ইতিবাচক আৰু সুস্থ চিন্তা যিকোনো ৰোগ উপশমৰ ঔষধ হ’ব পাৰে : ড° ভূৱনেশ্বৰ চহৰীয়া 

সাতটাকৈ কেম'থেৰাপী গ্ৰহণ কৰা কৰ্কট ৰোগীৰ কাব্যগ্ৰন্থ প্ৰকাশেৰে তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ দৃষ্টান্তমূলক পদক্ষেপ

0 30

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ নবেম্বৰ : ককৰ্ট ৰোগত আক্ৰান্ত হৈ সাতটাকৈ কেম’থেৰাপী গ্ৰহণ কৰা তেজপুৰৰ লোকনায়ক অমিয় কুমাৰ দাস কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীক মানসিক শক্তি প্ৰদান কৰি তেজপুৰ জনসাংস্কৃতিক পৰিষদে তেঁওৰ দ্বাৰা ৰচিত এখন কাব্যগ্ৰন্থ আজি বিদ্বৎ সমাজৰ উপস্থিতিত বিশেষভাৱে উন্মোচন কৰি অসুস্থ শিক্ষয়িত্ৰীগৰাকীক এই ৰোগ উপশমৰ বাবে যেন আন এক ঔষধ প্ৰদান কৰে। উল্লেখ্য যে, তেজপুৰৰ অসমীয়া ক্লাবৰ প্ৰেক্ষাগৃহত তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ উদ্যোগত আজি এইগৰাকী উদীয়মান কবি তথা শিক্ষয়িত্ৰীক বিশেষভাৱে মনোবল প্ৰদান কৰিবলৈকে আয়োজন কৰা অনুষ্ঠানটিত দৰংমহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক তথা বিশিষ্ট চিন্তাশীল লেখক ড° কংকন ডেকাই ৰুণুমী শৰ্মা গোস্বামী নামৰ শিক্ষয়িত্ৰীগৰাকীৰ ‘আলোড়িত সময়’ শীৰ্ষক কাব্য গ্ৰন্থখন উন্মোচন কৰাৰ লগতে একেটা অনুষ্ঠানতে একেলগে বিশিষ্ট সমাজকৰ্মী তথা ৰূপকোঁৱৰৰ ভতিজী মিনাক্ষী ভূঞাই তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া আৰু বিশিষ্ট শিক্ষাবিদ ড° ভূৱনেশ্বৰ চহৰীয়া, বিশিষ্ট নাট্যকাৰ পৰিচালক ঐশ্বৰ্য কাকতিৰ জৰিয়তে উন্মোচন কৰে জনসাংস্কৃতিক পৰিষদৰ কবিকন্ঠৰ কাব্যালোচনী ‘প্ৰয়াস’ৰ ঊনবিংশ বৰ্ষৰ দ্বিতীয়টো সংখ্যা। তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ সভাপতি তথা বিশিষ্ট কবি, লেখিকা ৰাজু বৰুৱাৰ পৌৰোহিত্যত সম্পাদক স্বপন মজুমদাৰে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে বিশিষ্ট শিক্ষাবিদ লিপিকা চহৰীয়াই কবি অমূল্য বৰুৱাৰ ‘বিপ্লৱী’ শীৰ্ষক কবিতাটো আবৃত্তি কৰাৰ পিছত সভাপতি ৰাজু বৰুৱাৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত জনসাংস্কৃতিক পৰিষদৰ কাব্যালোচনী ‘প্ৰয়াস’ৰ উন্মোচক সমাজকৰ্মী মিনাক্ষী ভূঞাই দীৰ্ঘদিন ধৰি জনসাংস্কৃতিক পৰিষদে তেজপুৰত এক প্ৰগতিশীল দৃষ্টিভংগীৰে জনতাৰ কল্যাণৰ বাবে নিৰলসভাৱে বহু যোগাত্মক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বুলি কৈ এনে প্ৰয়াসৰ শলাগ লয়। পৰিষদৰ ‘প্ৰয়াস’ কাব্যালোচনীৰ জৰিয়তে বহু সুপ্ত প্ৰতিভাৰ সৃষ্টিক পাঠক সমাজৰ সন্মুখলৈ লৈ অহাৰ প্ৰচেষ্টাৰ শলাগ লৈ ৰূপকোঁৱৰৰ ভতিজী মিনাক্ষী ভূঞাই এগৰাকী অসুস্থ শিক্ষয়িত্ৰীক মনোবল প্ৰদান কৰি এখন গ্ৰন্থ প্ৰকাশ কৰি উন্মোচনৰ ব্যৱস্থা কৰাটোও এক মহৎ পদক্ষেপ বুলি মন্তব্য কৰে। কবি, শিক্ষয়িত্ৰী ৰুণুমী শৰ্মা গোস্বামীৰ কন্যা উদ্দীপনা গোস্বামীয়ে এই অনুষ্ঠানতে সুধাকণ্ঠৰ ‘আকাশী গংগা বিচৰা নাই’ শীৰ্ষক গীতটো পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰা অনুষ্ঠানটোত কাব্য গ্ৰন্থখনৰ উন্মোচক অধ্যাপক ড° কংকন ডেকাই কবিয়ে সমসাময়িক সমাজৰ সমস্যা, মানুহৰ সুখ-দুখৰ কথা নিজৰ কবিতাত তুলি ধৰিব পাৰিলেহে সেই কবিতাৰ লগতে কবিগৰাকীয়েও পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় বুলি মন্তব্য কৰি ভাষণ প্ৰসংগত সমসাময়িক সামাজিক পটভূমিৰ পৰা কবিক কেতিয়াও বিচ্ছিন্ন কৰিব নোৱাৰি বুলি কয়। পাঠকৰ চেতনাৰ লগত কবিৰ চেতনা একাত্ম হ’লে সেই কবিতাই সমাদৰ লাভ কৰিবলৈ সক্ষম হয় বুলি মন্তব্য কৰি ড° ডেকাই কবিয়ে সদায় মানৱতাৰ জয়গান গাব লাগিব বুলিও মন্তব্য কৰে। অনাতাঁৰ শিল্পী জীৱেন্দ্ৰ মোহন গোস্বামী, দেৱযানী শৰ্মাই গীত পৰিবেশন কৰা আৰু তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া, দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° দুলাল চন্দ্ৰ দাসে ভাষণ দিয়া গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিশিষ্ট শিক্ষাবিদ ড° ভূৱনেশ্বৰ চহৰীয়াই ইতিবাচক আৰু সুস্থ চিন্তাই যিকোনো ৰোগ উপশমৰ ক্ষেত্ৰত ঔষধৰ দৰে কাম কৰে বুলি মন্তব্য কৰি ৰুণুমী শৰ্মা গোস্বামীয়ে এনেদৰে সৃষ্টিশীলতাত ৰত হৈ থকাৰ পৰিৱেশ জনসাংস্কৃতিক পৰিষদে সৃষ্টি কৰাটো এক যোগাত্মক দিশ বুলি মন্তব্য কৰে। উল্লেখ্য যে, তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানতে কৰ্কট ৰোগৰ সৈতে সংগ্ৰামপূৰ্ণ জীৱন অতিবাহিত কৰি অহা ৰুণুমী শৰ্মা গোস্বামীয়ে কৰ্কট ৰোগক দুৰাৰোগ্য বুলি অভিহিত কৰাৰ বিৰোধিতা কৰি এই শব্দটোৱে মানসিকভাৱে এনে ৰোগীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে বুলি কৈ এই শব্দটো পৰিহাৰ কৰিবলৈ সকলোৰে প্ৰতি নিজৰ চমু ভাষণত আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More