আশা পাৰেখলৈ দাদাচাহেব ফাল্কে বঁটা

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ছেপ্টেম্বৰ : প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্বৰ্ধনা জনাব অভিনেত্ৰীগৰাকীক। আজি ২৭ ছেপ্টেম্বৰত সংবাদ সংস্থা ANI-এ টুইট কৰি এই বাতৰি প্ৰকাশ কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সংবাদ সংস্থাসমূহৰ সৈতে এই খবৰ শ্বেয়াৰ কৰিছে। ১৯৫২ চনত ‘আছমান’ ছবিত শিশু শিল্পী হিচাপে অভিনয়ৰ যাত্ৰা আৰম্ভ কৰিছিল বলীউডৰ এইগৰাকী সুন্দৰীয়ে। ইয়াৰ পিছতে ‘কাটি পাটাংগ’, ‘তিচৰী মঞ্জিল’, ‘ডু বদন’, ‘কাৰাৱন’, ‘উপকাৰ’ আদি হিট ছবিৰ নায়িকা হিচাপে দেখা গৈছিল। হিন্দীৰ উপৰি গুজৰাটী আৰু পাঞ্জাবী ভাষাৰ ছবিতো কাম কৰিছিল আশা পাৰেখে। যোৱা কেইটামান দশকত আশা পাৰেখক তেনেকৈ চলচ্চিত্ৰ জগতত দেখা পোৱা নাই। অৱশ্যে পঞ্চাশৰ দশকৰ পৰা সত্তৰৰ দশকৰ মাজভাগলৈকে হিন্দী চিনেমাৰ অন্যতম আগশাৰীৰ নায়িকা আছিল আশা পাৰেখ। ইতিমধ্যে তেওঁ ‘পদ্মশ্ৰী’ (১৯৯২) সন্মান লাভ কৰিছে। আশা পাৰেখ আছিল চেঞ্চৰ ব’ৰ্ড বা চিবিএফচিৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ। তেওঁৰ আকৰ্ষণীয় ফিল্মগ্ৰাফীৰ উপৰি আশা পাৰেখে এগৰাকী পৰিচালকৰ লগতে এগৰাকী প্ৰযোজক হিচাপেও কাম কৰিছে। কামৰ ক্ষেত্ৰত আশা পাৰেখক শেষবাৰৰ বাবে ১৯৯৯ চনৰ ছবি ‘চাৰ আঁখো পৰ’ত দেখা গৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More