মুক্তামণি ভূমিফুকন
কম বেছি পৰিমাণে মানসিক অৱসাদ প্ৰায় সকলো মানুহৰ জীৱনতে থাকে। উদ্বেগ আৰু মানসিক অৱসাদে মানুহক প্ৰভাৱান্বিত কৰিলেও সেই অৱসাদ বা উদ্বেগক পাৰ্যমানে এৰাই চলিব পাৰিব লাগে। এই কথাটোৰ অৱশ্যে এটা গভীৰ অৰ্থ নথকা নহয়। নিজৰ শৰীৰটো নিৰোগী আৰু সুস্থ কৰি ৰাখিবলৈ এটা চাপমুক্ত, সন্তুলিত অৱস্থাৰ খুৱেই প্ৰয়োজন। এই কথা আমাৰ নহয়। শেহতীয়াকৈ এই তথ্য এটা সমীক্ষাৰ অন্তত প্ৰকাশ কৰি উলিয়াইছে আমেৰিকাৰ এটা গৱেষণা সংস্থাই। গৱেষণাৰ তথ্য মতে উদ্বেগ আৰু মানসিক চাপ প্ৰতিটো ৰোগৰ অন্যতম কাৰণ হ’ব পাৰে।মানসিক অৱসাদ আৰু উদ্বেগে মানুহৰ স্বাস্থ্যৰ ওপৰত প্রভাৱ পেলাই কৰি তুলিব পাৰে চিৰ ৰোগীয়া । “এচ’চিয়েচন অৱ ডিপ্রেচন এন্ড একংজাইটি উইথ দ্য একুমুলেচন অৱ ক্রনিক কণ্ডিচনচ” নামৰ এক সমীক্ষাত্বক গবেষণাপত্ৰত এই বিষয়ে বিশদ বিৱৰণ দাঙি ধৰি বয়স আৰু লিঙ্গভেদে মানসিক চাপে স্বাস্থ্যৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে উল্লেখ কৰিছে।
এই সমীক্ষাত্মক গবেষণা আমেৰিকাৰ মিনেচোটা ষ্টেটৰ ৪০ হেজাৰ ৩৬০ জন মানুহৰ ওপত চলোৱা হৈছিল আৰু সমীক্ষাৰ প্ৰকাশিত তথ্য অনুযায়ী অংশগ্ৰহণকাৰী লোকসকৰ বয়স আছিল ক্ৰমে ২০, ৪০ আৰু ৬০ বছৰ। বয়স অনুযায়ী তিনিটা বিভাগত তেওঁলোকক ভাগ কৰা হৈছিল আৰু মানসিক চাপৰ ওপৰত লক্ষ্য কৰি চাৰিটা ভাগত ভাগ কৰা হৈছিল।
* উদ্বেগত ভুগি থকাসকল,
* মানসিক অৱসাদগ্রস্তসকল,
*দুয়োটা সমস্যাৰে সন্মুখীন হোৱাসকল আৰু
* তেনে কোনো সমস্যাৰ সন্মুখীন নোহোৱাসকল।
গবেষণাৰ পিছত দেখা গৈছিল যে মানসিক চাপত ভোগা মহিলাসকলক দীৰ্ঘস্থায়ী শাৰীৰিক ৰোগে আৱৰি ধৰে। ২০ বছৰৰ ওপৰৰ দু:শ্চিন্তা আৰু মানসিক অৱসাদত ভোগা মহিলাসকলৰ ১৫ ধৰণৰ দীৰ্ঘস্থায়ী শাৰীৰিক ৰোগে আৱৰি ধৰিব পাৰে। এই ১৫ বিধ ৰোগৰ ভিতৰত- উচ্চ ৰক্তচাপ, হাঁপানি, চিৱপিডি’ৰ লগতে বিভিন্ন ধৰণৰ কেন্সাৰৰ দৰে ৰোগ।
গতিকে সাৱধানতাৰে জীৱনটো পৰিচালনা কৰিবলৈ শিকি সৃষ্টিশীল,গঠনমূলক কাম কাজত জড়িত কৰি অৱসাদৰ পৰা নিজক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা উচিত।