আৰক্ষীৰ জিম্মাত এজনৰ মৃত্যুঃ উন্মত্ত জনতাই জ্বলাই ভষ্মীভূত কৰিলে বটদ্ৰৱা আৰক্ষী থানা
আৰক্ষীৰ বিৰুদ্ধে হাঁহ-দহ হাজাৰ টকা বিচৰাৰ অভিযোগ
শতাব্দ প্ৰতিনিধি, নগাঁও ২১মেঃ
আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উন্মত্ত জনতাই জ্বলাই ছাৰখাৰ কৰিলে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা। প্ৰাপ্ত তথ্য মতে, যোৱা নিশা বটদ্ৰৱাৰ সমীপৰ ভোমোৰাগুৰিৰ পৰা সুৰামত্ত অৱস্থাত ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন লোকক আৰক্ষীয়ে উঠাই আনে। পাছত আজি পুৱা লোকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত আৰক্ষীয়ে তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়ে। তাতে পুৱা ৯.৩০ বজাত লোকজনৰ মৃত্যু ঘটে। পাছত বটদ্ৰৱা আৰক্ষী থানালৈ ছফিকুল ইছলামৰ মৃতদেহ অনাৰ পাছত পৰিয়াল আৰু ছালনাবড়িৰ স্থানীয় লোকে মৃতদেহ চমজি লবলৈ অস্বীকাৰ কৰি থানাৰ সন্মুখন মৃতদেহ ৰাখি ঘেৰাও কৰে। কিন্তু বটদ্ৰৱা থানৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈৰ অনুপস্থিতিত পৰিস্থিতি ক্ৰমান্বয়ে উতপ্ত হৈ পৰে। উন্মত্ত জনতাক বাধা দিবলৈ অহা আৰক্ষীকো মাৰপিট কৰে। লগে লগে বটদ্ৰৱা থানৰ চৌহদত হাজাৰ হাজাৰ লোকে ভংয়কৰ পৰিস্থিতিৰ সৃষ্টি কৰে। উন্মত্ত লোকৰ মাজৰ পৰা প্ৰথমে এগৰাকী মহিলাই থানাত গৈ অগ্নিসংযোগ কৰে। ৩.৪৫ বজাত সংঘটিত এই অগ্নি সংযোগৰ ঘটনাত বটদ্ৰৱা আৰক্ষী থানাৰ ভিতৰত থকা গুৰুত্বপূৰ্ণ নথি পত্ৰ, আৰক্ষীৰ বন্দুক, পিষ্টল, অপৰাধীৰ পৰা জব্দ কৰা অবৈধ মাৰণাস্ত্ৰ, বেংকৰ নথিপত্ৰ, ৮ খন বাইক সহ সম্পূৰ্ণ গৃহতো জ্বলি ভষ্মীভূত হয়। ইয়াৰ পাছত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেকে ধৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে মৃত ছফিকুল ইছলামৰ পৰিয়ালৰ অভিযোগ –বটদ্ৰৱা থানাৰ আৰক্ষীয়ে এটা হাঁহ আৰু দহ হেজাৰ টকাৰ বাবেই চৌহদৰ ভিতৰত মৰিয়াই মৰিয়াই ছফিকুলক হত্যা কৰে। পৰিয়ালৰ মতে ছফিকুল ইছলামে যোৱা নিশা ১০ বজাত মাছৰ ব্যৱসায়ৰ বাবে শিৱসাগৰলৈ ৰাওনা হওঁতেই বটদ্ৰৱা আৰক্ষীয়ে তালাচী চলাই বটদ্ৰৱা থানালৈ লৈ গৈছিল। সেই সময়তে বটদ্ৰৱা থানাৰ আৰক্ষীয়ে এটা হাঁহ আৰু দহ হেজাৰ টকা বিচাৰিছিল। সেয়া দিব নোৱাৰাৰ বাবেই চৌহদৰ ভিতৰত মৰিয়াই মৰিয়াই লোকজনক হত্যা কৰাৰ অভিযোগক কেন্দ্ৰ কৰি বটদ্ৰৱাত পৰিস্থিতি অধিক অৱনতি ঘটে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। ছালনাবড়িৰ স্থানীয় ৰাইজে প্ৰথমতে বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখত মৃতদেহ ৰাখি আৰক্ষী লগত হতাহতি আৰু থানা ভাঙি লণ্ড ভণ্ড কৰি থানাৰ বেৰিকেড লৈ প্ৰথম অৱস্থাত পথ বন্ধ কৰে । পৰিয়ালৰ পৰা পোৱা অভিযোগ মতে টকা দহ হেজাৰ আৰু হাঁহ বিচাৰে যদিও ছফিকুলৰ পত্নীয়ে কেৱল হাঁহ দিয়াত পত্নীৰ সন্মুখতেই প্ৰহাৰ কৰে লোকজনক। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে টকা লৈ থানালৈ আহে যদিও ছফিকুল ইছলামক বিচাৰ খোচাৰ কৰাত তেওঁলোকে ইতিমধ্যে চিকিৎসালয় লৈ প্ৰেৰণ কৰে বুলি জনায় । কিন্তু পৰিয়ালে নগাঁৱত মৰ্গতহে ছফিকুলক উদ্ধাৰ কৰে। ইয়াৰ পিছতেই মৃতদেহ লৈ বটদ্ৰৱা আৰক্ষী পহৰা চকীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থানা ঘেৰাও কৰে। এই ঘটনাত ৰাইজৰ প্ৰহাৰত দুজন আৰক্ষীৰ লোক আহত হয়।