উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষণাগাৰ “ঐতিহ্য সংগ্ৰহালয়” লৈ উন্নীতকৰণ চৰকাৰৰ

পোন্ধৰশ বিভিন্ন বৰ্গৰ প্ৰাণীৰ নমুনা সংৰক্ষিত

0 10

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৫ আগষ্ট : উত্তৰ পূৰ্বাঞ্চলৰ মহাবিদ্যালয় সমূহৰ ভিতৰত “প্ৰাণীবিজ্ঞান” বিভাগৰ সৰ্ববৃহৎ গৱেষণাগাৰ হিচাপে পৰিগণিত তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ এই গৱেষণাগাৰটো এক উন্নতমানৰ সংগ্ৰহালয় হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে, ১৫ শ বিভিন্ন বৰ্গৰ প্ৰাণীৰ সংৰক্ষিত নমুনাৰ লগতে এটি সংগ্ৰহালয়ৰ বাবে থাকিব লগা বহু গুৰুত্বপূৰ্ণ সমল থকা দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ এই গৱেষণাগাৰটি মহাবিদ্যালয়খন পৰিদৰ্শন কৰাৰ কালত বৰ্তমানৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ দৃষ্টিগোচৰ হোৱাৰ পিছত ইয়াক অধিক উন্নত কৰি এক বিশেষ সংগ্ৰহালয়ৰ ৰূপ দিয়াৰ কথা মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছত শিক্ষা মন্ত্ৰী গৰাকীৰ নিৰ্দেশত আজিৰে পৰা একপ্ৰকাৰ সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে। মন কৰিবলগীয়া যে শিক্ষা মন্ত্ৰী গৰাকীৰ সেই সিদ্ধান্তৰ পিছত আজি অসম চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয় আৰু খিলঞ্জীয়া আৰু – জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ সৈতে আজিৰে পৰা দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ এক বুজাবুজি চুক্তি সম্পন্ন হয়। উল্লেখ্য যে, দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ যি বিশেষ সংগ্ৰহালয় আছিল সেই সংগ্ৰহালয়ক বিজ্ঞান সন্মতকৈ ৰখাৰ ক্ষেত্ৰত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ বিশেষজ্ঞৰ দ্বাৰা আজিৰ পৰা প্ৰাথমিক অৱস্থাত তিনিমাহৰ বাবে এক বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ জৰিয়তে বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে। বিভাগটোৰ শিক্ষাৰ্থী সকলক আজিৰ দিনটোতে অসম ৰাজ্যিক সংগ্ৰহালয় বিষয়া মৃন্ময় দাসে বিজ্ঞান সন্মত ভাবে সংগ্ৰহালয়টোৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ পিছত আজি প্ৰথম দিনটোতে শিক্ষাৰ্থী আৰু একাংশ শিক্ষকে এক বিশেষ প্ৰশিক্ষণ কৰ্মশালাত অংশ গ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° পলাশ মণি শইকীয়াৰ লগতে, উপাধ্যক্ষ ড° ক্ষীৰেন্দ্ৰ নাথ হালৈ, মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপন কোষৰ সমন্বয়ক, অধ্যাপিকা ড° স্বপ্নালী কাকতি, প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা বিনীতা দাস, অধ্যাপক ড° মনোজ কুমাৰ হাজৰিকা, অভিজিৎ দাস, ড° ৰবীন্দ্ৰ হাজৰিকা, ড° চিত্ৰৰঞ্জন বৰুৱা, ড° নৱনিতা মেধি, আৰু জুলী বৈৰাগীৰ উপস্থিতিত ৰাজ্যিক গ্ৰন্থাগাৰ বিষয়া মৃন্ময় দাস, আৰু জিলা গ্ৰন্থাগাৰ বিষয়া অভিলাষ ৰাজখোৱাৰ উপস্থিতিত আনুষ্ঠানিক ভাবে এই গুৰুত্বপূৰ্ণ বিষয়টোকলৈ বুজাবুজি চুক্তিত দুয়ো পক্ষই স্বাক্ষৰ প্ৰদান কৰে। আনহাতে আজিৰ দিনটোৰ পৰাই “সংগ্ৰহালয় পদ্ধতিৰ শৃংখলাৱদ্ধ প্ৰয়োগ” শীৰ্ষক অতি গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ হয় মহাবিদ্যালয়খনত। শতাধিক শিক্ষাৰ্থীৰ লগতে একাংশ শিক্ষকেও অংশগ্ৰহণ কৰা আৰু অধ্যাপিকা ড° নৱনিতা মেধিয়ে আঁত ধৰা অনুষ্ঠানটিত উদ্দেশ ব্যখ্যা কৰে অধ্যাপক অভিজিৎ দাসে। প্ৰশিক্ষণ কৰ্মশালাৰ এই শুভাৰম্ভণি অনুষ্ঠানটিত ভাষণ প্ৰদান কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° পলাশ মণি শইকীয়াই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ এই গৱেষণাগাৰটি এটি আধুনিক আৰু উন্নতমানৰ সংগ্ৰহালয় হিচাপে গঢ়ি তুলিবলৈ শিক্ষামন্ত্ৰী গৰাকীয়ে নিজেই মহাবিদ্যালয় প্ৰাংগনতে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এতিয়া সি সাকাৰ ৰূপ পাবলৈ আগবাঢ়িছে বুলি মন্তব্য কৰি উত্তৰপাৰৰ শিক্ষাৰ্থী আৰু ইতিহাস অনুসন্ধিৎসু সকলৰ বাবে ই এক আশাব্যঞ্জক খবৰ হিচাপে বিবেচিত হ’ব বুলি মন্তব্য কৰে । আনহাতে ভাষণত অধ্যক্ষ ড° শইকীয়াই এটা “ঐতিহ্য সংগ্ৰহালয়” স্হাপনৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়। উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ কৰ্মশালাত সংগ্ৰহালয়ৰ প্ৰয়োজনীয়তা, জৈৱ বৈচিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত সংগ্ৰহালয়ৰ ভূমিকা, সংগ্ৰহালয়ৰ নমুনাৰ পদ্ধতিগত তালিকা প্ৰস্তুতকৰণৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More