উৎপাদন হ’ব সবাতোকৈ সস্তা ইলেক্ট্ৰিক গাড়ী! এলন মাস্কক প্ৰত্যাহ্বান ভাৰতীয় উদ্যোগীৰ

0 15

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ অক্টোবৰ : ভাৰতত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ। বহু কোম্পানীয়ে ভাৰতীয় বজাৰত ইটোৰ পিছত সিটোকৈ নিজৰ ইভিসমূহ মুকলি কৰি আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় গাড়ী নিৰ্মাতাসকলৰ মাজতো যথেষ্ট উৎসাহ দেখা গৈছে। দেশৰ সৰ্ববৃহৎ ৰাইড-শ্বেয়াৰিং কোম্পানী ওলাৰ প্ৰতিষ্ঠাপক ভবিশ আগৰৱালায়ো একেই ইংগিত দিছিল। তেওঁ আনুষ্ঠানিকভাৱে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কৰ ইলেক্ট্ৰিক গাড়ী কোম্পানী টেছলাক প্ৰত্যাহ্বান জনায়। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি ওলাৰ প্ৰতিষ্ঠাপক ভবিশ আগৰৱালাই এলন মাস্কক প্ৰত্যাহ্বান জনাইছে সস্তাতম ইলেক্ট্ৰিক গাড়ী নিৰ্মাণৰ বাবে। প্ৰতিবেদন অনুসৰি, ভবিশে তেওঁৰ ওলা ইলেক্ট্ৰিক মবিলিটি প্ৰাইভেট লিমিটেডৰ জৰিয়তে এলন মাস্কৰ কোম্পানী টেছলাক এক কঠিন প্ৰতিযোগিতা দিবলৈ বিচাৰিছে। কেৱল এয়াই নহয়, বিগত সময়ত ভাৰতীয় গাড়ীৰ বজাৰত ইলেক্ট্ৰিক SUV Atto 3 মুকলি কৰা চীনা কোম্পানী BYDৰ নামো এই তালিকাত আছে। ৩৭ বছৰীয়া ব্যৱসায়ী ভবিশ আগৰৱালাই কয়— “বৰ্তমান আটাইতকৈ কম মূল্যৰ টেছলা গাড়ীখনৰ দাম ৫০ হাজাৰ ডলাৰ, যিটো বিশ্বৰ বেছিভাগ মানুহেই দিব নোৱাৰে। গতিকে, আমাৰ হাতত ১০০০ ডলাৰৰ পৰা ৫০,০০০ ডলাৰলৈকে বিভিন্ন বিকল্প গ্ৰহণ কৰাৰ এক সুন্দৰ সুযোগ আছে।” ৰিচাৰ্চ এণ্ড মাৰ্কেটছৰ তথ্য অনুসৰি এই দশকৰ শেষলৈকে ভাৰতৰ বৈদ্যুতিক বাহনৰ বজাৰখন ১৫০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিব। বিশেষকৈ বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত ভাৰতৰ অটোমোবাইল ব্যৱসায়ক এক নতুন দিশলৈ লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ওলাৰ প্ৰতিষ্ঠাতাজনে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More