উৎকট গৰমৰ ফলত তেজপুৰৰ বিদ্যালয়ত ১১গৰাকী শিশু অসুস্থ

0 6

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২ জুনঃ উৎকট গৰম সহ্য কৰিব নোৱাৰি আজি তেজপুৰৰ শোণিতপুৰ জাতীয় বিদ্যালয়ৰ ১১ গৰাকী শিক্ষাৰ্থী শ্ৰেণীতে অসুস্থ হৈ পৰে৷ প্ৰথমে বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ দুগৰাকী ছাত্ৰী মূৰৰ ঘূৰণি আৰম্ভ হয় আৰু ক্ৰমাৎ উশাহ লোৱাত অসুবিধা অনুভৱ কৰে। লগে লগে বিদ্যালয় কৰ্তৃপক্ষই নিকটৱৰ্তী গেইট সুখদা হাস্পতাললৈ নিয়ে৷ কিন্তু ইয়াৰ পাছতে বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ আন তিনিগৰাকী ছাত্ৰী অসুস্থ হয়। তেনেদৰে অষ্টম শ্ৰেণীৰ মুঠ ছজন ছাত্ৰ-ছাত্ৰী, ষষ্ঠ শ্ৰেণীৰ দুজন ছাত্ৰ অসুস্থ হয়। ইয়াৰে নজন শিক্ষাৰ্থীক গেইট সুখদা হাস্পতালত চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে আন দুজন ছাত্ৰক ব্যপ্তিষ্ট মিছন হাস্পতালত চিকিৎসা প্ৰদান কৰি অভিভাৱক সকলক চমজাই দিয়ে । চিকিৎসকে অত্যন্ত গৰম সহ্য কৰিব নোৱাৰাৰ বাবেই এনে হোৱা বুলি কয়। আজিৰ দিনটোত তেজপুৰত ৩৭ ডিগ্ৰী চেলচিয়াচ উত্তাপৰ বাবে বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয়৷ ইফালে তেজপুৰ চহৰৰ মাজমজিয়াত থকা তেজপুৰ চৰকাৰী বালক বেংগলী বিদ্যালয়তো আজি দহ জন শিক্ষাৰ্থী অসুস্থ হয়। বিগত দুদিনত বহু সংখ্যক শিক্ষাৰ্থী অসুস্থ হৈ পৰে গৰমৰ বাবে। উল্লেখ্য যে – গৰম বৃদ্ধি পোৱাৰ বাবে ইতিমধ্যে কেইখনমান বেচৰকাৰী বিদ্যালয়ে অৰ্ধ ছুটী দিয়াৰ ব্যৱস্থা কৰাৰ বিপৰীতে বহুসংখ্যক চৰকাৰী – বেচৰকাৰী বিদ্যালয়ত তেনে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আৰু সঘনাই বিদ্যুৎ কৰ্তনৰ বাবে ফেন আদি চলাব নোৱাৰা অৱস্থাত অসহ্য গৰমতো পাঠদান অব্যাহত ৰাখিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More