আশা কৰ্মীৰ প্ৰতিবাদত লখিমপুৰৰ ৰাজপথ উত্তাল

পাৰিতোষিক বৃদ্ধিৰ দাবী : বিধায়ক অতুল বৰাৰ বিৰুদ্ধে সৰৱ

0 30

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ, ১৬ ফেব্ৰুৱাৰী:IMG 20230216 WA0015 বিগত ১৫ টা বছৰে কেন্দ্ৰীয় চৰকাৰ স্বাস্থ্য মিছনটোৰ বুনিয়াদ হিচাপে আশাকৰ্মীসকলে ত্যাগ-নিষ্ঠাৰে জনসাধাৰণৰ মাজত সেৱা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত অসমত আজি গর্ভৱর্তী মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ কমাৰ লগতে জনসংখ্যা বৃদ্ধিৰ হাৰো কমিছে। এই ক্ষেত্ৰত তৃর্ণমূল কর্মীসকলক ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বিবেচনাৰ ভাৰসামা হেৰুৱাই ন্যূনতম পাৰিতোষিকৰ ওপৰত আজি ৭৫টা কাম জাপি দিয়া হৈছে। এই ক্ষেত্ৰত আমি ভাবো, অভিভাৱক হিচাপে সন্তানৰ প্ৰতি থকা দায়িত্ব, মৰম-স্নেহ অটুট ৰাখি তৃণমূলকর্মীসকলক মিছনটোৰ মেৰুদণ্ড স্বৰূপে সন্মান আৰু উপযুক্ত মজুৰি দি মাহী আইৰ ভাৱমূর্তি পৰিহাৰ কৰক। কৰনা কালত কেৱল কামৰ বাঃ বাঃ দি হেলিকপ্টাৰেৰে ফুল ছটিয়ালে আশাকৰ্মীৰ পেটৰ ভোক নুগুছাৰ বিষয়ে দৃষ্টিগোচৰ কৰি আশাকৰ্মীসকলক উপযুক্ত মজুৰি মাহিলী কমেও ১৫,০০০ টকা দিয়াৰ ব্যৱস্থা কৰক। –এই ভাষ্য আশা কৰ্মী সন্থাৰ। এক দহ দফীয়া স্মাৰক পত্ৰত সন্থাই কয়– আশাকৰ্মীসকলৰ চাকৰী স্থায়ীকৰণৰ প্ৰস্তাৱ কাৰ্যকৰীকৰণৰ হেতু কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা, ২০১৩ বৰ্ষৰ পৰা ২০১৭ বৰ্ষলৈকে অনাদায় হৈ থকা ধনৰাশি শীঘ্ৰে মোকলাই দিয়াৰ ব্যৱস্থা কৰা, ২০১২-১৩ বৰ্ষৰ প্ৰতিগৰাকী আশাকৰ্মীৰ এলেকাত অনাময় সমিতিত প্ৰদান কৰা ১৫,০০০ হাজাৰ টকাটো সম্পূৰ্ণকৈ প্ৰদান কৰা, অসম চৰকাৰৰ পৰা দিয়া ১০০০ টকা মাননী প্রতি মাহে দিয়াৰ ব্যৱস্থা কৰা, ৬০ বছৰ বয়সৰ উৰ্দ্ধত কাম কৰি থকা আশাকৰ্মীসকলক অৱসৰ দিয়াৰ সিদ্ধান্ত বাতিল কৰা, অসম প্ৰতি গৰাকী আশাকৰ্মীক স্কুটী দিয়াৰ লগতে এণ্ড্ৰইড ম’বাইল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, ২৪-০৩-২০২১ তাৰিখে অসম চৰকাৰে আশাকৰ্মীসকলক পুনৰ ০১-০৪-২০২২ তাৰিখৰ পৰা ১০০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি তথা সিদ্ধান্ত কার্যকৰী কৰা, শাসক দলৰ জ্যেষ্ঠ বিধায়ক অতুল বৰা ডাঙৰীয়াই দিন-ৰাত একাকাৰ কৰি নিজ কর্মত নিয়োজিত অসমৰ আশাকৰ্মীসকলক বাল্য বিবাহক কেন্দ্ৰ কৰি যি বিৰূপ মন্তব্য কৰিছে তাক আশাকর্মী সন্থাই তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে মুখ্যমন্ত্ৰী লগতে দলটোৰ শীর্ষ নেতৃত্বই বিধায়কগৰাকীৰ বিৰুদ্ধে যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আজি লখিমপুৰ চহৰত সহস্ৰাধিক মহিলা কৰ্মীয়ে হাতত বেনাৰ লৈ অতুল বৰা মুৰ্দাবাদ, অতুল বৰা হায় হায়, ধৰ্ণাৰে ৰাজপথ কঁপাই তোলাৰ লগতে এক দহ দফীয়া স্মাৰক পত্ৰ লখিমপুৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে । আজিৰ এই ধৰ্ণা কাৰ্য্যসূচীত সদৌ অসম আশা কৰ্মী সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভানেত্ৰী লিলি কলিতা, সম্পাদিকা দিপালী শইকীয়াৰ লগতে সমিতিৰ বহু বিষয়ববীয়া উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More