আলফা স্বাধীনৰ কূটাঘাতৰ পৰিকল্পনা, কেন্দ্ৰৰ সতৰ্কবাণী

0 26

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আলফা স্বাধীন সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে। ️ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা আলফা(স্বা)ৰ সাংগঠনিক আৰু সামৰিক সক্ৰিয়তাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। ️কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সতৰ্ক কৰি দিছে যে আলফাই(স্বা) অসমত অসামৰিক লোক, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। ️ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰিছে তথ্য। ️কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লাভ কৰা তথ্য অনুসৰি আলফা স্বাধীনে অসমত অসামৰিক লোক, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণৰ ব্লু প্ৰিন্ট ৰচনা কৰিছে। যুদ্ধ বিৰতিৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শিথিলতাৰ সুযোগ লৈ আলফাই পুনৰ কূটাঘাতৰ পৰিকল্পনা কৰিছে। বিগত কেইটামান মাহত অসমৰ বহু যুৱক-যুৱতী আলফা স্বাধীনত যোগদান কৰাক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। ️ইয়াৰ পাছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সতৰ্ক কৰি দিয়াৰ লগতে এন আই এক তদন্তৰ নিৰ্দেশ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More