উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমগৰাকী মহিলা ব্লেক বেল্ট ডিগ্ৰীৰে জিলিকিল তেজপুৰৰ নৱম শ্ৰেণীৰ মুকবধিৰ ছাত্ৰী প্ৰয়াসী কটকী

চিত্ৰাংকন-নৃত্যৰে ৰাজ্যিক ভিত্তিত আৰু চটপুট-লং জাম্পৰে ৰাষ্ট্ৰীয় কৃতিত্বৰ পৰিচয় দিয়া প্ৰয়াসীক উষ্ম অভিনন্দন

0 148

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২২ মাৰ্চ :IMG 20230322 WA0047 জন্মগত বা অন্য শাৰীৰিক প্ৰতিবন্ধকতা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যে কেতিয়াও হেঙাৰ হ’ব নোৱাৰে সেই কথাকে প্ৰতিপন্ন কৰি নৃত্য, চিত্ৰকলা, বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত ৰাজ্যিক পৰ্য্যায়ত কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰয়াসী কটকীয়ে এইবাৰ সমৰকলা টাই কোৱানাড’ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমগৰাকী মুকবধিৰ ব্লেকবেল্ট হিচাপে তেজপুৰৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত স্বাভাৱিকতে আহ্লাদিত হৈ পৰিছে তেজপুৰৰে ক্ৰীড়া ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তি সকল। উল্লেখ্য যে, গুৱাহাটীৰ কাহিলীপাৰাৰ ভাউৰী দেৱী চেৰাউগী মুকবধিৰ বিদ্যালয়ৰ পৰা এইবাৰ নৱম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দিয়া তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ চন্দন কটকী আৰু মেৰীণা কটকীৰ একমাত্ৰ সন্তান প্ৰয়াসী কটকী জন্মগত ভাৱে মুকবধিৰ যদিও অতি মৰম লগা প্ৰয়াসী শিশু অৱস্থাৰ পৰাই এগৰাকী পাৰদৰ্শী নৃত্যশিল্পী হিচাপে যেনেদৰে খ্যাতি অৰ্জন কৰি আহিছে একেদৰে এগৰাকী চিত্ৰশিল্পী আৰু বিভিন্ন ক্ৰীড়াৰ প্ৰতিভাবান খেলুৱৈ হিচাপে কৃতিত্বৰ পৰিচয় দি অহাৰ পিছত টাইকোৱানড’ৰ প্ৰশিক্ষণ লৈ ২০২১ চনৰ ২০ ডিচেম্বৰত ব্লেক বেল্ট পৰীক্ষাত শোণিতপুৰ জিলা সন্হাৰ জৰিয়তে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত শেহতীয়াকৈ ঘোষণা কৰা ফলত ব্লেক বেল্ট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমগৰাকী মুকবধিৰ এই ডিগ্ৰী প্ৰাপ্ত ছোৱালী হিচাপে পৰিগণিত হয়। শোণিতপুৰ জিলাৰ পৰা ২০ গৰাকীয়ে এই ডিগ্ৰী লাভ কৰাত যোৱা ১৯ তাৰিখে তেজপুৰ কলেজিয়েট বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগনত থকা চিত্ৰলেখা ক্লাবত আনুষ্ঠানিক ভাৱে এই ডিগ্ৰীৰ মানপত্ৰ আৰু ব্লেক বেল্ট প্ৰদান কৰে। শোণিতপুৰ জিলা টাইকোৱানড’ সন্হাৰ সভাপতি হিমেন লহকৰ আৰু সম্পাদক চিন্তা মণি শৰ্মাৰ লগতে প্ৰশিক্ষক সকলৰ উপস্থিতিত প্ৰয়াসীয়ে মানপত্ৰ গ্ৰহণ কৰাৰ সময়ত উষ্ম আদৰণি জনায়। উল্লেখ্য যে বিগত জানুৱাৰী মাহত ইন্দ’ৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় মুকবধিৰ টাইকোৱানড’লৈ নিৰ্বাচিত হোৱা আৰু চটপুট আৰু লং জাম্পৰো এগৰাকী পাৰদৰ্শী খেলুৱৈ প্ৰয়াসীয়ে এই দুয়োটা খেলৰ বাবে বিগত সময়ত ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত হৈছিল যদিও ক’ভিড কালিন পৰিস্থিতিৰ বাবে সেই প্ৰতিযোগিতা বাতিল হয় আৰু ইয়াৰ সুযোগৰ পৰা বঞ্চিত হয়। অসমৰ কেবাটাও টিভি চেনেলৰ প্ৰতিভা সন্ধানী প্ৰতিযোগিতাত প্ৰয়াসীয়ে প্ৰদৰ্শন কৰা দৃষ্টিনন্দন নৃত্যই ইতিমধ্যে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। “আকাশ ছুবৰ মন”, “সুখৰ সংজ্ঞা বিচাৰি”, “মন যায়” আদি অনুষ্ঠানত প্ৰদৰ্শন কৰা নৃত্যই সকলোকে মুগ্ধ কৰা প্ৰয়াসীয়ে শেহতীয়াকৈ সমৰকলা টাইকোৱানড’ৰ সৰ্বোচ্চ ডিগ্ৰী লাভ কৰাৰ পিছত কথা কৈ নিজৰ আনন্দ প্ৰকাশ কৰিব নোৱাৰিলেও পিতৃয়ে কৈ যোৱা কৃতিত্বৰ কথা সমূহৰ মুহূৰ্তত মুখ মণ্ডলত আনন্দৰ প্ৰতিচ্ছবি পৰিলক্ষিত হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More