উত্তৰ লখিমপুৰত মিলাদ-উন-নবী উদযাপন

0 44

উত্তৰ লখিমপুৰঃ ২৬ ডিচেম্বৰঃ উত্তৰ লখিমপুৰ কেন্দ্ৰীয় ঈদগাহ সমিতিৰ উদ্যোগত আৰু চহৰৰ ৮ টা মছজিদ পৰিচালনা সমিতিৰ সহযোগত উত্তৰ লখিমপুৰৰ কেন্দ্ৰীয় ঈদগাহত ২৪ আৰু ২৫ ডিচেম্বৰত হজৰত মহম্মদৰ জন্মদিৱস ঈদ মিলাদুন নবী কেন্দ্ৰীয়ভাৱে পালন কৰা হয়। শনিবাৰে পুৱা আয়োজক সমিতিৰ সভাপতি ছাদিকুল হুছেইনে পতাকা উত্তোলনেৰে দুদিনীয়া কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে উত্তৰ লখিমপুৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উদযাপনৰ প্ৰথম দিনাই ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰান আবৃত্তি, জিকিৰ, গজল, চিত্ৰ অংকন, ৰচনা, কুইজ, আকস্মিক বক্তৃতা প্ৰতিযোগিতা আদি বিভিন্ন সাহিত্যিক আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।কাৰ্যসূচীৰ দ্বিতীয় দিনা বঁটা বিতৰণীৰ সৈতে মুকলি অধিবেশন অনুষ্ঠিত কৰা হয়। সভাখন উদ্বোধন কৰে চৰ-চাপৰি সাহিত্য পৰিচাদৰ সম্পাদক ড০ হাফিজ আহমেদে। অধিৱেশনত সভাপতিত্ব কৰে আয়োজক সমিতিৰ সভাপতি ছাদিকুল হুছেইনে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আয়োজক সমিতিৰ সম্পাদক আখতাৰ বিন চিৰাজ আহমেদে। নিৰ্দিষ্ট বক্তা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দিলীপ বৰাই অধিৱেশনত অংশগ্ৰহণ কৰে। ভাষণত ড০ বৰাই সমাজত পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত হজৰত মহম্মদৰ আদৰ্শ অনুকৰণ কৰিবলৈ আহ্বান জনায় আৰু ধৰ্মীয় আচাৰ সৰ্বস্বৰ উৰ্দ্ধলৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সকলোকে সাম্প্ৰদায়িকতাবাদৰ পৰা বিৰত থাকি শিক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক সৰ্বাংগীন আৰু সহনশীল সমাজ গঢ়ি তুলিবলৈ আহ্বান জনায়। সেই অধিবেশনত প্ৰবীণ শিল্পী তথা অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ছৈয়দ নাজিম আহমেদক সম্বৰ্ধনা জনোৱা হয়।সভাত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাও উপস্থিত থাকে। তেওঁৰ ভাষণত সাংসদ বৰুৱাই উত্তৰ লখিমপুৰ চহৰ কেন্দ্ৰীয় ঈদগাহৰ উন্নয়নৰ বাবে ১০ লাখ টকাৰ অনুদান ঘোষণা কৰে। বিশিষ্ট সমাজকৰ্মী ফণীধৰ বৰুৱাও অধিৱেশনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। তেজপুৰৰ বিশিষ্ট ইছলামিক পণ্ডিত ইছফাকুৰ ৰহমানেও অধিৱেশনত অংশগ্ৰহণ কৰে। ৰাজহুৱা প্ৰাৰ্থনা আৰু শ্বিৰনী বিতৰণেৰে সভাৰ সামৰণি পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More