ইংলেণ্ডৰ ৰাণী এলিজাবেথ দ্বিতীয়ই সিংহাসনত আৰোহণ কৰাৰ ৭০ বছৰ সম্পূৰ্ণ

উখল-মাখল লণ্ডনঃ সকলোৰে লক্ষ্য এতিয়া বাকিংহাম পেলেছ

0 53

শতাব্দ বিশেষ প্ৰতিনিধি, ২ জুনঃ সমগ্ৰ ইংলেণ্ডতে আজিৰে পৰা আৰম্ভ হৈছে চাৰিদিনীয়া ৰাজকীয় উৎসৱ। ইংলেণ্ডৰ ৰাণী এলিজাবেথ দ্বিতীয়ই সিংহাসনত আৰোহণ কৰাৰ ৭০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশখনৰ সকলো প্ৰান্ততে আজিৰে পৰা উদযাপন কৰিবলৈ লোৱা হৈছে ‘প্লেটিনাম জুবিলী’। b982d03b 42d7 4b60 b1b8 3faf9f704219ইতিমধ্যে ৰাজধানী লণ্ডনৰ বাট-পথ সমূহত ৰাষ্ট্ৰীয় পতাকাকে ধৰি বিভিন্ন ৰং-বিৰঙৰ সাজসজ্জা আৰু আলোকেৰে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। বৃটিছ চৰকাৰেও চাৰিদিনীয়া এই উৎসৱটোক শতিকাৰ এটা লেখত ল’বলগীয়া অনুষ্ঠান হিচাপে আয়োজন কৰাৰ প্ৰতিশ্ৰুতি দিছে। প্লেটিনাম জুবিলী উদযাপনৰ অংশ হিচাপে আজিৰে পৰা বেঙ্ক সমূহৰ ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰা হৈছে। সমগ্ৰ লণ্ডন মহানগৰীত এই উপলক্ষে কেইবাহাজাৰো ৰাজহুৱা আৰু ব্যক্তিগত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গীত, নৃত্য, নাটক, আহাৰ সকলোৰে সমাহাৰত লণ্ডন এতিয়া মতলীয়া।
উল্লেখযোগ্য যে, ৰাণী এলিজাবেথ দ্বিতীয়ই বৃটিছ ৰাজতন্ত্ৰত সবাতোকৈ দীৰ্ঘ সময়ৰ বাবে সিংহাসনৰ অধিকাৰী হোৱা ৰাজপৰিয়ালৰ একমাত্ৰ লোক। পিতৃ ৰজা জৰ্জ ষষ্ঠৰ মৃত্যুৰ পাছত ১৯৫২ চনৰ ৬ ফেব্ৰুৱাৰীত এলিজাবেথ দ্বিতীয়ই মাত্ৰ একুৰি পাঁচ বছৰ বয়সত ইংলেণ্ডৰ ৰাজসিংহাসনত অধিষ্ঠিত হৈছিল। ইয়াৰ পূৰ্বে ৰাণী এলিজাবেথ দ্বিতীয়ৰ আজো আজো আইতা ৰাণী ভিক্টোৰিয়াই ৬৩ বছৰ ৭ মাহ কাল সিংহাসনত অধিষ্ঠিত আছিল। ইতিমধ্যে ৰাণী এলিজাবেথ দ্বিতীয়ই ৰাজ সিংহাসনত আৰোহণ কৰাৰ ৰূপালী জয়ন্তী ১৯৭৭, সোণালী জয়ন্তী ২০০২ আৰু হীৰক জয়ন্তী ২০১২ চনত উলহমালহেৰে উদযাপন কৰিছিল। এইবছৰ প্লেটিনাম জয়ন্তী অৱশ্যে ৰাণী এলিজাবেথে তেওঁৰ স্বামীৰ অবিহনেই উদযাপন কৰিব লাগিব, কিয়নো ২০২১ চনত স্বামী প্ৰিন্স ফিলিপৰ দেহাৱসান ঘটিছিল। ৯৬ বছৰত ভৰি দিয়া ৰাণী এলিজাবেথৰ প্ৰতি ইংৰাজসকলৰ এতিয়াও শ্ৰদ্ধা-ভক্তি আছে। এটা সমীক্ষা অনুযায়ী প্ৰতি দহজন ইংৰাজৰ ভিতৰত আঠজনে এতিয়াও ৰাণীৰ প্ৰতি ভাল ভাৱ পোষণ কৰে আৰু ৰাণী হিচাপে তেওঁৰ কাম-কাজত সন্তুষ্ট। আজি পুৱাৰে পৰা লণ্ডন মহানগৰীৰ লক্ষাধিক লোকৰ লক্ষ্যস্থান আছিল মধ্য লণ্ডনৰ বাকিংহাম পেলেছ।A Crowded Mall ৰাজকীয় অনুষ্ঠান উপভোগ কৰিবৰ বাবে মহানগৰীৰ পাৰ্ক সমূহত স্থাপন কৰা বৃহদাকাৰ স্ক্ৰীণ সমূহৰ সন্মূখতো সমবেত হৈছে ভিন ভিন বয়সৰ সহস্ৰাধিক লোক। খবৰ পোৱা মতে ৰাণী এলিজাবেথে অন্যান্য ৰাজপৰিয়ালৰ সদস্যৰ সৈতে বাকিংহাম পেলেছৰ বাৰাণ্ডাৰ পৰা ৰয়েল বৃটিছ এয়াৰ ফ’ৰ্ছৰ ৭০ খন বিমানে আকাশমাৰ্গত কৰা পেৰেড দৰ্শন কৰিছে। ৰাণীৰ সন্মানাৰ্থে হাইড পাৰ্কত এই সময়তে ৮৪ বাৰ তোপধ্বনিও কৰা হৈছে। শাৰীৰিক অসুস্থতাৰ বাবে এইবাৰ ৰাণীয়ে সামৰিক বাহিনীৰ পেৰেডত চেল্যুট গ্ৰহণ নকৰে। ইতিমধ্যে উদযাপনত অংশগ্ৰহণ কৰিবৰ বাবে ৰাজ পৰিয়ালৰ সকলো সদস্যৰ বাকিংহাম পেলেছলৈ আগমন ঘটিছে। ৰাজপৰিয়ালৰ পৰা স্বেচ্ছাই বিচ্ছিন্ন হোৱা প্ৰিন্স হেৰী আৰু তেওঁৰ আমেৰিকান পত্নী মেঘান লছ এঞ্জেলছৰ পৰা আহি লণ্ডনত উপস্থিত হৈছেহি। ইংলেণ্ডৰ উপৰি কমনৱেলথ দেশসমূহতো এই উৎসৱ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধান সকলেও ৰাণী এলিজাবেথক অভিনন্দন জনাই বাৰ্তা প্ৰেৰণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More