ইতিহাস ! যাত্ৰীয়ে বিমান নিৰাপদে অৱতৰণ কৰিলে

উড়ন্ত-বিমানত-অচেতন-পাইলট

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ মে’ : আমেৰিকাৰ ফ্লৰিদাত এক অদ্ভুত ঘটনা ঘটাৰ কথা জানিব পৰা গৈছে। পাম বিচ (Palm Beach) আন্তর্জাতিক বিমানবন্দৰত চেচনা কেৰাভান নামৰ এটা ইঞ্জিনযুক্ত এখন বিমানৰ নিৰাপদ অৱতৰণ বর্তমান আলোচনাৰ কেন্দ্র বিন্দু হৈ উঠিছে। জানিব পৰা মতে ট্ৰেফিক কন্ট্র’লাৰৰ সহায়ত ডাৰেন হেৰিছন (Darren Harrison) নামৰ এজন যাত্রীয়ে বিমানখন নিৰাপদে বিমান বন্দৰত অৱতৰণ কৰায়। এই যাত্রীজনে বিমানৰ পৰা ট্রেফিক কন্ট্র’লাৰক জনায় যে, চেচনা কেৰাভানৰ পাইলটে সংজ্ঞা হেৰুৱাইছে। মেডিকেল ইমার্জেন্সিৰ কাৰণে পাইলট যেতিয়া অসুস্থ হৈ পৰে তেতিয়া বিমানখন গন্তব্যৰ পৰা ১১২ কিলোমিটাৰ দূৰত আছিল। 1652355965167বিমানখনত ১৪ জন যাত্ৰী আছিল আৰু গতিবেগ আছিল প্রতি ঘন্টাত ৩৪৬ কিলোমিটাৰ। ট্ৰেফিক কন্ট্র’লৰ তৰফৰ পৰা ৰবাৰ্ট মৰ্গানে (Robert Morgan) বিমানখনৰ অৱস্থান জানিব বিচৰাত যাত্রীজনে কয় যে এই বিষয়ে তেওঁৰ কোনো ধাৰণা নাই। তেওঁ জনালে যে, ওচৰত ফ্লৰিদা উপকূল দেখিবলৈ পাইছে। ট্রেফিক কন্ট্র’লৰ পৰা যাত্রীজনে বিমানখনৰ উইং লেভেল স্থিৰ ৰাখিবলৈ আৰু উপকূলৰ সমান্তৰালভাৱে যাবলৈ কোৱা হয়। ইয়াৰ লগে লগে ট্রছফিক কন্ট্র’ল কর্মীসকলে বিমানখন বিচাৰি উলিওৱাৰ চেষ্টা আৰম্ভ কৰে। ট্রেফিক কন্ট্র’লৰ নির্দেশ মানি বিমানখনৰ নিৰাপদ অৱতৰণত সফল হয় যাত্রীসকল। অৱতৰণৰ পিছত ৰেডিঅ’ত কন্ট্র’লাৰে ঘোষণা কৰে যে, এখন বিমান কিছু যাত্রীয়ে মিলি বিমানবন্দৰত অৱতৰণ কৰিছে। এই ঘোষণা শুনি মানুহ অবাক হৈ পৰে। এভিয়েচন বিশেষজ্ঞসকলে জনাইছে যে, এইবাৰেই প্রথমবাৰৰ বাবে এৰ’নটিকেল অভিজ্ঞতাবিহীন কোনো ব্যক্তিয়ে এখন বিমান নিৰাপদে অৱতৰণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More