আলফা স্বাধীনক সকীয়নি হিন্দু যুৱছাত্ৰ পৰিষদৰ

গণৰাজ্য দিৱস অসম বন্ধৰ প্ৰতিক্ৰিয়া

0 44

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৫জানুৱাৰী: ৭৬ সংখ্যক গণৰাজ্য দিৱস বৰ্জনৰ বাবে অসম বন্ধৰ আহ্বান জনোৱা আলফা স্বাধীনক তীব্ৰ সকীয়নি প্ৰদান কৰি কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে সম্প্ৰতি নচলা পইচাত পৰিণত হোৱা আলফা স্বাধীনে চীনৰ আশ্ৰিত হৈ চীনৰ কূটনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে অসমখনত অশান্তি বিয়পাবলৈ অন্তসাৰশূন্য মন্তব্যৰে অসম বন্ধ ঘোষণা কৰাটো হাস্যকৰ। মালিক চীনক সন্তুষ্ট কৰিবৰ বাবেহে গোলামৰূপী আলফাই এইবেলি অসমত গণৰাজ্য দিৱস বৰ্জন তথা অসম বন্ধৰ আহ্বান দিছে বুলি পৰিষদৰ নেতাদ্বয়ে মন্তব্য কৰে। একেটা বিবৃতিতে বৈশ্য আৰু দাসে কয় যে অসমৰ জনসাধাৰণে এতিয়া হিংসাৰ পৰিবেশৰ পৰা আঁতৰি উন্নতিৰ ফালে ধাৱমান হবলৈ আগবাঢ়িছে বাবে আলফা স্বাধীনে ক্রমাৎ হেৰুৱাইছে নিজৰ জনপ্ৰিয়তা আৰু গণভিত্তি। এই আলফা স্বাধীনৰ বিপ্লৱে কেতিয়াও অসমীয়া জাতীয় স্বাৰ্থ সুৰক্ষিত কৰা নাই ইয়াৰ বিপৰীতে সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কোনোধৰণৰ গঠনমূলক সমালোচনাৰ প্ৰতি কাণসাৰ নিদিয়া স্বভাৱ আৰু সকলোৰে ক্ষেত্ৰত প্ৰদৰ্শন কৰা অসহিষ্ণুতাই বিপ্লৱটোক বিপথেহে পৰিচালিত কৰিছে বুলি নেতাদ্বয়ে জানিবলৈ দিয়ে। সেয়েহে আলফা স্বাধীনৰ এনে এক আহ্বানক শক্তি প্ৰদৰ্শনৰ আখ্যা দি অসমৰ জনসাধাৰণক ব্যাপকভাৱে গণৰাজ্য দিৱস উদযাপন কৰিবলৈ পৰিষদে আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More