ইটাখোলাত কিশোৰী নিৰুদ্দেশ 

0 10

জামুগুৰিহাট  : ২ নৱেম্বৰঃ  জামুগুৰিহাটৰ নিকটৱৰ্ত্তী ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত হাটিঙা বাগানৰ মন্ত্ৰা কুমাৰ নামৰ নবছৰীয়া এগৰাকী কিশোৰী যোৱা চাৰিদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে । যোৱা শনিবাৰে বিয়লিৰ ভাগত ঘৰৰ পৰা ওচৰৰ চুবুৰিলৈ ওলাই যোৱাৰ পাছৰ পৰা নিৰুদ্দেশ হৈ আছে কিশোৰী গৰাকী । কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিছে যদিও কিশোৰী গৰাকীৰ সম্ভেদ উলিয়াব নোৱাৰি এতিয়া চিন্তিত হৈ পৰিছে । কিশোৰী গৰাকীৰ পিতৃয়ে ইতিমধ্যে এই সন্দৰ্ভত ইটাখোলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ।কোনো লোকে কিশোৰী গৰাকীৰ সম্ভেদ পালে পিতৃৰ 9365252829 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে । ইটাখোলা আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More