ইউক্ৰেইনৰ শিশুক সহায়ৰ বাবে নোবেল পদক বিক্ৰী কৰিব ৰুছ সাংবাদিকে

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ জুন : ইউক্ৰেইনত চলি থকা যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত শিশুসকলক সহায় কৰাৰ উদ্দেশ্যে ৰাছিয়াৰ সাংবাদিক দিমিত্ৰী মুৰাটভে (Dmitry Muratov) নিজৰ নোবেল শান্তি বঁটাৰ পদক নিলাম কৰাৰ সিদ্ধান্ত লৈছে। ২০২১ চনত এই সন্মানীয় বঁটা লাভ কৰা সাংবাদিকগৰাকীয়ে কয় যে, এই নিলামৰ পৰা পোৱা সকলো ধন UNICEF আৰু ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ ফলত স্থানচ্যুত হোৱা শিশুসকলক সহায় কৰাৰ বাবে ব্যৱহাৰ কৰা হ’ব। মুৰাটভে ৰাছিয়াৰ কাকত নোভায়া গেজেটা (Novaya Gazeta) প্ৰতিষ্ঠা কৰিছিল আৰু চৰকাৰৰ সমালোচনাৰ বাবে এই কাকত বন্ধ কৰি দিয়া হৈছিল। ইতিমধ্যে নোবেল বঁটাৰ সৈতে অহা ৫ লাখ ডলাৰৰ নগদ ধন মুৰাটোভে দাতব্য সংস্থাক দান কৰিছে আৰু তেওঁৰ লক্ষ্য হৈছে শৰণাৰ্থী শিশুসকলক ভৱিষ্যতৰ বাবে সুযোগ দিয়া। এছ’চিয়েটেড প্ৰেছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, আমি তেওঁলোকৰ ভৱিষ্যত ঘূৰাই দিব বিচাৰোঁ। হেৰিটেজ অকচনে প্ৰকাশ কৰা এটা ভিডিঅ’ত মুৰাটভে কয়— “এয়া অনুসৰণ কৰিবলগীয়া উদাহৰণ হিচাপে আৰম্ভণি হ’ব লাগিব যাতে মানুহে ইউক্ৰেইনবাসীক সহায় কৰিবলৈ নিজৰ মূল্যৱান সম্পত্তি নীলাম কৰে।” ২০১৪ চনত ক্ৰিমিয়াক অধিগ্ৰহণ কৰাৰ পিছত মুৰাটভে ৰাছিয়া চৰকাৰক অত্যন্ত সমালোচনা কৰিছিল। ফিলিপাইনছৰ সাংবাদিক মাৰিয়া ৰেছাৰ (Maria Ressa) সৈতে তেওঁ একেলগে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More