উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ অধিবেশন সম্পন্ন

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জানুৱাৰী: উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশনখন আজি অনুষ্ঠিত হৈ যায়৷স্হানীয় ডিপোটা হাবিয়াল থানৰ সভাগৃহত আজি দিনযোৰা কাৰ্যসূচীৰে এই অধিৱেশনখন অনুষ্ঠিত হয়৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সভাপতি ৰবিন চন্দ্ৰ বৰাই৷ইয়াৰ পাছতে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে কুশল শইকীয়াই ৷আনহাতে দিনৰ ১১ বজাৰ পৰা মূল অধিবেশনখন আৰম্ভ হয় ৰবিন চন্দ্ৰ বৰাৰ সভাপতিত্বত৷ সম্পাদক প্ৰশান্ত দাসে উদ্দেশ্য ব্যাখ্যা কৰা অধিবেশনত, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই মুখ্য অতিথি হিচাপে বক্তব্য দাঙি ধৰে৷শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মা আৰু সহ সম্পাদক অপূৰ্ব বৰা উপস্থিত থকা এই অধিবেশনত সভাৰ উদ্বোধক হিচাপে বাসুদেৱ শৰ্মাই অংশলৈ নিজৰ বক্তব্য দাঙি ধৰে৷ইপিনে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক প্ৰশান্ত দাসে আৰু সভাই সৰ্বসন্মতভাৱে এই প্ৰতিবেদন অনুমোদন জনাই গ্ৰহণ কৰে৷এই অধিবেশনতে উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ আগন্তুক কাৰ্যকালৰ বাবে সভাপতি হিচাপে কুশল শইকীয়া, উপ-সভাপতি হিচাপে ৰাজু বৰা আৰু সম্পাদক পদত প্ৰশান্ত দাসক পুণৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচন কৰে৷উল্লেখযোগ্য যে,এই অধিবেশনতে পৰেশ কতকি আৰু কৰুণা ডেকাক অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই আজীৱন সদস্যৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More