উচ্চতম ন্যায়ালয় : ৩ মাহত ৩ জন মুখ্য বিচাৰপতি

ভাৰতৰ ইতিহাসত দ্বিতীয়বাৰলৈ ঘটিছে এনে ঘটনা

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ এপ্ৰিল : মাত্র ৭৬ দিনৰ ব্যৱধানত ভাৰতৰ ছুপ্রিম ক’র্টৰ প্রধান বিচাৰপতিৰ আসনত বহিব তিনিজন। ইয়াৰ পূৰ্বে ১৯৯১ চনত একে বছৰতে তিনিজন প্রধান বিচাৰপতি পাইছিল ছুপ্রিম ক’র্টে। সেই ঘটনাৰ পুনৰাবৃত্তি ঘটিবলৈ গৈ আছে ২০২২ চনত। এন ভি ৰামানাৰ পিছত এইবছৰ ছুপ্রিম ক’র্টৰ প্রধান বিচাৰপতিৰ পদত দেখা যাব উদয় ইউ ললিত আৰু ধনঞ্জয় ৱাই চন্দ্রচূড়ক। বর্তমান দেশৰ প্রধান বিচাৰপতি এন ভি ৰামানা। এই পদত ১৬ মাহ থকাৰ পিছত অহা ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰিব তেওঁ। বিচাৰপতি ৰামানাৰ পিছত দেশৰ প্রধান বিচাৰপতি হ’ব বিচাৰপতি উদয় ইউ ললিত। তেওঁ ৮ নৱেম্বৰত পদ এৰিব। অৱশ্যে তাৰ পূৰ্বে বিচাৰ বিভাগৰ প্রধান হিচাবে দুমাহতকৈ কিছু বেছি সময় কটাব। বিচাৰপতি ললিতৰ অৱসৰৰ পিছত বিচাৰপতি ধনঞ্জয় ৱাই চন্দ্রচূড়ে এই দায়িত্ব ল’ব পাৰে। তেওঁ প্রধান বিচাৰপতি হ’লে এই পদত তেওঁৰ ম্যাদ হ’ব দুবছৰ। এইদৰেই ২৬ আগষ্টৰ পৰা মাত্র ৭৬ দিনৰ ব্যৱধানত দেশৰ প্রধান বিচাৰপতিৰ আসনত বহিব তিনিজন। ইয়াৰ আগেয়ে ১৯৯১ চনত ভাৰতৰ প্রধান বিচাৰপতি পদত তিনিজনে দায়িত্ব চম্ভালিছিল। সেই বছৰ নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত দেশত তিনিজন ভিন্ন বিচাৰপতিয়ে এই দায়িত্ব চম্ভালিছিল। বিচাৰপতি ৰঙ্গনাথ মিশ্রই ১৯৯১ চনৰ ২৪ নৱেম্বৰত প্রধান বিচাৰপতি হিচাবে অৱসৰ গ্রহণ কৰিছিল। ইয়াৰ পিছতে বিচাৰপতি কমল নাৰায়ণ সিঙে প্রধান বিচাৰপতি হিচাবে দায়িত্ব গ্রহণ কৰে ২৫ নৱেম্বৰত। ১৯৯১ চনৰ ১২ ডিচেম্বৰপর্যন্ত ১৭ দিনৰ বাবে প্রধান বিচাৰপতিৰ পদত আছিল তেওঁ। ইয়াৰ পৰৱৰ্তীত বিচাৰপতি এম এইচ কানিয়া বিচাৰপতি সিঙৰ স্থলাভিষিক্ত হয়। ১৯৯১ চনৰ ১৩ ডিচেম্বৰৰ পৰা ১৯৯২ চনৰ ১৭ নৱেম্বৰলৈকে তেওঁ এই পদত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More