আহিনমহীয়া লখিমপুৰত সোৱণশিৰিয়ে ছিঙিলে ভীমপৰা মথাউৰি

নিৰাপদ স্থানলৈ বহু পৰিয়াল

0 23

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১০ অক্টোবৰঃ অৱশেষত সকলোৱে আশংকা কৰাৰ দৰেই আজি সোৱণশিৰিয়ে ভীমপৰা মথাউৰিৰ ন-আলি ঘনচৰাইত মথাউৰি ছিঙে ৷IMG 20221010 WA0063 মথাউৰিৰ ছিগা অংশৰে হোৰাহোৰে পানী সোমোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত আজি বিয়লি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ নদীখনৰ প্ৰবল সোঁত আৰু ঢলে নিমিষতে নিকটৱৰ্তী গাঁৱৰ ঘৰ-বাৰী, খেতি-পথাৰ বুৰাই পেলোৱাত সমগ্ৰ অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সূচনা হয়৷ উল্লেখ্য যে আজি দিনৰ প্ৰায় ৩ বজাত সোৱণশিৰি নদীয়ে ভীমপৰা মথাউৰিটোৰ এক বৃহৎ অংশ বিছিন্ন কৰি বৃহত্তৰ তেলাহী অঞ্চলটোৰ বহু গাঁও জলমগ্ন কৰে৷ আজি সোৱণশিৰিৰ নদীৰ প্ৰচণ্ড সোঁতে মথাউৰিটো বিছিন্ন কৰাৰ পাছত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু মথাউৰিৰ দাঁতি কাষৰীয়া লোকসকল নিৰাপদ স্থানলৈ ঢাপলি মেলে৷ তেওঁলোকে নিজৰ বয় বস্তু, তালি টোপোলা বান্ধি নিৰাপদ স্থানলৈ স্থানান্তৰিত হয়৷ লক্ষণীয় কথা যে বিগত এটা পষেক ধৰি সোৱণশিৰিৰ ভয়াৱহ খহনীয়াৰ কবলত পৰি ভীমপৰা মথাউৰিটো ন-আলি ঘনচৰাইত সোৱণশিৰিৰ বুকুত জাহ যাবলৈ ধৰে৷ লখিমপুৰৰ জলসম্পদ বিভাগ, জিলা প্ৰশাসনে যুদ্ধংদেহি তৎপৰতাৰে খহনীয়া প্ৰতিৰোধেৰে মথাউৰিটো সুৰক্ষাৰ বাবে সকলো প্ৰচেষ্টা চলাইছিল যদিও শেহতীয়াকৈ হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত আজি মথাউৰিটো বিছিন্ন হয়৷ প্ৰাপ্ত তথ্য মতে সোৱণশিৰি নদীয়ে মথাউৰি বিছিন্ন কৰাৰ ফলত অঞ্চলটোৰ ১৩টা পৰিয়ালৰ লগতে ১৬ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান লখিমপুৰ জিলা প্ৰশাসনে ইতিপূৰ্বে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে৷ সম্প্ৰতি উক্ত ভগ্ন মথাউৰিত জিলা প্ৰশাসন, এছ ডি আৰ এফ বাহিনী অভিযানত নামি পৰিছে৷ ইফালে সোৱণশিৰিয়ে ঘনচৰাইত মথাউৰি বিছিন্ন কৰাৰ পিছত তেলাহী মৌজাৰ বিভিন্ন গাঁও প্লাবিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ আজি মথাউৰি ছিঙি নিয়াৰ ফলত আৰু উক্ত ছিঙা অংশৰে সোমোৱা সোৱণশিৰিৰ পানীয়ে ৩ নং ন-আলি কৈৱত্ত, ১ আৰু ২নং খগা চন্দপুৰ, ৰন্তিজান আদি গাঁও জলমগ্ন কৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷  ছিগা অংশৰে প্ৰচণ্ড জোৰেৰে পানী সোমাই অহাৰ ফলত সমগ্ৰ অঞ্চলটোত একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈছে৷ বহুতে আকৌ নিজৰ পশুধন সমূহক ওখ স্থানলৈ স্থানান্তৰিত কৰিছে৷ আহিনমহীয়া অবাঞ্চিত বানৰ কবলত পৰা একাংশ কৃষকে এতিয়া মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ উল্লেখনীয় কথা যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পানীয়েও ভীমপৰা মথাউৰিত খুন্দা মৰাৰ ফলতো মথাউৰিটো বিছিন্ন হোৱাত অৰিহণা যোগায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More