উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা

৮ আগষ্টত দেশে লাভ কৰিব নাইডুৰ উত্তৰাধিকাৰী

0 16
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জুন : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত এইবাৰ ঘোষণা কৰা হৈছে দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা। নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে অহা ৮ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। একেদিনাই ভোট গণনা কৰা হ’ব। অৰ্থাৎ ৮ আগষ্টত দেশে পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি লাভ কৰিব। ভেংকায়া নাইডুৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকাল অতি সোনকালে শেষ হ’ব। পৰৱর্তী উপ-ৰাষ্ট্ৰপতি কোন হ’ব সেই লৈ সকলো আগ্ৰহী হৈ আছে। জানিব পৰা মতে, ২৯ জুনৰ পুৱা অনুষ্ঠিত বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু প্ৰাক্তন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে উপস্থিত আছিল। সেই বৈঠকতে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ কাৰ্যকাল অহা মাহত শেষ হ’ব। ৫ জুলাইত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অধিসূচনা প্ৰকাশ কৰা হ’ব। ১৯ জুলাইলৈকে মনোনয়ন দাখিল কৰিব পাৰিব প্ৰাৰ্থীয়ে। ২০ জুলাইত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন ২২ জুলাই। ইফালে বিজেপিৰ আচৰণত ক্ষুব্ধ হৈ পৰিছে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু। গেৰুৱা শিবিৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম চৰ্চালৈ অহাৰ পিছতো দ্ৰৌপদী মুৰ্মুক কিয় মনোনীত কৰা হ’ল তাক লৈ তেওঁ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হ’ব নে নহয় সেই সন্দৰ্ভতো জল্পনা-কল্পনা চলিছে। কিন্তু শেষত যদি সেয়া নহয়, তেন্তে নাইডুৰ ৰাজনৈতিক জীৱন ওৰ পৰিব পাৰে। তেওঁক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে গণ্য নকৰাৰ বাবে অতিশয় বিচলিত হৈ পৰিছে বৰ্ষীয়ান নেতাজন। সেই হতাশা তেওঁ প্ৰকাশো কৰিছে। উল্লেখ্য যে, ২০১৬ চনত ভেংকায়া নাইডুক উপ-ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰা হৈছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More