উৎকোচ লওতেই ধৰা পৰিল কনিষ্ঠ অভিযন্তা দেবাশিষ দাস

0 14

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১ জুনঃ পুনৰ উৎকোচ লৈ ধৰা পৰিল এজন কনিষ্ঠ অভিযন্তা। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি থকা অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত আজি গ্ৰেপ্তাৰ হয় দেবাশিষ দাস নামৰ এজন কনিষ্ঠ অভিযন্তা। উৎকোচ লোৱাৰ সময়তে হাতে লোটে ধৰা পৰে পৌৰ প্ৰশাসন কাৰ্যালয়ত কৰ্মৰত কনিষ্ঠ অভিযন্তাজন। দিছপুৰস্থিত অসম পৌৰ প্ৰশাসন সঞ্চালকৰ কাৰ্যালয়ত ২৫ হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগত কনিষ্ঠ অভিযন্তাজনক গ্ৰেপ্তাৰ কৰা হয় বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে। উত্থাপিত অভিযোগ অনুসৰি তেজপুৰৰ কৃৰ্তিকমল তামুলী নামৰ এজন ঠিকাদাৰৰ পৰা কনিষ্ঠ অভিযন্তা দাসে এটা পথৰ ধন মুকলি কৰি দিয়াৰ বাবদ ২৫ হাজাৰ টকা বিচাৰিছিল। পিছত কৃৰ্তিকমল বৰুৱাই এই বিষয়ে দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰোৱাত আজি দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে সংগোপনে এক অভিযান চলাই হাতে লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত কনিষ্ঠ অভিযন্তা দেবাশিষ দাসক। ইতিমধ্যে টুইটাৰ যোগে এই কথা সদৰি কৰিছে শীৰ্ষ আৰক্ষী বিষয়া জি পি সিঙে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More