আৰ্চাৰী বিশ্বকাপত ভাৰতৰ সোণঃ বিশ্বক্ৰীড়াত ভাৰতীয়ৰ দমনীয় প্ৰদৰ্শন অব্যাহত

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মে’ : আন্তর্জাতিক মঞ্চত শাসন চলিছে ভাৰতীয় ক্রীড়াবিদৰ। যোৱা দেওবাৰে ইন্দোনেছিয়াক হৰুৱাই টমাছ কাপ বেডমিন্টনত প্রথমবাৰৰ বাবে ভাৰতক চেম্পিয়ন কৰিছিল কিদম্বি শ্রীকান্ত, এইচ এছ প্রণয়হঁতে। সেই ধাৰা বজাই ৰাখি দ্বিতীয়টো চমক দিছিল নিখাত জাৰিনে। তেলঙ্গানাৰ ২৫ বছৰীয়া মহিলা বক্সাৰগৰাকীয়ে ইষ্টানবুলৰ পৰা কঢ়িয়াই আনে বিশ্ব বক্সিঙৰ শ্ৰেষ্ঠ খিতাপ। এইবাৰ শিৰোনামত উঠিল ভাৰতীয় আৰ্চাৰ। কালি ২১ মে’ শনিবাৰে আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পর্বৰ কম্পাউন্ড বিভাগত এটা সোণ, এটা ৰূপ আৰু এটা ব্রঞ্জ পালে ভাৰতীয় দলে। চতুর্থ বাছনিৰ অভিষেক বর্মা, আমন চাইনি আৰু ৰজত চৌহান প্রথমে পিছ পৰিও ফ্রান্সৰ বিৰুদ্ধে দুৰন্ত জয় লাভ কৰে। ফলাফল ২৩২-২৩০। ইফালে ব্যক্তিগত বিভাগত মোহন ভৰদ্বাজে বিশ্ব চেম্পিয়ন নিকো উইৱেনাৰক হৰুৱাই ৰূপ জিকে। একেদৰে অভিষেক বৰ্মাই দ্বিতীয়টো পদক পায় মিক্সড টীম বিভাগত অভনীত কৌৰৰ লগত যুটি বান্ধি। যিটো সাম্প্রতিক সময়ত ভাৰতীয় আৰ্চাৰীত অন্যতম শ্ৰেষ্ঠ সফলতা। ২১ মে’ত ল’ৰাৰ কম্পাউণ্ড ইভেন্টত পদক জয়ৰ বাবে জঁপিয়াই পৰে অভিষেকহঁত। এপ্রিলত আন্টালিয়াত এই একেটা ভাৰতীয় দলেই এক পইন্টৰ ব্যৱধানত ফ্রান্সক হৰুৱাই সোণ জিকিছিল

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More