উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা যুৱ উৎসৱ

0 24

লখিমপুৰ,১২অক্টোবৰঃ আজি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা পৰ্যায়ৰ যুৱ উৎসৱটি অনুষ্ঠিত হৈ যায়।লখিমপুৰ জিলাৰ আহুচাউল গাঁৱৰ উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক সংঘৰ ৰঙ্গমঞ্চত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা যুৱ উৎসৱৰ লগত সংগতি ৰাখি জিলাখনৰ যুৱক-যুৱতীসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা,কবিতা লিখা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতা,দলীয় নৃত্য প্ৰতিযোগিতাকে আদি কৰি মুঠ ছটাকৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।উক্ত প্ৰতিযোগিতাসমূহত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।আজি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা জিলা যুৱ উৎসৱত উপস্থিত থাকে লখিমপুৰ জিলাৰ উন্নয়ন আয়ুক্ত মনোজ কুমাৰ বৰুৱা,উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ যুৱ সমন্বয়ক সুজাতা ভৌমিক,লখিমপুৰ বাণিজ্য় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকা,গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ ঝা,উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ হাজৰিকা, বিশিষ্ট ক্ৰীড়াবিদ অংকিতা গগৈ,দেৱজিৎ চুব্বা,উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰূপমজ্যোতি চেতিয়াকে ধৰি জিলাখনৰ বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে। আজি অনুষ্ঠিত উক্ত কাৰ্যসূচীত উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱীকাসকল, প্ৰাক্তন স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱীকাসকল, স্থানীয় ৰাইজ আৰু জিলা যুৱ উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকল উপস্থিত থাকে।উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা জিলা যুৱ উৎসৱটি সফল কৰি তোলাৰ বাবে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ যুৱ সমন্বয়ক সুজাতা ভৌমিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More