ই-স্কুটাৰ কিনিব নেকিঃ ই-স্কুটাৰত সংঘটিত অগ্নিকাণ্ডৰ কথা জানি লওক

0 93

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪মে’ : ভাৰতত বৈদ্যুতিক বাহন বিশেষকৈ দুচকীয়া বৈদ্যুতিক বাহন জনপ্ৰিয় হৈ অহাৰ সময়তে কেইবাঠাইতো এই বাহনসমূহত আকস্মিক ভাবে জুই লগাৰ দৰে ঘটনাই ক্ৰেতাসকলক উদ্বিগ্ন কৰি তুলিছে। এতিয়ালৈকে দেশখনত এনে ধৰণৰ বাৰটা মান বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনা ঘটাৰ খবৰে চৰকাৰকো সচকিত কৰি তুলিছে। এপ্ৰিল মাহত সংঘটিত দুটা অগ্নিকাণ্ডৰ ঘটনাৰ পাছত কেন্দ্ৰীয় উপভোক্তা মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকাৰীয়ে এই ই-স্কুটাৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান দুটালৈ জাননীও প্ৰেৰণ কৰিছিল।123bc364 ad35 11ec 872a 99283e1803a9 1648320575509 1650846673908
কেন্দ্ৰীয় পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰালয়ে অবাঞ্ছিত এনেধৰণৰ ঘটনাৰ অনুসন্ধান কৰিবৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাক দায়িত্ব অৰ্পণ কৰিছিল আৰু সংস্থাটোৱে অলপতে ইয়াৰ প্ৰতিৱেদন দাখিল কৰিছে। অনুসন্ধানৰ প্ৰতিৱেদন অনুযায়ী ভাৰতত ই-স্কুটাৰ নিৰ্মাণ কৰা Okinawa Autotech, Pure EV, Jitendra EV, Ola Electric, Boom Motors এই কেইটা প্ৰতিষ্ঠানে মূল্য হ্ৰাস কৰিবৰ বাবে ই-স্কুটাৰ সমূহত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ প্ৰমাণ স্থাপিত হৈছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ The Centre for Fire, Explosive & Environmental Safety এ প্ৰস্তুত কৰা প্ৰতিৱেদনখনত কিছু সংখ্যক ই-স্কুটাৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বেটেৰী আৰু বেটেৰীৰ আৰ্হিত থকা বিসঙ্গতিৰ বাবেই এনে অগ্নিকাণ্ডৰ ঘটনা ঘটিছে বুলি নিশ্চিত হোৱা গৈছে। প্ৰতিৱেদন প্ৰকাশৰ পাছত এতিয়া পথ পৰিৱহণ মন্ত্ৰালয়ে অভিযুক্ত প্ৰতিষ্ঠান সমূহক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। অগ্নিকাণ্ড সংঘটিত হোৱা নিৰ্মাণকাৰী প্ৰতিষ্ঠান সমূহে ই-স্কুটাৰ সমূহক পুনৰ বজাৰৰ পৰা ঘূৰাই আনিছে। বিশেষজ্ঞ সকলৰ মতে ই-স্কুটাৰ সমূহত ব্যৱহাৰ কৰা বেটেৰীৰ কোষ আৰু আৰ্হিত থকা বিসঙ্গতিৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এতিয়া সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ই-স্কুটাৰ সমূহৰ গুণগত মান অক্ষুণ্ণ ৰাখিবৰ বাবে নতুনকৈ এলানি নিৰ্দেশাৱলী ঘোষণা কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More