আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনৰ পাতে পাতে আৰক্ষীৰ “কৃতিত্ব” উন্মোচিত

ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা পাহৰিছে একাংশ আৰক্ষীয়ে

0 61

ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ আৰক্ষীৰ আচৰণ। আৰক্ষীৰ বিৰুদ্ধে ২৩০ টা অভিযোগ। অসম আৰক্ষীৰ বিৰুদ্ধে ৫৫ টা গুৰুতৰ অসদাচৰণ আৰু ১৭৫ টা অসদাচৰণৰ ঘটনা। এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰ তলৰ পৰ্যায়ৰ বিষয়াৰ পৰিৱৰ্তে উচ্চ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা তদন্ত কৰোৱাৰ পৰামৰ্শ।

শতাব্দ প্ৰতিনিধি গুৱাহাটী,১০ জুনঃ জনহিত জনসেৱাৰ্থে নিয়োজিত হৈ থকা অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰ‍ায়ে বিভিন্ন অভিযোগ উত্থাপিত হৈ অহাটো কোনো নতুন কথা নহয়। একাংশ আৰক্ষী বিষয়া তথা আৰক্ষী জোৱানৰ আচৰণ-ব্যৱহাৰৰ বাবে অসম আৰক্ষীৰ খাকী পোছাকত দাগ নলগাকৈ থকা নাই। ৰাইজৰ সেৱাৰ বাবে নিয়োজিত কিছুসংখ্যক অসম আৰক্ষীয়ে ৰাইজৰ প্রতি থাকিবলগীয়া দায়বদ্ধতা পাহৰি পেলোৱাৰ কথা পুনৰবাৰ পোহৰলৈ
আহিল ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত। আয়োগে অসম আৰক্ষীয়ে কৰা ৫৫টা গুৰুতৰ অসদাচৰণ আৰু ১৭৫ টা
অসদাচৰণৰ ঘটনা প্রতিবেদনত উল্লেখ কৰিছে। নগাঁৱত ছাত্ৰ সন্থাৰ সদস্য কীৰ্তিকমল বৰাক এনকাউণ্টাৰ কৰি আহত কৰাৰ দৰে শেহতীয়াকৈ সোণাৰিত আৰক্ষীৰ গুলীত আলফা সদস্যৰ সন্দেহত আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা সুৰজ গগৈৰ পত্নীক চৰকাৰী সাহায্য আগবঢ়োৱা কাৰ্যই অসম আৰক্ষীৰ সেই এনকাউণ্টাৰ যে ভুল আছিল, সেই কথা উদঙাই দিছে। আৰক্ষীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ বহু
অভিযোগ উত্থাপন হৈ আহিছে। আৰক্ষীৰ বিৰুদ্ধে থকা অভিযোগসমূহ গ্ৰহণ কৰি যথোপযুক্ত ব্যৱস্থা লোৱাৰ পৰামৰ্শ দিবলৈ ২০০৭ চনৰ এখন আইনৰ অধীনত ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা আৰক্ষী দায়বদ্ধতা আয়োগ গঠন কৰি আহিছে। একাংশ আৰক্ষী বিষয়াৰ ৰাইজৰ প্ৰতি থাকিবলগীয়া দায়বদ্ধতাৰ প্ৰতি প্রশ্ন তুলি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকী আয়োগে ২০২০ চনৰ বাৰ্ষিক প্রতিবেদন অলপতে ৰাজ্য চৰকাৰক দাখিল কৰিছে। জানিব পৰা মতে আৰক্ষী দায়বদ্ধতা আয়োগৰ ওচৰত আৰক্ষীৰ বিৰুদ্ধে মুঠ ২০০টা অভিযোগ দাখিল হৈছিল। এই অভিযোগসমূহৰ ভিতৰত ৫৫ টা গুৰুতৰ অসদাচৰণ আৰু ১৭৫ টা অসদাচৰণৰ ঘটনা প্রতিবেদনখনত উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত আৰক্ষীৰ জিম্মাত দুজনৰ মৃত্যু, এজনক গুৰুতৰভাৱে আহত কৰা, আৰক্ষীৰ দ্বাৰা যৌন আতিশয্য, বলাৎকাৰ আৰু বলাৎকাৰৰ চেষ্টা চলোৱাৰ দুটা ঘটনাৰ কথা আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। তদুপৰি আৰক্ষীৰ দ্বাৰা বিধিগত প্ৰচেষ্টা নচলোৱাকৈ তিনিজনক গ্ৰেপ্তাৰ কৰা, সম্পত্তিৰ প্ৰকৃতগৰাকীক বলপূৰ্বকভাৱে বঞ্চিত কৰাৰ দুটা ঘটনা, ব্লেক মেইলিঙৰ ১৩ টা আৰু ধন দাবীৰ কেইবাটাও অভিযোগ দায়বদ্ধতা আয়োগে উল্লেখ কৰিছে। ৰাজ্য চৰকাৰক আয়োগে দাখিল কৰা প্ৰতিবেদনত আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰা ৩২টা ঘটনা, আৰক্ষীৰ কাষ চপা মানুহক হাৰাশাস্তি কৰা, বেয়া ব্যৱহাৰ কৰাৰ ৩৪টা ঘটনা আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰা ২০টা ঘটনা সম্পর্কত ব্যৱস্থা ল’বলৈ চৰকাৰক আয়োগে পৰামৰ্শ দিছে। তদুপৰি আয়োগে আৰক্ষীৰ ওচৰত দাখিল হোৱা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰসমূহ তলৰ পৰ্যায়ৰ বিষয়াৰ পৰিৱৰ্তে উচ্চ পর্যায়ৰ বিষয়াৰ দ্বাৰা তদন্ত কৰোৱা উচিত বুলিও মন্তব্য কৰিছে। শেহতীয়াকৈ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা নিৰন্তৰ অভিযানৰ সময়ত কেইবাজনো নির্দোষী লোকক গুলীয়াই আহত কৰাৰ অভিযোগ সত্য প্রমাণিত হোৱাৰ পাছত আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনেও একাংশ আৰক্ষীয়ে মানুহক কৰা দুৰ্ব্যৱহাৰৰ অভিযোগৰ সত্যতা উদঙাইছে। লক্ষণীয় বিষয় যে শেহতীয়াকৈ ৰাজ্যত সংঘটিত এনকাউণ্টাৰৰ ঘটনাসমূহে আৰক্ষীৰ প্ৰতি সন্দেহৰ আঙুলি টোঁৱাইছে তথা আৰক্ষীৰ দায়বদ্ধতাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More