উখল মাখল পৰিৱেশত কাইলৈৰ পৰা লখিমপুৰত আছুৰ সাধাৰণ সভা

বিস্তৃত কাৰ্যসূচী প্ৰকাশঃ সমবেত হ’ব ৰাজ্যৰ কেবা সহস্ৰ ছাত্ৰ প্ৰতিনিধি

0 219

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ নৱেম্বৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰনাথ শৰ্মাৰ দৰে মুষ্টিমেয় জাতীয়তাবাদী আৰু স্বাভিমানী ব্যক্তিৰ প্ৰত্যক্ষ নেতৃত্বত গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰত জন্ম হৈছিল অসমৰ প্ৰথমটো ছাত্ৰ সংগঠন ‘অসম ছাত্ৰ সন্মিলন’।IMG 20221118 WA0015 সেয়া আছিল ২৫ ডিচেম্বৰ, ১৯১৬ চন। সময়ৰ আৱহমান গতিত ‘অসম ছাত্ৰ সন্মিলন’ খণ্ডিত হল, ৰূপ সলালে, নতুন নামো ললে বিভিন্ন সময়ত। কিন্ত অসমত ছাত্ৰ শক্তিৰ সংগঠিত সংগ্ৰামৰ ধাৰা চলিয়েই থাকিল। যোৱা শতিকাৰ পঞ্চম দশকৰ শেষভাগৰ পৰাই সমগ্ৰ অসমকে সামৰি এটি অৰাজনৈতিক, ধৰ্মনিৰপেক্ষ, জাতীয়তাবাদী চৰিত্ৰৰ ছাত্ৰ সংগঠন জন্ম দিয়াৰ কুচ-কাৱাজ আৰম্ভ হল। এই আখৰাই স্থায়ী ৰূপ পালে ১৯৬৬ চনত। যোৰহাটত নতুন ৰূপত গঠন কৰা হ’ল ‘সদৌ অসম ছাত্ৰ সন্থা’। তাৰ এবছৰৰ পিছত তেজপুৰত অনুষ্ঠিত হোৱা সাধাৰণ অধিৱেশনে সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান গৃহীত কৰে। ছাত্ৰ সন্থাৰ এক অন্যতম বৃহৎ আৰু গুৰুত্বপূৰ্ণ কাৰ্যসূচী হৈছে ‘সাধাৰণ সভা’। ছাত্ৰ সন্থাৰ সাধাৰণ সভা মানেই অসমৰ জাতীয় জীৱনৰে সংপৃক্ত বিষয়সমূহৰ নিৰ্মোহ বিশ্লেষণ আৰু ভৱিষ্যৎ কৰ্মপন্থা নিৰূপণৰ আখৰাস্থলী। সদৌ অসম ছাত্ৰ সন্থাই এইবেলি সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, উত্তৰ লক্ষীমপুৰ মহকুমা ছাত্ৰ সন্থা, উত্তৰ লক্ষীমপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু লক্ষীমপুৰবাসী ৰাইজৰ সহযোগত ১৯, ২০ আৰু ২১ নৱেম্বৰত (২০২২) ‘সাধাৰণ সভা’ৰ আয়োজন কৰিছে। অসমৰ প্ৰায় প্ৰতিখন জিলাৰ কেবা সহস্ৰ ছাত্ৰ সন্থাৰ কৰ্মী, অতিথি আৰু শুভাকাংক্ষীৰ উপস্থিতিত এই সাধাৰণ সভাই নিৰ্ধাৰণ কৰিব ভৱিষ্যৎ দিনৰ অগ্ৰগতিৰ ৰূপৰেখা। লক্ষীমপুৰৰ পদ্মনাথ গোহাঞি বৰুৱা ক্ষেত্ৰত বৰ্ণাঢ্য ৰূপত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ সভাখনৰ তিনিদিনৰ বিস্তৃত কাৰ্যসূচী প্ৰকাশ কৰাৰ লগতে লক্ষীমপুৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কাৰ্যসূচী অনুসৰি ১৯ নৱেম্বৰৰ পুৱা ৮ বজাত পৰিৱেশ নিকাকৰণ, পুৱা ৯ গছপুলি ৰোপন। ৰোপক- অশোক দেৱচৌধুৰী, জিলা বন বিষয়া, লক্ষীমপুৰ। পুৱা ১০ বজাত ড০ ভূপেন হাজৰিকা সোঁৱৰণী মূল তোৰণ উদঘাটন কৰিব ড০ গোলাপ শৰ্মা বৰুৱা, অধ্যক্ষ, কেন্দ্ৰীয় মহাবিদ্যালয়। পুৱা ১০-৩০ বজাত মূল মঞ্চ আৰু মণ্ডপ ‘পানীন্দ্ৰ নাথ গগৈ সোঁৱৰণী মূল মঞ্চ’ আৰু ‘হোমেন বৰগোহাঞি সোঁৱৰণী মণ্ডপ’ উদ্বোধন কৰিব ক্ৰমে ড০ সুৰেশ দত্ত, অধ্যক্ষ, অ পি ডি মহাবিদ্যালয় আৰু ড০ লোহিত হাজৰিকা, অধ্যক্ষ, লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়। পুৱা ১১ বজাত সাহিত্য প্ৰতিযোগিতা (তৰ্ক আৰু কবিতা) উদ্বোধক ড০ সুৰজিৎ ভূঞা, অধ্যক্ষ, লক্ষীমপুৰ বালিকা মহাবিদ্যালয়। পুৱা ১১-৩০ বজাত গ্ৰন্থ আৰু বাণিজ্য মেলা উদ্বোধন কৰিব সঞ্জীৱ দলৈ, অতিৰিক্ত উপায়ুক্ত লক্ষীমপুৰ। পুৱা ১২ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন। দিনৰ ১২-৩০ বজাত নন্দকিশোৰ মহেশ্বৰী সোঁৱৰণী অতিথিশালাৰ দ্বাৰ মুকলি কৰিব ড০ বুবুল শইকীয়া, অধ্যক্ষ, এল.টি.কে. মহাবিদ্যালয়। দিনৰ ১ বজাত লখিমী ভোজনালয় দ্বাৰ মুকলি কৰিব নবিউল হুছেইন, প্ৰাক্তন ছাত্ৰ নেতা, অসম আন্দোলন। সন্ধ্যা ৭বজাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। নিশা ৯ বজাত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিবতৰুণ দত্ত, বিশিষ্ট সমাজ সেৱক। ২০ নৱেম্বৰৰ পুৱা ৭বজাত পৰিবেশ নিকাকৰণ। পুৱা ১০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব দিপাংক কুমাৰ নাথ, সভাপতি, সদৌ অসম ছাত্ৰ সন্থা। পুৱা ১০-৩০ বজাত শ্বহীদ তৰ্পণ কৰিব শংকৰজ্যোতি বৰুৱা, সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থা। পুৱা ১১-৩০ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব কৰিব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, মুখ্য উপদেষ্টা, সদৌ অসম ছাত্ৰ সন্থা। আবেলি ৪ বজাত অসম আন্দোলনৰ শ্বহীদ স্মৃতি প্ৰতিনিধি গৃহত প্ৰতিনিধি সভা উদ্বোধন কৰিব ড০ প্ৰৱাল শইকীয়া, সভাপতি, অভ্যৰ্থনা সমিতি। সন্ধ্যা ৭ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব নাজিম আহমেদ, প্ৰাক্তন কাৰ্যকৰী সভাপতি, অসম নাট্য সন্মিলন। ২১ নৱেম্বৰৰ পুৱা ৭বজাত পৰিবেশ নিকাকৰণ। পুৱা ১০ বজাত প্ৰতিনিধি সভা পুনৰ আৰম্ভ। পুৱা ১১বজাত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। দিনৰ ২ বজাত মুকলি সভা আৰম্ভ। সভাপতিত্ব কৰিব দিপাংক কুমাৰ নাথ, সভাপতি, সদৌ অসম ছাত্ৰ সন্থা। অভ্যৰ্থনা সমিতিৰ সভাপতিৰ আদৰণী ভাষণ- ড০ প্ৰবাল শইকীয়া। আদৰণী ভাষণ সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থা। ছাত্ৰ সন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰিব শংকৰজ্যোতি বৰুৱা, সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থা। মুখ্য অতিথি ড০ জিতেন হাজৰিকা, উপাচাৰ্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়। নিৰ্দিষ্ট বক্তা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, মুখ্য উপদেষ্টা, সদৌ অসম ছাত্ৰ সন্থা। বিশেষ সন্মানীয় অতিথি প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপজ্যোতি গগৈ, উপদেষ্টা, সদৌ অসম ছাত্ৰ সন্থা। স্মৃতিগ্ৰন্থ ‘স্বৰ্ণ-লক্ষ্মী’ উন্মোচন কৰিব সুমিত চাত্তাৱান, উপায়ুক্ত, লক্ষীমপুৰ। বিশেষ আমন্ত্ৰিত অতিথি দ্বীপেন বড়ো, সভাপতি, নিখিল বড়ো ছাত্ৰ সন্থা। পলাশ চাংমাই, সাধাৰণ সম্পাদক, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ। Mr. Ritum Tali, General Secretary, All Arunachal Pradesh Students Union. ৰাজকুমাৰ মৰাং, সভাপতি, সদৌ মিছিং ছাত্ৰ সন্থা। সন্মানীয় অতিথি- ৰাজু চুতীয়া, সাধাৰণ সম্পাদক, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা। মনোজ গগৈ, যুটীয়া সম্পাদক, সদৌ টাই আহোম ছাত্ৰ সন্থা। নৱ মৰাণ, সভাপতি, সদৌ মৰাণ ছাত্ৰ সন্থা। ধীৰাজ গোৱালা, সভাপতি, অসম চাহ জনজাতি ছাত্ৰ সন্থা। অৰ্জুন ছেত্ৰী, সভাপতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা। ৰতন কছাৰী, সভাপতি, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা। স্বৰূপ গোঁহাই, সাধাৰণ সম্পাদক, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন। যোছেফ মিঞ্জ, সভাপতি, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। বিশিষ্ট অতিথি ড০ দিবাকৰ চন্দ্ৰ ডেকা, উপাচাৰ্য, মাধৱদেৱ বিশ্ববিদ্যালয়। ডাঃ অৰূপ দাস, অধ্যক্ষ, লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়। ড০ উমাৰাম তামুলী, সহযোগী বিজ্ঞান গুৰু, লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়। সন্ধ্যা ৯ বজাত সাংস্কৃতিক অনুষ্ঠান। উদ্বোধক ঘন হাজৰিকা, বিশিষ্ট সাহিত্যিক, নাট্যকাৰ। তিনিওদিনৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ অভ্যৰ্থনা সমিতিয়ে ৰাইজক আহবান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More