আসন্ন নেকি তৃতীয় বিশ্বযুদ্ধ ? সন্দেহৰ আৱৰ্তত আমেৰিকাৰ ভূমিকা
দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিতে ৰুজভেল্টে জ্বলা জুইত ঘিঁউ ঢলাৰ দৰে বিডেনেও লৈছে একে পন্থা
ৰাণু বৰুৱা, ২১ মে’ :
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ প্ৰায় তিনি মাহ উকলিবৰ হ’ল। কিন্তু যুদ্ধ শাম কটাৰ কোনো লক্ষণেই এতিয়ালৈকে দেখা নাই। ৰাছিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই ইটোৰ পাছত সিটো প্ৰস্তাৱ গ্ৰহণ কৰি আছে যদিও কাৰ্যত: যুদ্ধ অন্ত পেলোৱাৰ ক্ষেত্ৰত বিশ্ব সংস্থাটো একপ্ৰকাৰ ব্যৰ্থ হৈছে। ৰাছিয়াক যিকোনো প্ৰকাৰে বাৰুকৈয়ে এসেকা দিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই চেষ্টাৰ ত্ৰুটী কৰা নাই। দেশখনৰ বিৰুদ্ধে কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰি আমেৰিকাই এতিয়া ইউক্ৰেইনলৈ বৃহৎ পৰিমাণৰ সামৰিক সাহায্যও আগবঢ়াইছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী বাহিনীৰ বিৰুদ্ধে জয়লাভ কৰাৰ সোঁৱৰণত প্ৰতি বছৰেই ৯ মে’ তাৰিখে ৰাছিয়াই উদযাপন কৰি অহা বিজয় দিৱসৰ এই বছৰৰ দিনটোতেই তাৎপৰ্যপূৰ্ণ ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে ইউক্ৰেইনক অধিক সামৰিক সাহায্য প্ৰদানৰ বাবে ‘Ukraine Democracy Defense Lend-Lease Act of 2022′ নামৰ এখন বিধেয়কত স্বাক্ষৰ কৰি আইনত পৰিণত কৰে। এই আইনখনৰ অধীনত ইউক্ৰেইন আৰু আন পূব ইউৰোপীয় দেশসমূহলৈ ঋণ বা লীজত সামৰিক সাহায্য প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনক অপৰিসীম ক্ষমতা প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে আমেৰিকাৰ কংগ্ৰেছত এই বিধেয়কখন প্ৰায় সৰ্বসন্মতিক্ৰমে ৪১৭-১০ টা ভোটত গৃহীত হৈছিল। এই আইনখনৰ পূৰ্বে আমেৰিকাই তৎকালীন ভাৱে যুদ্ধবিধ্বস্ত ইউক্ৰেইনলৈ ইতিমধ্যে আগবঢ়োৱা সাহায্য অন্তৰ্ভুক্ত নহয়। তদুপৰি অলপতে ৰাষ্ট্ৰপতি বিডেনে ইউক্ৰেইনলৈ ঘোষণা কৰা ৩৩ বিলিয়ন ডলাৰৰ নিৰাপত্তা, অৰ্থনৈতিক আৰু মানৱীয় সাহায্যও এই আইনখনে সামৰি নলয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এই আইনখনৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰি কৈছে যে, অপ্ৰৰোচিতভাৱে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰা আক্ৰমণ কোনোপধ্যেই সহ্য কৰিব নোৱাৰি আৰু আক্ৰমণৰ ফলত বিধ্বস্ত হৈ পৰা ইউক্ৰেইনক যুদ্ধক্ষেত্ৰত সহায় কৰাৰ অৰ্থে সামৰিক সাহায্য আগবঢ়োৱাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ দায়িত্ব আৰু কৰ্তব্য। বিধেয়কখনত স্বাক্ষৰ কৰাৰ পাছত ৰাষ্ট্ৰপতি বিডেনে তেওঁৰ ভাষণত কেইবাবাৰো স্পষ্টকৈ ঘোষণা কৰিছে যে, আমেৰিকা যুক্তৰাষ্ট্ৰই কেতিয়াও ইউক্ৰেইনলৈ নিজৰ সৈন্যবাহিনী প্ৰেৰণ নকৰে অৰ্থাৎ ৰাছিয়াৰ লগত সন্মুখ সমৰত অৱতীৰ্ণ নহয়।
কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই প্ৰতিশ্ৰুতি কিমান বিশ্বাসযোগ্য ? এক কথাত যুদ্ধখন শাম কটোৱাৰ বাবে কূটনৈতিক বা ৰাজনৈতিক প্ৰচেষ্টাত মহা শক্তিমান দেশখনে যেনে ধৰণে নেতৃত্ব ল’ব লাগিছিল, তাকে নকৰি যুদ্ধখনৰ গতি আৰু অধিক ত্বৰান্বিত কৰিবলৈহে আমেৰিকাই নানা কূট-কৌশল ৰচনা কৰিছে। তৃতীয় বিশ্বযুদ্ধৰ খাৰ-বাৰুদত ইতিমধ্যে আমেৰিকাই অগ্নি সংযোগ কৰাৰ এটা ধাৰণা পৰিস্ফুট হৈ উঠিছে।এই ৯ মে’ তাৰিখৰ আইনখনেই ইয়াৰ উৎকৃষ্ট প্ৰমাণ।
ইয়াৰ পূৰ্বে আমি যদি দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূমিকালৈ লক্ষ্য কৰোঁ, তেন্তে প্ৰত্যক্ষ কৰিম যে যুদ্ধখনত দেশখনৰ নিৰ্ণায়ক ভূমিকা কি আছিল ? ইউৰোপত নাজী বাহিনী আৰু সুদূৰ প্ৰাচ্যত জাপানৰ আগ্ৰাসনক ৰোধ কৰিবলৈ মিত্ৰ বাহিনীক সামৰিক সাহায্য প্ৰদান কৰিবলৈ ১৯৪১ চনৰ ১১ মাৰ্চত তদানীন্তন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ফ্ৰেঙ্কলিন ৰুজভেল্টে ঠিক এনে এখন আইনেই প্ৰৱৰ্তন কৰিছিল। “An Act to Promote the Defense of the United States” শীৰ্ষক এই আইনখনৰ যোগেদি আমেৰিকা যুক্তৰাষ্ট্ৰই মিত্ৰ শক্তিৰ প্ৰায় ৩০ খন দেশক মুঠ ৫০.১ বিলিয়ন ডলাৰ মূল্যৰ ( ২০২০ চনৰ হিচাপত ৬৯০ বিলিয়ন ডলাৰ) সামৰিক সাহায্য প্ৰদান কৰিছিল। এই সাহায্য লাভ কৰা প্ৰধান দেশকেইখন আছিল গ্ৰেট ব্ৰিটেইন (৩১.৪ বিলিয়ন), ছোভিয়েট ৰাছিয়া (১১.৩ বি), ফ্ৰান্স (৩.২ বি) আৰু চীন (১.৬ বি)। চুক্তি অনুযায়ী যুদ্ধ অন্ত পৰাৰ পাছত এই সামৰিক সামগ্ৰী সমূহ আমেৰিকাক ঘূৰাই দিব লাগিব। কিন্তু যুদ্ধ অন্ত পৰাৰ পাছত দেখা গ’ল যোগান ধৰা অধিকাংশ সামগ্ৰীয়েই আমেৰিকাই ঘূৰাই নাপালে আৰু অৱশিষ্ট যিসমূহ সামগ্ৰী আহিল সেইসমূহ আছিল ব্যৱহাৰৰ অনুপযোগী। আইনখনৰ সন্দৰ্ভত ৰিপাব্লিকান দলৰ এজন সাংসদ ৰবাৰ্ট টাফ্টে তাৎপৰ্যপূৰ্ণ ভাবে মন্তব্য কৰি কৈছিল, “Lending war equipment is a good deal like lending chewing gum – you certainly don’t want the same gum back”.
ইয়াৰ পূৰ্বে ১৯৪০ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী সভাসমূহত ৰুজভেল্টে দেশখনৰ জনগণক আশ্বাস দিছিল যে, যুদ্ধক্ষেত্ৰলৈ কোনো পৰিস্থিতিতে আমেৰিকাৰ সৈন্য প্ৰেৰণ কৰা নহয়। কিন্তু পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই নিজেই দ্বিতীয় বিশ্বযুদ্ধৰ বিভিন্ন সমৰক্ষেত্ৰত অৱতীৰ্ণ হোৱাত দেশখনৰ ৪০৫,৩৯৯ জন সৈন্য নিহত আৰু ৬৭১,২৭৮ জন আহত হ’বলগীয়া হৈছিল। ইয়াৰ উপৰি ১৩০,২০১ জন আমেৰিকান যুদ্ধবন্দী হোৱাৰ লগতে সহস্ৰাধিক এতিয়াও নিৰুদ্দেশ হৈয়েই আছে।
বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বিডেনে ঠিক এনে এখন আইনেই অনুকৰণ কৰি দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিতে ৰুজভেল্টে জ্বলা জুইত ঘিঁউ ঢলাৰ দৰে বিডেনেও ৰাছিয়া-ইউক্ৰেইন যুদ্ধখনতো তেনে এটা ভূমিকা পালন কৰি ইতিহাসৰ পুনৰাবৃত্তি যে নঘটাব তাত সন্দেহৰ অৱকাশ আছে।