উৰন্ত যাদুঘৰত ফুটবলৰ ৰাজপুত্ৰ

মাৰাডোনাক শ্ৰদ্ধা জনাবলৈ বিশেষ বিমান

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মে’ : এইবাৰ ফুটবলৰ ৰাজকুমাৰ ডিয়োগো মাৰাডোনাক সন্মান জনাবলৈ নিৰ্মাণ কৰা হ’ল এখন বিশেষ বিমান। আৰ্জেণ্টিনাৰ ‘ফিনটেক’ নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰিছে এই বিশেষ বিমানখন। ২০২০ চনৰ নৱেম্বৰ মাহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল কিংবদন্তী ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ। আৰু এতিয়া কাটাৰত অনুষ্ঠিতব্য ফিফা বিশ্বকাপৰ পূৰ্বে প্ৰয়াত ফুটবলাৰজনক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে ফিনটেকে নিৰ্মাণ কৰিছে ১২খন আসনযুক্ত এই বিশেষ বিমানখন। বিমানখন আচলতে এক উৰন্ত যাদুঘৰ। এই বিশেষ বিমানখনৰ নাম ৰখা হৈছে TANGO D10S। বিমানখনৰ বাহিৰৰ অংশত আছে ১৯৮৬ চনৰ বিশ্বকাপত চুম্বনৰত মাৰাডোনাৰ বৃহদাকাৰ ছবি। কেৱল এয়াই নহয়, বিমানখনত মাৰাডোনাৰ আৰু বহু ছবি আছে। দুয়োখন ডেউকাত আছে ১৯৮৬ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে মাৰাডোনাই কৰা দুটা গ’লৰ ছবি। সোঁফালৰ ডেউকাত আছে সেই বহু বিতৰ্কিত ‘হেণ্ড অব গড’ গ’লটোৰ ছবি। বিমানখনৰ শেষৰ অংশতো আছে মাৰাডোনাৰ মুখাবয়ৱৰ ছবি। ফিনটেক কোম্পানীৰ মুখ্য বিষয়া গেচটন কলকেৰে কৈছে— “মাৰোডোনাৰ নামত পগলা হ’ব পৰা মানুহ মই। প্ৰতিটো নিশা শোৱাৰ সময়ত মই মাৰাডোনাৰ ভিডিঅ’ চোৱা মানুহ। মাৰাডোনাৰ মৃত্যুৰ পিছত এইটোৱেই প্ৰথম বিশ্বকাপ, হয়তো লিয়নেল মেচিৰো শেষৰটো বিশ্বকাপ হ’ব। সেয়ে ডিয়েগোৰ বাবে মই এখন বিমান নিৰ্মাণ কৰাৰ কথা ভাবিছিলোঁ। আৰু এতিয়া নিৰ্মাণ কৰিবও পাৰিলোঁ। এই TANGO D10S প্ৰত্যক্ষ কৰাৰ পিছত ১৯৮৬ চনৰ বিশ্বকাপজয়ী দলৰ মাৰাডোনাৰ সতীৰ্থসকল চমকি উঠিছে।” ফিনটেকৰ তৰফৰ পৰা জনোৱা হৈছে যে, এই বিশেষ বিমানখন এতিয়া আৰ্জেন্টিনাৰ বিভিন্ন ঠাইত ঘূৰিব আৰু বিশ্বকাপ আৰম্ভ হোৱাৰ আগে আগে কাটাৰত উপস্থিত হ’ব। শেষ পৰ্যন্ত কোনো সংস্থাৰ বাবে নীলাম কৰাৰ পূৰ্বে কোনো লোকে ব্যক্তিগতভাৱে ভাৰালৈয়ো ল’ব পাৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More