আৰু কিমান প্ৰদূষিত হ’ব ’গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ’ মতাপুং-মাগুৰি বিল

অইলৰ গা লৰিব কেতিয়া

0 58

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ মে’ : অইল ইণ্ডিয়া লিমিটেডৰ অকৰ্মণ্যতা আৰু চূড়ান্ত গাফিলতিৰ বাবে তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ’গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ’ৰূপে চিহ্নিত মতাপুং-মাগুৰি বিলৰ লগতে ইয়াৰ কাষৰীয়া জৈৱ মণ্ডলসমূহ বাৰম্বাৰ প্ৰদূষিত হৈ আহিছে । শেহতীয়াকৈ অইলৰ ধেলাখাট-বাৰেকুৰি সংযোগী তেল পৰিবাহী পাইপ লাইনডাল গুইজান নদীৰ ওপৰত দুষ্কৃতিকাৰীয়ে ফুটাই তেল চুৰি কৰাত গুইজান নদীৰ পানী ব্যাপকভাৱে প্ৰদূষিত হৈ পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় সূত্ৰই প্ৰকাশ কৰা মতে পথাৰ আৰু জানৰ বুকুয়েদি পাৰ হৈ যোৱা অইলৰ ধেলাখাট-বাৰেকুৰি সংযোগী তেল পৰিবাহী পাইপ লাইনডাল ফুটাই তেল চুৰি কৰাটো এক দৈনন্দিন ঘটনাত পৰিণত হৈছে । এই পাইপ লাইনডালৰ পৰা নিৰ্গত হোৱা তেল নদীৰ বুকুয়েদি গৈ পৰিছেগৈ মতাপুং-মাগুৰি পক্ষীবিলত । ইয়াৰ ফলত প্ৰদূষিত হৈ পৰিছে ’গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ’ৰূপে পৰিচিত মতাপুং-মাগুৰি বিলৰ লগতে ইয়াৰ কাষৰীয়া নদী আৰু অন্যান্য জৈৱ মণ্ডলসমূহ । স্থানীয় দল সংগঠন আৰু সচেতন মহলে অইল কৰ্তৃপক্ষক পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই অহাৰ পাছতো আজি পৰ্যন্ত অইলে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । অইলৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি দুষ্কৃতিকাৰীয়ে তেল পৰিবাহী পাইপ লাইনডাল ফুটা কৰি অবাধ গতিত খাৰুৱা তেল চুৰি কৰিবলৈ সুবিধা পাইছে । ইয়াৰ পৰিপ্ৰেক্ষিতত তেল চুৰিৰ ফলত প্ৰায়েই প্ৰদূষিত হৈ আহিছে গুইজান নদী আৰু মতাপুং-মাগুৰি বিল । বাৰেকুৰি আঞ্চলিক যুৱ সংঘই অইল ইণ্ডিয়া তথা জিলা প্ৰশাসনক ক্ষিপ্ৰতাৰে এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More