উৎকট গৰমত উচ্ছেদ অভিযানত জড়িত থকা আৰক্ষী বিষয়াৰ মৃত্যু

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ শোণিতপুৰৰ অংশত উচ্ছেদ অভিযানৰ সামৰণি

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩০মে’ঃ তিনিদিনৰ অন্তত শোণিতপুৰৰ বৰছলাত আৰম্ভ হোৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উচ্ছেদ অভিযান আজি সামৰণি পৰে৷ আনহাতে উৎকট গৰমত দ্বীজেন বৰা নামৰ আৰক্ষী উপ পৰিদৰ্শকজনৰ মৃত্যু ঘটে৷ তেওঁ আজি মুছলিম চৰত উচ্ছেদ চলি থকাৰ সময়ত নিজ দায়িত্ব পালন কৰি আছিল আৰু দিনৰ প্ৰায় ১:৩০ বজাত উৎকট গৰমত তেওঁ সংজ্ঞাহীন হৈ পৰে৷ মায়ং থানাৰ উপ পৰিদৰ্শক বৰাক ততাতৈয়াকৈ নাৱেৰে শিঙৰীলৈ অনাৰ পিছত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ আজিৰ এই ঘটনাই উচ্ছেদত জৰিত থকা সকলো বিষয়া, কৰ্মচাৰীৰ মাজত শোকৰ ছাঁ পেলাইছে । উল্লেখযোগ্য যে, আজি পুৱা প্ৰায় আঠ বজাত বৰছলাৰ মুছলিম চৰ, চাদ্দুটিলা চৰ, শিঙৰী চৰ, চিতলমাৰী চৰত উচ্ছেদ চলে৷ উল্লেখযোগ্য যে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনৰ মুঠ ২১হেজাৰ বিঘা মাটি বেদখল মুক্ত কৰাৰ বাবে এই অভিযান তিনিদিন পূৰ্বে শোণিতপুৰত আৰম্ভ কৰা হৈছিল৷ শোণিতপুৰৰ মুঠ নটা চৰৰ ১১হেজাৰ ভূমিৰ পৰা প্ৰায় আঠশটা বাসগৃহৰ লগতে প্ৰায় পাঁচহেজাৰ বেদখলকাৰীক উচ্ছেদ কৰা হয়৷ আজি দিনৰ তিনিবজাত শোণিতপুৰৰ উচ্ছেদ অভিযানৰ সামৰণি পৰে৷ ৬০খন বৃহৎ নাৱৰ সহায়ত প্ৰায় চাৰিহেজাৰ নিৰাপত্তা ৰক্ষী, ট্ৰেক্টৰ আদিৰে ব্ৰহ্মপুত্ৰৰ মাজৰ এই চৰচাপৰি এলেকাত উপস্থিত হোৱা উচ্ছেদকাৰী দলৰ আগমনৰ পূৰ্বেই বহুসংখ্যক বেদখলকাৰীয়ে নিজা ঘৰদুৱাৰ ভাঙি বয়বস্তু সহ আঁতৰি যায়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বুঢ়া চাপৰি, লাউখোৱা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাজত বন্যপ্ৰাণী কৰিডৰ মোকলোৱাৰ বাবে চলা এই উচ্ছেদ অভিযানৰ তৃতীয় দিনটোলৈকে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্হিতিৰ উদ্ভৱ হোৱা নাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More