগৰাকীক মন্ত্রীয়ে বিদ্ৰোহী সংগঠনৰ ওচৰত ক্ষমা খোজাৰ বিষয়টোক সহজভাৱে লোৱা নাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। যাৰবাবে মন্ত্রীগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। শীঘ্ৰেই তেওঁ কি পৰিস্থিতিত আলফা স্বাধীনৰ ওচৰত ক্ষমা খুজিব লগীয়া হ’ল তাৰ কাৰণ ব্যাখ্যা কৰি উত্তৰ দিব লাগিব।

উল্লেখ যে আলফা স্বাধীনৰ শিবিৰত আলফা কেদাৰৰ মৃত্যু সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰী সঞ্জয় কিষাণে পৰেশ বৰুৱাক মিছলীয়া আখ্যা দি কেতবোৰ অপমান সূচক মন্তব্য কৰিছিল। যাৰ ফলস্বৰূপে আলফা স্বাধীনে ক্ষুব্ধ হৈ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছিল আৰু ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ বাবে হুংকাৰ দিছিল। আলফা স্বাধীনৰ হুংকাৰৰ পাছতে মন্ত্ৰী সঞ্জয় কিষাণে ২৪ ঘণ্টাৰ পূৰ্বেই ক্ষমা খুজিছিল। ভুলবশতঃ এনে মন্তব্য কৰাৰ বাবে ক্ষমাপ্ৰাৰ্থী হোৱাৰ লগতে দুখ প্ৰকাশ কৰিছিল মন্ত্রী সঞ্জয় কিষাণে। মন্ত্ৰী সঞ্জয় কিষাণে আলফা স্বাধীনৰ ওচৰত ক্ষমা খোজা কাৰ্যত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অৱশেষত এই ঘটনাক সহজ ভাৱে নলৈ মুখ্যমন্ত্রীয়ে মন্ত্রীগৰাকীক শ্ব’কজ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More