উত্তেজনাত কঁপি আছে উজবেকিস্তান

 গুলীচালনা, সংঘৰ্ষত ১৭ জন নিহত

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুলাই : হিংসাত্মক উজবেকিস্তান। যোৱা কেইদিনমানৰ ভিতৰত মধ্য এছিয়াৰ এই দেশখনত সংঘটিত সংঘৰ্ষত ১৭ জন লোক নিহত হৈছে। আহত লোকৰ সংখ্যা প্ৰায় দুশ পঞ্চাশজন। ৰাজনৈতিক গুজৱমতে এই ঘটনা মূলতঃ কাৰাকলপাকস্তানৰ স্বায়ত্তশাসিত অঞ্চলক কেন্দ্ৰ কৰি আছিল। শেহতীয়াকৈ ৰাষ্ট্ৰপতি শ্বাভকাট মিৰ্জিঅ’য়েভে আৰাল সাগৰৰ উপকূলীয় প্ৰদেশৰ স্বশাসনৰ অধিকাৰ কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। সংবিধান সংশোধনৰ উদ্দেশ্যে তেওঁ এখন খচৰা প্ৰস্তাৱ দাখিল কৰে। ইয়াৰ পিছত গোটেই প্ৰদেশখন উত্তপ্ত হৈ পৰিল। কাৰকলপাকস্তানত প্ৰধানকৈ সংখ্যালঘু জনজাতিৰ বসতি আছে। উজবেক ভাষাতকৈ তাত কাজাখ ভাষা অধিক প্ৰচলিত। ৰাষ্ট্ৰপতিগৰাকীয়ে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কৰ্তন কৰিব বিচাৰিছিল, যিটোক লৈ স্থানীয় লোকসকল নাৰাজ। যোৱা ১ জুলাইত দেশখনৰ প্ৰশাসনিক ৰাজধানী নুকাছৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। চৰকাৰী অট্টালিকাত জুই লগাই প্ৰতিবাদকাৰীয়ে। পথত বহু গাড়ীত জুই লগাই দিয়া হয়। ভাঙি পেলোৱা হ’ল বেৰিকেড। আৰক্ষী আৰু ভিৰৰ সংঘৰ্ষত নিহত হৈছে ১৭ জন লোক। বহু আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মহানগৰীত সংঘৰ্ষ সংঘটিত কৰাৰ অভিযোগত ৫১৭ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অৱশ্যে বন্দীসকলৰ অধিকাংশই মুকলি কৰি দিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। পৰিস্থিতি বুজি পাই এতিয়া ৰাষ্ট্ৰপতিগৰাকী সংবিধান সংশোধনীৰ সিদ্ধান্তৰ পৰা আঁতৰি গৈছে যদিও অহা এমাহৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More