ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত নলবাৰীৰ জয়শ্ৰী বৰ্মনৰ

আটাইতকৈ সৰু শৰাই আৰু জাপি প্ৰস্তুত কলেজীয়া ছাত্ৰীৰ

0 27

শতাব্দ প্ৰতিনিধি, নলবাৰী, ২৮ এপ্ৰিলঃ আটাইতকৈ সৰু শৰাই আৰু জাপি প্ৰস্তুত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে জিলাখনৰ এগৰাকী ছাত্ৰীয়ে। নলবাৰী জিলাৰ নপ্তিপাৰাৰ এই ছাত্ৰী গৰাকী হৈছে জয়শ্ৰী বৰ্মন। টিহু মহাবিদ্যালয়ত অধ্যয়নৰত জয়শ্ৰী বৰ্মনে অলপতে এম চিলেৰে এই সামগ্ৰী দুবিধ তৈয়াৰ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, শৰাইখন ৪.২ ছেণ্টিমিটাৰ আৰু জাপিৰ দীঘল বহল ১.৩ ছেণ্টিমিটাৰ। জয়শ্ৰী বৰ্মনে পঢ়াৰ লগতে নিজে ডিজাইন কৰি অসমীয়া গহনা বনাই ইতিমধ্যে বিভিন্নজনৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে। ফেচবুকত ‘জয়শ্ৰী ষ্টোৰ’ নামেৰে থকা পেজত সকলো উপলব্ধ বুলি জানিব পৰা গৈছে। দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদিকা সাংস্কৃতিক আৰু সৃষ্টিশীল মনৰ ছাত্ৰীগৰাকীৰ এই সাফল্যত পিতৃ মাতৃৰ লগতে বিভিন্নজনে আনন্দ প্ৰকাশ কৰে। জয়শ্ৰীৰ সাফল্যত দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, সামাজিক সংস্থা প্ৰজন্ম, সপোন আদিয়ে অভিনন্দন জ্ঞাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More