উচ্ছেদ,বনভূমি সুৰক্ষা আৰু বিশ্ব বন দিৱস

২১ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় বন দিৱস উপলক্ষে

0 245

মুক্তাৰ আলী

যোৱা কেইদিনমানৰপৰা অবাধে বৰষুণ হৈ আছে আৰু আগন্তুক কেইবাদিনলৈকে বতৰ পৰিৱৰ্তনৰ আশা বতৰ বিজ্ঞানীসকলে পোৱা নাই।বিগত বহুদিন বৰষুণৰ অভাৱত শুকাই পৰিছিল পৃথিৱী। এইদৰে অতিবৃষ্টি অনাবৃষ্টিৰ প্ৰকোপ দিনে দিনে বাঢ়িব ধৰিছে। ইয়াৰো এক অন্যতম কাৰণ হ’ল অবাধে কৰা বন ধ্বংস।

WebsiteJpg XL FFGC Main Visual Green Websiteযোৱা কিছুদিনৰপৰা বনাঞ্চল অবৈধ দখলদাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ চৰকাৰৰ উদ্যোগত বুলডেজাৰ নীতি আৰম্ভ কৰা হৈছে।বনাঞ্চল মুক্ত হ’লেও সেইবোৰত কিন্তু বনানীকৰণৰ ক্ষীপ্ৰ পদক্ষেপ চৰকাৰে লোৱা নাই অথবা পৰিকল্পনাও কৰা হয়তো হোৱা নাই। বিগত এটা দশকৰপৰা প্ৰতিবছৰে ২১ মাৰ্চত বিশ্বব্যাপি আন্তঃৰাষ্ট্ৰীয় বন দিৱস উদযাপিত হৈ আহিছে।।ভাৰতকে প্ৰমুখ্য কৰি বিশ্বজুৰি এই দিৱসটো গুৰুত্বসহকাৰে পালন কৰাৰ কাৰণ হ’ল ‘বন সংৰক্ষণ, বহনক্ষম উৎপাদন আৰু ব্যৱহাৰৰ প্ৰতি দায়বদ্ধতা’। মূলতঃ বনাঞ্চলৰ সুৰক্ষা আৰু ৰক্ষণাবেক্ষণৰ লগতে বনজ সামগ্ৰী আৰু বন্যপ্ৰাণীৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবেই এই দিৱসটো পালন কৰা হয়। আন এক অৰ্থত এই দিনটো জীৱনৰ বাবে গছৰ গুৰুত্বৰ সোঁৱৰণী হিচাপে লোৱাৰ উদ্দেশ্যেৰেও পালন কৰা হয়।যিহেতু গছবোৰ বিশুদ্ধ বতাহৰ উৎস আৰু মানুহৰ বাবে বিভিন্ন ফল-মূল আৰু সামগ্ৰী গছে যোগান ধৰে।

পৃথিৱীৰ এক তৃতীয়াংশ গছ-গছনি বা অৰণ্যৰে আবৃত। জীৱিকা, ঔষধ, ইন্ধন, খাদ্য আৰু আশ্ৰয়ৰ বাবে ১.৬ বিলিয়নৰো অধিক জনসাধাৰণ প্ৰত্যক্ষ বা পৰোক্ষভাৱে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল। দৰিদ্ৰতা দূৰীকৰণ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাত বনাঞ্চলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৰণ্যই অক্সিজেন যোগান ধৰাৰ সমান্তৰালকৈ মানুহ, জীৱ-জন্তু, পোক-পৰুৱা, বন্যপ্ৰাণীক আশ্ৰয় দিয়াৰ সমান্তৰালকৈ কাৰ্বন ডাই অক্সাইড শোষণ কৰি আৰ্দ্ৰতাৰ ভাৰসাম্য ৰক্ষা কৰিছে। পৃথিৱীৰ ভাৰসাম্য ৰক্ষা, অক্সিজেন যোগান ধৰা, পৰ্যটনৰ বিকাশ আৰু উদ্যোগৰ বাবে কেঁচামাল যোগান ধৰাত উদ্ভিদ বা বনাঞ্চলে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ ২০২০ চনৰ এক প্ৰতিবেদন অনুসৰি বিশ্বৰ মুঠ বনাঞ্চল ৪.০৬ বিলিয়ন হেক্টৰ। বনাঞ্চলৰ আৱৰণৰ পৰিসৰ সমগ্ৰ বিশ্বতে সমানে বিয়পি পৰা নাই। বিশ্বৰ আধাতকৈ অধিক বনাঞ্চল কেৱল পাঁচ শক্তিধৰ ৰাষ্ট্ৰ ব্ৰাজিল, কানাডা, ৰাছিয়া, আমেৰিকা আৰু চীন’ৰ নিয়ন্ত্ৰণত আছে আৰু বাকীবোৰ বনাঞ্চল বিশ্বৰ আন আন দেশত বিয়পি আছে।

বৰ্তমান বিশ্বব্যাপী বনাঞ্চল ধ্বংস ভয়ংকৰ হাৰত বৃদ্ধি পাইছে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ তথ্য অনুসৰি বিগত দুটা দশকত বিশ্বৰ পৰা ১০ কোটি হেক্টৰ বা এক লাখ বৰ্গ কিলোমিটাৰ বনাঞ্চল হেৰাই গৈছে। সেই হিচাপে প্ৰতি বছৰে ৫০ হাজাৰ বৰ্গ কিলোমিটাৰ বনভূমি পৃথিৱীৰ পৰা ধ্বংস হৈ আহিছে। এনেকৈ থাকিলে পৃথিৱী নামৰ সেউজীয়া গ্ৰহটোত প্ৰাণীজগতৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব। লগতে এমাজন বনাঞ্চলৰ বিশ্বৰ হাওঁফাওঁ বুলি জনাজাত অংশটোও অহৰহ ধ্বংস হ’ব ধৰিছে মানুহে কৰা ধ্বংসযজ্ঞৰ ফলত। আনহাতে বিশ্বৰ বিভিন্ন বনাঞ্চলৰ ভূমি দখল কৰিছে একপ্ৰকাৰৰ অবৈধ দখলদাৰীয়ে।

নিৰ্বিচাৰে বনাঞ্চল ধ্বংসৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি আৰু অনিয়মিত বৰষুণৰ সৃষ্টি হৈছে। ইয়াৰ ফলত কৃষি উৎপাদনকে ধৰি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ জীৱিকাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে।জৈৱ বৈচিত্ৰ্যক সঠিকভাৱে সংৰক্ষণ কৰিব নোৱাৰাৰ বাবে আমি নিজৰ উপকাৰতকৈ অধিক ক্ষতিহে কৰিছো। বিশ্বব্যাপী অতিমাৰীৰ ৰূপ লোৱা কভিড-১৯ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে বৃহৎ সংকটক সন্মুখত ৰাখি এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় বন দিৱস বিজ্ঞানীসকলৰ বাবে এক নতুন চিন্তাধাৰা হ’ব বুলিও আশা কৰা হৈছে। ইউৰোপীয় সংঘই জলবায়ু সংকটৰ বিৰুদ্ধে যুঁজিবলৈ এক নতুন কাৰ্যসূচীৰ অংশ হিচাপে সমগ্ৰ ইউৰোপত বনাঞ্চলৰ সম্পদ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ উপৰিও ইউৰোপীয় সংঘই বনাঞ্চল সুৰক্ষাৰ বাবে ২০৩০ চনৰ ভিতৰত ৩ বিলিয়ন গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছে।ভাৰতৰ বন্ধু ৰাষ্ট্ৰ বাংলাদেশেও বনাঞ্চল সুৰক্ষাৰ বাবে মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এক কোটি গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লোৱাৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই।

বৰ্তমানৰ পৰিৱেশত অতীতক উন্মোচন কৰাটো সম্ভৱ নহয়, কিন্তু আমি গছ ৰোপণ কৰিব পাৰো, আমাৰ চাৰিওফালৰ চহৰবোৰক সেউজীয়া কৰি তুলিব পাৰো, ঘৰুৱা বাগিচাৰ উপৰিও কৰ্মক্ষেত্ৰত বাগিচা নিৰ্মাণ কৰিব পাৰো। নদী আৰু উপকূল পৰিষ্কাৰ কৰি ৰাখিব পাৰো। অৰণ্যমানৱ যাদৱ পায়েঙৰ পদাংক অনুসৰণ কৰি সেউজীয়া কৰি তুলিব পাৰো বালিময় মৰুভূমি। শেহতীয়াকৈ বাংলাদেশৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ ছিদৰ, আইলা, বুলবুল, নৰ্গিছ, মহাসেন আদি বহু দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।দেশখনৰ উপকূলীয় অঞ্চলৰ ব্যাপক ক্ষতি হোৱাৰ আশংকা আছিল যদিও সুন্দৰবনৰ বাবে বিশেষ ক্ষতি নহ’ল।উপকূলীয় অঞ্চলত বনানীকৰণৰ ফলত জীৱকূল আৰু পক্ষীকূলৰ নতুন খাদ্যৰো সৃষ্টি কৰিব পাৰি।

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই অবৈধ দখলদাৰীৰপৰা বনভূমি মুক্ত কৰি বনানীকৰণৰ কাম আৰম্ভ কৰিছে।অবাধ বনধ্বংস ফলত পৰিৱেশৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে। গতিকে পৰিৱেশৰ ক্ষতি কৰি, বনাঞ্চল ধ্বংস কৰি, জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আধুনিক বিজ্ঞানৰ কাৰুকাৰ্যৰ উন্নয়ন কৰাটো উচিত নহয়। এনে কৰিলে মানুহে নিজৰ বিপদ নিজেই আনিব।

অসমত বৰ্তমানৰ শাসনাধিষ্ট চৰকাৰখনে বনভূমি সুৰক্ষাৰ বাবে কেইবাটাও প্ৰকল্প হাতত লৈছে। ইতিমধ্যে অবৈধ দখলৰপৰা বনভূমি চৰকাৰী প্ৰচেষ্টাত পুনৰ উদ্ধাৰ কৰা হৈছে। বনভূমি যাতে বেদখল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰা উচিত।প্ৰয়োজনসাপেক্ষে বন আইন সংশোধনৰ কৰি হ’লেও চৰকাৰ দৃঢ় হ’ব লাগে। বনজ সম্পদ সুৰক্ষা আৰু গছপুলি ৰোপণৰ ক্ষেত্ৰত কোনো ধৰণৰ বুজাবুজি বা শিথিলতাৰ প্ৰয়োজন নাই।

চৰকাৰ তথা দল সংগঠনসমূহে ব্যাপক অভিযান আৰু সজাগতা সৃষ্টি কৰি ৰাইজৰ মাজত প্ৰকৃতি আৰু গছ-গছনিৰ প্ৰতি সজাগতা আৰু প্ৰেমৰ সৃষ্টি কৰা উচিত। যিহেতু চৰকাৰৰ লগতে সকলো জনসাধাৰণৰ সহযোগ নহ’লে প্ৰকৃতিৰ ভাৰসাম্যতা পুনৰোদ্ধাৰ কৰাটো সম্ভৱ নহয়। সকলোৱে উদ্যোগ লৈ ঘৰৰ ছাদ, পথৰ দাঁতি, নদীৰ পাৰ, পুখুৰী, মাটিৰ প্লট, ৰাজহুৱা আৰু বেচৰকাৰী অনুষ্ঠান, ঘৰৰ চাৰিওফালে খালী ঠাইবোৰত গছপুলি ৰোপণ কৰিব পাৰিলে দেশখন সেউজীয়াৰে আবৃত কৰিব পৰা নিশ্চয় হ’ব।
বনাঞ্চল সুৰক্ষা আৰু জলবায়ুৰ বিৰূপ প্ৰভাৱৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে বৰ্তমান চৰকাৰখনেও দৃঢ়তাৰে পদক্ষেপ ল’ব লাগিব।
মানুহৰ মাজত সজাগতা বৃদ্ধি কৰি বনাঞ্চল সুৰক্ষাৰ বাবে অধিক গছপুলি ৰোপণ কৰাৰ লগতে পৰিৱেশ আৰু বনাঞ্চল সুৰক্ষাৰ বাবে প্ৰত্যেকেই প্ৰত্যেকক সচেতন কৰিব লাগিব। বিশ্ব বন দিৱসৰো সাৰ্থকতা তেতিয়াহে হ’ব যেতিয়া আমি নিজেই বনৰ গুৰুত্ব উপলব্ধি কৰি ইয়াৰ হকে হাতে কামে লাগিম।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More