ইউক্ৰেইনৰ সাৰমেয় ‘পেট্ৰন’লৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ
বিস্ফোৰক উদ্ধাৰ কৰি বচাইছে অসংখ্য প্রাণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মে’ : ৰাছিয়াৰ বিৰুদ্ধে ইউক্রেইন সেনাৰ কৃতিত্বত মুগ্ধ ৰাষ্ট্ৰপতি জেলেনস্কি। সেই কাৰণে তেওঁ তেওঁৰ সেনানীক প্রশংসা কৰিছে। যাৰ কৃতিত্ব দেখিছে, তেওঁৰ হাতত তুলি দিছে ৰাষ্ট্রীয় পুৰস্কাৰ। তাৰ ভিতৰত উল্লেখযোগ্য হ’ল, এটা কুকুৰকো পুৰস্কৃত কৰাটো। জেলেনস্কিৰ সেনাৰ হৈ বিশেষ কৃতিত্বৰ স্বাক্ষৰ ৰাখিছে এই সাৰমেয়ই; যাৰ নাম ‘পেট্রন’। ওৰফে ‘আম্মো’। এই কুকুৰটো ইউক্রেইন সেনাৰ স্নিফাৰ ডগ। ৰাছিয়াৰ সেনাই ইউক্রেইনৰ বিভিন্ন অঞ্চলত মাইন আৰু বিস্ফোৰক পুতি ৰাখিছিল। বিশেষকৈ চেৰনিহিভৰ উত্তৰ-পূব চহৰত। যাৰ ফলত অসংখ্য ইউক্রেইনবাসী আৰু ইউক্রেইনৰ সেনাৰ প্রাণহানিৰ আশঙ্কা আছিল। দিনৰ পিছত দিন ধৰি সেই আশঙ্কা দূৰ কৰিছে পেট্রনে। ৰাষ্ট্রৰ জৰুৰী বিভাগৰ কর্মীসকলৰ দৰেই বিচাৰি বিচাৰি বাহিৰ কৰিছে য’ত য’ত পুতি ৰখা আছে মাইন বা অন্যান্য বিস্ফোৰক। সকলো মিলি ২০০টাৰো বেছি মাইন আৰু বিস্ফোৰক উদ্ধাৰ কৰিছে এই কুকুৰটোৱে। পুৰস্কৃত কৰাৰ সময়ত জেলেনস্কিয়ে নিজেই জনাইছে, পেট্রনে খনি সুৰক্ষাৰ পাঠো দি থাকে। তাৰ এই কাম ৰীতিমত মেছকটৰ দৰেই বুলি জনাইছে খোদ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। পেট্রনৰ গৰাকী মিখাইলো ইলিয়েভ। তেওঁ ৰাষ্ট্ৰপতি জেলেনস্কিৰ পৰামর্শদাতা। ইউক্রেইন সেনাৰ নিৰৱিচ্ছিন্ন প্রতিৰোধৰ মুখত পৰি পিছুৱাবলৈ বাধ্য হৈছে ৰাছিয়াৰ সেনা বাহিনী। পলোৱাৰ আগেয়ে তেওঁলোকৰ পিছত ইউক্রেইন সেনাৰ আক্ৰমণ ৰোধ কৰিবলৈ বিভিন্ন ঠাইত মাইন আৰু বিস্ফোৰক পুতি ৰাখিছিল ৰাছিয়াৰ সেনা বাহিনীয়ে। সেইবোৰ বিস্ফোৰকৰ ফলত বহুজনৰ মৃত্যুও ঘটিছে। তাৰ পিছতেই প্রাণহানি বন্ধ কৰিবলৈ পেট্রনক কামত লগাবলৈ আৰম্ভ কৰে ইউক্রেইনৰ সেনা বাহিনীয়ে। আৰু তাতেই পোৱা গৈছে সাফল্য। এটাৰ পিছত আন এটা বিস্ফোৰক বিচাৰি বাহিৰ কৰিছে পেট্রনে। ফলত বাচিছে বহু ইউক্রেইন সেনা জোৱানৰ প্রাণ। কেৱল সেয়াই নহয়, বাচি গৈছে ইউক্রেইনৰ অসংখ্য সাধাৰণ লোকৰ জীৱনো। ইয়াৰ পিছতেই ক্রমশঃ বিয়পি পৰে পেট্ৰনৰ নাম। ইউক্রেইনত পেট্ৰনৰ অনুৰাগীৰ সংখ্যা বর্তমান কম নহয়। আনকি অন্য দেশবোৰতো বিয়পি পৰিছে এই সাৰমেয়ৰ খ্যাতি। বিশ্বৰ পশুপ্রেমীসকলে এতিয়া যেন সমস্বৰে কৈছে— ক্যা বাট হ্যে পেট্রন!