ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ পৰিকল্পনা এলভিছ আলি হাজৰিকাৰ

0 107

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ নৱেম্বৰঃ শৈশৱতে সাঁতোৰ ক্ষেত্ৰখনত ২২টাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰা অসম সন্তান এলভিছ আলি হাজৰিকাই এইবাৰ পৰিকল্পনা কৰিছে ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ। ৰীলে সন্তৰণবিদ ( Relay Swimmer) ৰূপে ইংলেণ্ডৰ পৰা ইংলিছ চেনেল সাঁতুৰি ফ্ৰান্সলৈ গৈ পুনৰ ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ সাঁতুৰি পাৰ হোৱাৰ পৰিকল্পনা কৰিছে অসম গৌৰৱ এলভিছ আলি হাজৰিকাই। সাগৰৰ প্ৰতিকূলতাৰ প্ৰত্যাহ্বান নেওচি তেঁও মুঠ ৭৮ কিলোমিটাৰ সাঁতুৰিব । আজি এখন সংবাদ মেলত আলি হাজৰিকাই সদৰী কৰা মতে অহা বছৰৰ ১৭ জুলাইৰ পৰা ২২জুলাইৰ ভিতৰত সম্পন্ন কৰিব ইংলিছ চেনেল অভিযানৰ সপোন। যদি এই অভিযান সফল হয় ইংলিছ চেনেল একেলগে দুবাৰ সাঁতুৰি পাৰাপাৰ হোৱা প্ৰথম ভাৰতীয় সন্তৰণবিদ হ’ব এলভিছ। পূৰ্বতে তেঁও আমেৰিকাৰ পৰা মেক্সিকোলৈ কাটালানা চেনেল আৰু যোৱা বছৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ নৰ্থ চেনেল সাঁতুৰি পাৰ হৈ ইতিহাস ৰচিছিল এলভিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More