ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱসঃ অন্ধবিশ্বাস-কুসংস্কাৰ দূৰীকৰণ’ বিষয়ক আলোচনা সত্ৰ

0 32

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ ১৬ মে’ : সমাজৰ পৰা অন্ধবিশ্বাস দূৰীকৰণ আৰু বিজ্ঞান মনষ্কতা সৃষ্টি কৰি এক প্ৰগতিশীল ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত ইলোৰা বিজ্ঞান মঞ্চই সফলতাৰে ২০ বছৰ অতিক্ৰম কৰিলে। এই লৈ ইলোৰা বিজ্ঞান মঞ্চৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ১৫ মে’ত এখনি আলোচনা সত্ৰ অনুষ্ঠিত হয়। ইলোৰা বিজ্ঞান মঞ্চৰ নাৰায়ণপুৰ শাখাৰ উদ্যোগত নাৰায়ণপুৰ বালিকা মজলীয়া বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণ’ শীৰ্ষক বিষয়ত অনুষ্ঠিত হোৱা সভাখনত বিজ্ঞান শিক্ষক তথা ইলোৰা বিজ্ঞান মঞ্চৰ আজীৱন সভ্য অতুল হাজৰিকাই সভাপতিত্ব কৰে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বালিকা মজলীয়া বিদ্যালয়ত দিনৰ অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নাৰায়ণপুৰ শাখাৰ উপ-সভাপতি জোনটি বৰুৱা শইকীয়া আৰু আজীৱন সভ্য প্ৰদীপ ভূঞাই। সম্পাদক জগত গগৈয়ে আঁত ধৰা সভাৰ আৰু সহকাৰী সম্পাদক তথা খণ্ড সমল ব্যক্তি ড° বিনোদ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰে। জিঞ্জিৰি বৰাৰ গীতেৰে আৰম্ভ হোৱা সভাত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰঞ্জিত দত্তই বিষয়বস্তুৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। তেখেতে বক্তব্যত সমাজত চলি অহা অন্ধবিশ্বাস আৰু কুসংস্কাৰ সামাজিক উন্নয়নৰ অন্তৰায় বুলি উল্লেখ কৰাৰ লগতে এইক্ষেত্ৰত সমাজৰ পৰা ডাইনী কাণ্ড, অন্ধবিশ্বাস, কুসংস্কাৰ, সমাজৰ অশুভ পৰম্পৰা দূৰ কৰি সত্য, শুদ্ধ বাণী বিলোৱা কামত নিজক আত্মোউৎসৰ্গিত কৰাৰ বাবে পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হোৱা বিৰুবালা ৰাভাৰ অৱদানৰ কথাও সুন্দৰভাৱে উপস্থাপন কৰে। নাৰায়ণপুৰ বালিকা মজলীয়া বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পূৰ্ণ সহযোগিতাত অনুষ্ঠিত উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে নাৰায়ণপুৰ বালিকা মজলীয়া বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰেন শইকীয়াই, সমজুৱা একাষাৰত পূৰ্ণিমা শইকীয়া আৰু জোনটি বৰুৱা শইকীয়াই বক্তব্য আগবঢ়ায়। সভাখনৰ আৰম্ভণিতে সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰ, ডাইনী হত্যাৰ দৰে অসামাজিক কামৰ বিপৰীতে বিজ্ঞান মনস্কতাৰে এখন পৰিশুদ্ধিত সমাজ গঠনৰ বাবে আজীৱন সেৱা আগবঢ়াই যোৱা ১৩ মে’ত মৃত্যুক সাৱটি লোৱা পদ্মশ্ৰী বঁটাপ্ৰাপক বিৰুবালা ৰাভা, ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সদস্য গোলাপ বৰুৱাৰ মাতৃ যোগেশ্বৰী বৰুৱা প্ৰমুখ্যে জ্ঞাতে-অজ্ঞাতে বিয়োগ ঘটা ব্যক্তিসকলৰ মৃত্যুৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। উক্ত সভাত ছাত্ৰ সুদৰ্শন দেউৰীয়ে এটি গীত পৰিৱেশন কৰে আৰু শেষত জাতীয় সংগীতেৰে সভা সামৰণি পেলোৱা হয়। বিজ্ঞান মনষ্কতা সৃষ্টি আৰু অন্ধবিশ্বাস দূৰীকৰণৰ যাত্ৰাত ইলোৰা বিজ্ঞান মঞ্চই সফলতাৰে ২০ বছৰ অতিক্ৰম কৰাত সৰ্বজনে প্ৰশংসা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More