উৰন্ত বিমানতো‌ পকেটমাৰ! ৮.৫ লাখ টকা চুৰি সহযাত্ৰীৰ

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুলাই : আমি প্ৰায়ে ৰাজহুৱা পৰিবহন, যেনে বাছ আৰু ৰে’লত পকেটমাৰৰ কথা শুনিবলৈ পাওঁ। ভিৰৰ সুযোগ লৈ পকেট চোৰবোৰে বহুতকে সৰ্বস্বান্ত কৰে। যাৰ বাবে যাত্ৰীসকল বিপদত পৰে। চৰম সাৱধানতা অৱলম্বন কৰিলেও পকেট চোৰৰ পৰা হাত সাৰিব নোৱাৰি। কেতিয়াবা আনকি ম’বাইল বা ক্ৰেডিট কাৰ্ডৰ দৰে গুৰুত্বপূৰ্ণ বস্তুও চুৰি কৰে। কিন্তু এইবাৰ যি হৈছে সেই ঘটনাই কাৰ্যতঃ সকলোৰে চকু কপালত তুলিছে। জানিব পৰা মতে, আকাশমাৰ্গতো যাত্ৰীসকল চুৰিৰ সন্মুখীন হ’বলগীয়া হৈছে। আমেৰিকান এয়াৰলাইন্সত যাত্ৰা কৰা এজন যাত্ৰীয়ে বিমানখনৰ ভিতৰত থকা দুজন যাত্ৰীৰ ধন লুটিছিল। অৱশ্যে ইয়াতেই শেষ নহয়। চোৰে দুখন ক্ৰেডিট কাৰ্ডো চুৰ কৰিছিল। সূত্ৰটোৰ মতে, আমেৰিকান এয়াৰলাইন্সৰ বিমানখন বুয়েনছ আয়াৰ্ছৰ পৰা মিয়ামিলৈ গৈ আছিল। ডেইলী মেইলত প্ৰকাশিত এক খবৰ অনুসৰি অভিযুক্তই তেওঁৰ দুই সংগীৰ পৰা মুঠ ৮.৫ লাখ টকা চুৰি কৰিছিল। অভিযুক্তজনৰ নাম ডিয়েগো চেবাষ্টিয়ান ৰেডিঅ’। আমেৰিকান এয়াৰলাইন্সৰ এ এ ফাইট ৯০০ বিমানখন মিয়ামিত অৱতৰণ কৰাৰ পিছত তেওঁক আটক কৰি শুল্ক আৰু সীমা সুৰক্ষাৰ বিষয়াসকলে সোধা-পোছা কৰা বুলি জানিব পৰা গৈছে। তদুপৰি বিমানখনত থকা ব্যক্তিজনৰ আচৰণো সন্দেহজনক বুলি বিমান সংস্থাটোৰ কৰ্মচাৰীসকলে জানিবলৈ দিয়ে। বাৰে বাৰে তেওঁ নিজৰ আসনত উঠা-বহা কৰি আছিল। আনকি তেওঁ কিছু সময় আন এখন আসনত বহি থকাৰ অভিযোগো উত্থাপন হৈছে। কেৱল সেয়াই নহয়, এটা সময়ত ৰেডিঅ’ৰ হাতত এগৰাকী মহিলাৰ মানিবেগো উদ্ধাৰ হৈছিল। বিমানখন মিয়ামিত উপস্থিত হোৱাৰ পিছতে পকেটমাৰক গ্ৰেপ্তাৰ কৰা হয়। তালাচীত ধৰা পৰিল ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ৮.৫ লাখ টকা। লগতে দুখন বেলেগৰ ক্ৰেডিট কাৰ্ড। মন কৰিবলগীয়া যে বুয়েনছ আয়াৰ্ছৰ পৰা মিয়ামিলৈ বিমান যাত্ৰাত চাৰে ন ঘণ্টা সময় লাগিছিল। সেই সময়ছোৱাতে বিমানখনৰ ভিতৰৰ ৰেডিঅ’ই বাৰে বাৰে সন্দেহজনক কাম কৰিবলৈ আৰম্ভ কৰিছিল। বিমানখন মিয়ামিত উপস্থিত হোৱাৰ লগে লগে সংশ্লিষ্ট কৰ্মচাৰীসকলে বিষয়টো কৰ্তৃপক্ষক অৱগত কৰে। যাৰ পৰিপ্ৰেক্ষিতত পিছত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত ৰেডিঅ’ক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More