আশ্চৰ্যকৰ কৃষ্ণ গহ্বৰ আৱিষ্কাৰ

প্ৰতি ছেকেণ্ডত গিলি থয় এখন পৃথিৱীৰ সমান ভৰ

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জুন : প্ৰতি ছেকেণ্ডত পৃথিৱীৰ সমতুল্য ভৰ গিলি থকা এটা কৃষ্ণগহ্বৰ জ্যোতিৰ্বিজ্ঞানীসকলে দেখা পাইছে। যোৱা ৯ বিলিয়ন বছৰৰ ভিতৰত এইটোৱেই হৈছে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা কৃষ্ণগহ্বৰ। শেহতীয়াকৈ অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্চিটি (AANU)ৰ জ্যোতিৰ্বিজ্ঞানীৰ নেতৃত্বত এটা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ দলে এই আৱিষ্কাৰ কৰিছে। দলটোৰ নেতৃত্ব দিয়া মুখ্য গৱেষক ড° ক্রিষ্ট’ফাৰ অনকেন আৰু সহযোগী ক্রিষ্টিয়ান উল্ফৰ মতে, আমাৰ নিজৰ তাৰকাৰাজ্যৰ পৰা অহা সকলো পোহৰতকৈ কৃষ্ণগহ্বৰটো ৭ হাজাৰ গুণ উজ্জ্বল হৈ পৰে। যাৰ ফলত ই জ্যোতির্বিজ্ঞানীসকলৰ বাবে দৃশ্যমান হৈ উঠে। দুয়োজন জ্যোতিৰ্বিজ্ঞানীয়ে কৃষ্ণগহ্বৰটোক ‘ঘাঁহৰ স্তূপত থকা অতি ডাঙৰ, অপ্ৰত্যাশিত বেজী’ (very large, unexpected needle in the haystack) বুলি বৰ্ণনা কৰিছে। অনকেনৰ মতে, জ্যোতিৰ্বিজ্ঞানীসকলে ৫০ বছৰতকৈও অধিক সময় ধৰি এনেধৰণৰ বস্তুৰ সন্ধান কৰি আহিছে। কিন্তু আচৰিত কথাটো হ’ল এই ‘বিস্ময়কৰভাৱে উজ্জ্বল কৃষ্ণগহ্বৰ’টো ইমানদিনে অলক্ষিতে ৰৈ গৈছিল। গৱেষকসকলক এই আৱিষ্কাৰে আৰু অধিক কৌতুহলী কৰি তুলিছে। এই বিষয়ে ড° অনকেনে কয়— “এতিয়া আমি জানিব বিচাৰোঁ যে, এই কৃষ্ণ গহ্বৰটো কিয় বেলেগ— ইয়াৰ কিবা এটা বিপৰ্যয়জনক ঘটিছিল নেকি? হয়তো দুখন ডাঙৰ তাৰকাৰাজ্যই ইখনে সিখনৰ লগত খুন্দা মাৰি কৃষ্ণগহ্বৰটোক খাদ্য যোগান ধৰিছিল।” গৱেষণাৰ সহযোগী উল্ফৰ মতে, কৃষ্ণগহ্বৰটো ইমানেই বিশাল যে, এনেধৰণৰ আন এটা পোৱা যাব বুলি তেওঁ বিশ্বাস নকৰে। ভাল টেলিস্কোপ থকা যিকোনো ব্যক্তিয়েই কৃষ্ণগহ্বৰটো সহজেই দেখা পায়; কাৰণ ইয়াৰ দৃশ্যমান পৰিমাণ ১৪.৫। মহাকাশত থকা বস্তু এটা পৃথিৱীৰ পৰ্যবেক্ষকৰ আগত কিমান উজ্জ্বল দেখা যায় সেইটো জানিবলৈ কৰা জোখ-মাখ হৈছে দৃশ্যমান পৰিমাপ। আন এজন সহকাৰী বিজ্ঞানী তথা এ এন ইউৰ পি এইচ ডি গৱেষক চেমুৱেল লায়ে কয় যে, ই আমাৰ নিজৰ গেলাক্সিৰ কৃষ্ণগহ্বৰতকৈ ৫০০ গুণ ডাঙৰ। ইতিমধ্যে এই গৱেষণাৰ তথ্য Publications of the Astronomical Society of Australia ত দাখিল কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More